ৰাতি বাহী হৈ যোৱা ভাতত লুকাই আছে স্বাস্থ্যৰ ধন, জানক ইয়াৰ আশ্চৰ্যজনক লাভালাভ Leftover Rice Health Benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 27, 2021

ৰাতি বাহী হৈ যোৱা ভাতত লুকাই আছে স্বাস্থ্যৰ ধন, জানক ইয়াৰ আশ্চৰ্যজনক লাভালাভ Leftover Rice Health Benefits

Leftover Rice Health Benefits

কেতিয়াবা ৰন্ধা ভাত আমাৰ ঘৰত বাছি যায় তেতিয়া আমি অপ্ৰয়োজনীয় বুলি পেলাই দিওঁ নাইবা হাহ, মুৰ্গী, পাৰ আদিক খাব দিও । কিন্তু এতিয়াৰ পৰা ঘৰত যদি ৰন্ধা ভাত বাছি যায় তেতিয়া সেইবোৰ কেতিয়াও পেলাই নিদিব। আপুনি কিন্তু জানি আচৰিত হব যে বাছি যোৱা ভাত বা পইতা ভাত হৈছে স্বাস্থ্যৰ এক ভাণ্ডাৰ।

Leftover Rice Health Benefits

আজিৰ পৰা যদি আপোনাৰ ঘৰত যদি ৰন্ধা ভাত বাছি যায় (বিশেষকৈ গৰমৰ দিনত),  ইয়াক পেলাই দিয়াৰ সলনি গোটেই ৰাতি মাটিৰ পাত্ৰত পানীৰ সৈতে ভিজাই ৰাখক। ৰাতিপুৱালৈ, এই চাউলবোৰ ফুলি কোমল হৈ যাব । আপুনি বিচাৰিলে  ৰাতিপুৱাৰ আহাৰত নাইবা দুপৰীয়াৰ আহাৰত কেঁচা পিয়াজৰ সৈতে এই পইতা ভাত খাব পাৰে। বহুতৰ বাবে ই প্ৰিয়  নহ'লেও, এনে পইতা ভাত খোৱাৰ লাভালাভে নিশ্চিতভাৱে আপোনাক আচৰিত কৰিব। 

Leftover Rice Health Benefits পইতা ভাতৰ আচৰিত লাভ

1.পইতা ভাত সাধাৰণতে শীতল হয় । শৰীৰৰ তাপ বৃদ্ধিৰ ফলত আপোনাৰ বহুতো স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। পইতা ভাতে আপোনাক এই ৰোগবোৰৰ পৰা সুৰক্ষা দিয়ে। যদি আপুনি আমি কোৱা ধৰণে পইতা ভাত প্ৰস্তুত কৰি প্ৰতিদিনে খায় তেন্তে ই আপোনাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে ।

2. পইতা ভাত খালে পেট সম্পৰ্কীয় বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰি । ই শৰীৰৰ পৰা ক্ষতিকাৰক আৰু গৰম আঁতৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও, পইতা ভাতত যথেষ্ট পৰিমাণে আঁহ থাকে, যি কোষ্ঠকাঠিন্যত সহায় কৰে।

3. পইতা ভাতে আপোনাক দিনটোৰ বাবে সতেজ কৰি ৰাখে। ই গোটেই দিনটো কাম কৰিবলৈ শক্তি প্ৰদান কৰে। 

লগতে পঢ়ক -  ডায়েবেটিচৰ পৰা ৰক্তচাপলৈকে বাহী ৰুটি  খোৱাৰ অজস্ৰ লাভালাভ

4.  পুষ্টিসমৃদ্ধ পইতা ভাতত বহুতো পুষ্টি থাকে। এই পুষ্টিবোৰ হৈছে লো, পটাছিয়াম আৰু কেলচিয়াম। এইবোৰে শৰীৰটো স্বাস্থ্যৱান ৰখাত সহায় কৰে । 

5. বহুলোকে ভাবে যে ভাতে ওজন বৃদ্ধি কৰাত সহায় কৰে। কিন্তু আপুনি জানে নে পইতা ভাতত কম কেলৰি আৰু অধিক আঁহ থাকে। সেইকাৰণে ই ওজন হ্ৰাস কৰাত কাৰ্যকৰী হয়।   

6. যদি আপোনাৰ আলচাৰৰ সমস্যা আছে তেন্তে সপ্তাহত তিনিবাৰ পইতা ভাত খাব। ই সোনকালেই আপোনাৰ ঘা আৰোগ্য কৰাত সহায় কৰিব ।

 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/amazing-health-benefits-of-stale-rotis.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close