কৰোণা ভেকচিন - কভিশ্বিল্ড, কোভেকছিন আৰু স্পুটনিক ভিৰ ভিতৰত আটাইতকৈ কাৰ্যকৰী কোনটো, পাৰ্থক্য জানক । sputnik v vs covaxin vs covishield - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, May 31, 2021

কৰোণা ভেকচিন - কভিশ্বিল্ড, কোভেকছিন আৰু স্পুটনিক ভিৰ ভিতৰত আটাইতকৈ কাৰ্যকৰী কোনটো, পাৰ্থক্য জানক । sputnik v vs covaxin vs covishield

ভাৰতত কিছুদিন আগলৈ দুটা কোম্পানীৰ ভেকছিন প্ৰদান কৰা হৈছিল যদিও এতিয়া ৰাছিয়াৰ স্পুটনিক ভিও জুনৰ দ্বিতীয় সপ্তাহৰ পৰা বজাৰত উপলব্ধ হব । ইয়াৰ অৰ্থ হৈছে যে দেশখনত এতিয়া কৰোনা প্ৰতিৰোধ কৰিবলৈ তিনিটা ভেকছিন থাকিব। ভাৰতত নিৰ্মিত ভেকছিন হিচাপে কোভেকছিন আৰু কভিশ্বিল্ড , আনহাতে তৃতীয় ভেকছিনটো হৈছে ৰাছিয়াৰ স্পুটনিক ভি ভেকছিন। কিন্তু আপুনি এই তিনিটা ভেকচিনৰ সবিশেষ জানেনে? এই তিনিওটাৰ মাজৰ পাৰ্থক্য জানেনে? তিনিটাৰ ভিতৰত কোনটো অধিক কাৰ্যকৰী? গতিকে কোভেকছিন, কভিশ্বিল্ড আৰু স্পুটনিক মাজৰ পাৰ্থক্যৰ বিষয়ে জানো আহক । 
sputnik v vs covaxin vs covishield

কোভেকছিন (কভাক্সিন)  

কোভেকছিন (কভাক্সিন) নামৰ কৰোণা ভেকছিনবিধ ভাৰতৰ হায়দৰাবাদতস্থিত ভাৰত বায়োটেকে প্ৰস্তুত কৰি আছে। এই ভেকছিনত দুটা পালি দিয়া হয়। পালি দুটাৰ মাজত 4 সপ্তাহৰ ব্যৱধান থাকিব লাগে। কোভেকছিন হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথম কৰোনা ভেকছিন।     
  • ইয়াক দুটা পালিত প্ৰয়োগ কৰা হয়, 4 সপ্তাহৰ ব্যৱধানৰ সৈতে।     
  • কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভেকছিন প্ৰায় 80% কাৰ্যকৰী।    
  • 18 বছৰৰ ওপৰৰ কলোৱে এই ভেকছিন গ্ৰহণ কৰিব পাৰে।  

লগতে পঢ়ক - প্ৰসাৱ থিয় হৈ কৰা উচিত নে বহি ? জানো আহক।

কভিশ্বিল্ড (কভিশ্বিল্ড)  

কভিশ্বিল্ড ভেকছিনও ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰি থকা হৈছে। এই ভেকছিনটো 2-8 ডিগ্ৰী চেণ্টিগ্ৰেডত সংৰক্ষণ কৰিব পাৰি। 

  • ভাৰতত প্ৰদান কৰা কভিশ্বিল্ড ভেকছিন প্ৰায় 70% কাৰ্যকৰী। 
  • 6-8 সপ্তাহৰ ব্যৱধানত কভিশ্বিল্ড প্ৰয়োগ কৰা হয়। কিন্তু চৰকাৰে এই ব্যৱধানটো 12-16 সপ্তাহ লৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। 

স্পুটনিক ভি (স্পুটনিক ভি)  

ভাৰতক এই পৰ্যন্ত কোভিডশ্বিল্ড আৰু কোভেকছিন প্ৰদান কৰা হৈছিল যদিও যোৱা মাহত ৰাছিয়াৰ স্পুটনিক ভি-য়েও জৰুৰীকালীন অনুমোদন লাভ কৰিছে। এই ভেকছিনটো অহা মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব। ই হৈছে বিশ্বৰ প্ৰথম কৰোনা ভেকছিন, যাক ৰাছিয়াই বিকশিত কৰিছে। এতিয়ালৈকে, বিশ্বৰ 60 খন দেশে এই ভেকছিনটো অনুমোদন জনাইছে। 

  • ৰাছিয়াৰ স্পুটনিক ভি হৈছে 91.6 শতাংশ কাৰ্যকৰী ভেকছিন।     
  • ইয়াৰ দুয়োটা পালিৰ মাজত 21 দিনৰ ব্যৱধান হব লাগিব ।   
  • জুন মাহৰ পৰা ভাৰতীয় বজাৰত ই উপলব্ধ হব । 

     

      https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/sputnik-v-vs-covaxin-vs-covishield.html 

    "Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close