Eating bananas with hot water
আজিকালি প্ৰায় বহু লোকে পেট কমাবলৈ ডায়েটিং আৰম্ভ কৰা দেখা যায় । কিছুমান মানুহে ফেশ্বনৰ কাৰণে ওজন হ্ৰাস কৰিবলৈ কেৱল আধা পেটহে খায় যাতে ওজন বৃদ্ধি নহয়। কিন্তু আপুনি জানে যে কল খাই আপুনি ওজন হ্ৰাস কৰিব পাৰে। বহু মানুহে ধাৰণা কৰে যে কল খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি হয়, কিন্তু আমি আপোনাক এনে এটা প্ৰতিকাৰৰ বিষয়ে কম যিটো আপুনি পাতল শৰীৰ পাবলৈ ব্যৱহাৰ কৰিব পাৰে।
মানুহে অধিক শক্তি পাবলৈ ৰাতিপুৱাৰ আহাৰত কল খাবলৈ পছন্দ কৰে। ৰাতিপুৱাৰ আহাৰত কল খালে শক্তিৰ লগতে চুক্ৰোজ, ফ্ৰুক্টোজ আৰু গ্লুকোজৰ দৰে পুষ্টি লাভ কৰা যায় । ৰাতিপুৱাৰ আহাৰত কল খালে দুপৰীয়ালৈকে ভোক অনুভৱ নহয়। ই আপোনাৰ পেটতো ভৰ্তি ভৰ্তি অনুভৱ কৰায়।
কলৰ সৈতে গৰম পানী খোৱাটো কিমান উপকাৰী Eating bananas with hot water
গোটেই পৃথিৱীৰ মানুহে তেওঁলোকৰ আহাৰত অধিম মাত্ৰাত কল ব্যৱহাৰ কৰে। আচৰিত কথা এই যে অধিম মাত্ৰাত কল ব্যৱহাৰৰ ফলত জাপানত কলৰ অভাৱ হবলৈ ধৰিছে । কিন্তু আপুনি জানেনে নে ৰাতিপুৱা কল খোৱাৰ পিছত একাপ গৰম পানী খালে ওজন হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ?
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
Start Your Day With A Banana And A Cup Of Warm Water
আপুনি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কল আৰু গৰম পানী অন্তৰ্ভুক্ত কৰিলে আচৰিত লাভ পাব পাৰে। কলৰ সৈতে মাত্ৰ একাপ গৰম পানী ব্যৱহাৰ কৰিলে ই কেৱল আপোনাৰ ওজন হ্ৰাস কৰাই নহয় লগতে আপোনাৰ দেহাৰ সঠিক আকাৰ তৈয়াৰ কৰাতো সহায় কৰিব পাৰে। এতিয়ালৈকে কৰা কেইবাটাও গৱেষণাই ৰাতিপুৱাৰ আহাৰত কল খোৱাৰ সৰ্বশ্ৰেষ্ঠ লাভ থকা বুলি কোৱা হৈছে।
ৰাতিপুৱাৰ আহাৰত কলৰ সৈতে গৰম পানী খোৱাটোৱে আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰখাত সহায় কৰে আৰু লগতে শক্তিৰ স্তৰ বজাই ৰাখে। কলৰ সৈতে গৰম পানী গ্ৰহণ কৰিলে হজম উন্নত হয়। গৰম পানী হৈছে এক প্ৰাকৃতিক টনিক। ই শৰীৰক হাইড্ৰেট কৰে আৰু অক্সিজেনৰ স্তৰ বৃদ্ধি কৰে। কল খোৱাৰ পিছত আপুনি সতেজ অনুভৱ কৰে। কলৰ সৈতে এগিলাচ গৰম পানী খালে অতিৰিক্ত কেলৰি আৰু অতিৰিক্ত চেনী অবিহনে আপোনাক যথেষ্ট শক্তি আৰু সুস্বাস্থ্ যলাভ কৰিব পাৰে।
No comments:
Post a Comment