How Much Water Should We Drink Per Day
এই কথাষাৰ সচৰাচৰ শুনা যায় যে সকলোৱে স্বাস্থ্যৰ বাবে প্ৰায় দৈনিক ৮ গিলাচ পানী খাব লাগে, কিন্তু প্ৰকৃততে শৰীৰে প্ৰয়োজন হোৱা পানীৰ পৰিমাণ বিভিন্ন দিশৰ ওপৰত নিৰ্ভৰ কৰে। যেনে ব্যক্তিজনৰ লিংগ, বয়স, শাৰীৰিক কাৰ্যকলাপ আৰু চাৰিওফালৰ জলবায়ু। এনে পৰিস্থিতিত, আপোনাৰ বয়স আৰু শাৰীৰিক গঠন অনুসৰি কিমান পানী খাব লাগে জনাটো অতি গুৰুত্বপূৰ্ণ। সেই বিষয়েই আজি আমি আপোনাক জনাম । যদি আমাৰ এই লিখনিটো গুৰুত্বপূৰ্ণ বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব ।
Water Consumption depending upon your Health
স্বাস্থ্য বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে যিজন ব্যক্তিৰ দুয়োটা কিডনী সঠিকভাৱে কাম কৰি আছে তেওঁ প্ৰতিদিনে তেওঁৰ শৰীৰৰ ওজনৰ অনুপাতত প্ৰতি কিলোগ্ৰামত ৩০ মিলি পানী খাব লাগে। একে সময়তে, আপুনি জনা উচিত যে বয়স অনুসৰি শৰীৰক কিমান পানীৰ প্ৰয়োজন। প্ৰায় মানুহে বয়স বাঢ়ি অহাৰ লগে লগে খোৱা পানীৰ পৰিমাণ হ্ৰাস কৰে, কিন্তু প্ৰকৃততে তেঁওলোকে এক নিৰ্দিষ্ট পৰিমাণৰ পানী খোৱাটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে 1 বছৰৰ পৰা 60 বছৰ বয়সৰ এজন ব্যক্তিয়ে সুস্বাস্থ্যৰ বাবে কিমান পানী খাব লাগিব জানো আহক ।
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
Water Consumption by age
দৰাচলতে, একৰ পৰা আঠ বছৰ বয়সৰ শিশুৱে দৈনিক প্ৰায় ১.৩ ৰ পৰা ১.৭ লিটাৰ পানী খাব লাগে অৰ্থাৎ পাঁচৰ পৰা ছয় গিলাচ। ৯ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰসকলে প্ৰায় আঢ়ৈ লিটাৰ অৰ্থাৎ প্ৰায় ১২ গিলাচ পানী খাব লাগিব। ১৮ বছৰৰ পৰা ৬০ বছৰ বয়সলৈকে পুৰুষসকলে দৈনিক ১৪ (14) গিলাচ পানী বা তিনি লিটাৰ পানী খাব লাগে। আনহাতে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই দৈনিক প্ৰায় 2.2 লিটাৰ পানী, বা প্ৰায় 10 গিলাচ পানী খাব লাগে।
No comments:
Post a Comment