আপুনি দেখা এই 5 টা সপোনৰ কথা কাৰো আগত উল্লেখ নকৰিব, অন্যথা সমস্যাত পৰিব Why You Shouldn't Tell People about Your Dreams - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, April 17, 2021

আপুনি দেখা এই 5 টা সপোনৰ কথা কাৰো আগত উল্লেখ নকৰিব, অন্যথা সমস্যাত পৰিব Why You Shouldn't Tell People about Your Dreams

Why You Shouldn't Tell People about Your Dreams

আমি সকলোৱে শুই থাকোঁতে সপোন দেখা পাও। সপোনদেখা টো এটা স্বাভাৱিক প্ৰক্ৰিয়া যি সকলোৰে ক্ষেত্ৰত হয়। কিছুমান সপোন আছে যিবোৰ আমাৰ শুই উঠাৰ পিছত মনত নাৰাখো, আনহাতে আন কিছুমান সপোন আছে যিবোৰ আমি সাৰ পোৱাৰ পিছতো ভালদৰে মনত ৰাখোঁ।আপুনি নিশ্চয় বহুবাৰ শুনিছে বা নিজেই কৈছে যে মই আজি সপোন এইটো  বস্তু দেখিছিলো। হয়, আমি প্ৰায়ে আমাৰ সপোনবোৰ আনৰ সৈতে ভাগ বতৰা কৰোঁ। কিন্তু খুব কম মানুহে জানে যে কিছুমান সপোন আছে যিবোৰ আমি কাৰো ওচৰত উল্লেখ কৰা উচিত নহয়। শাস্ত্ৰৰ মতে, এনে কৰাটো ভুল। ইয়াৰ ফলত সেই সপোনৰ দ্বাৰা হবলগীয়া ভৱিষ্যতৰ ফলসমূহ ধ্বংস হব। তেনে ক্ষেত্ৰত, আজি আমি আপোনাক জনাম কোনবোৰ সপোন দেখিলে আনৰ আগত বৰ্ণনা কৰিব নালাগে ।
dream

 
1.প্ৰকৃতিৰ সৈতে সম্পৰ্কিত সপোন (Natural Dream) - যদি আপুনি এনেকুৱা সপোন দেখিছে য'ত আপুনি প্ৰকৃতিৰ অতি ওচৰত আছে তেনে সপোন আনৰ আগত বৰ্ণনা নকৰিব। সাগৰ, উদ্ভিদ, পৰ্বত, নদীৰ দৰে বস্তুবোৰ সপোনত দেখাৰ অৰ্থ হৈছে যে অতি সোনকালে আপোনাৰ জীৱনলৈ ভাল খবৰ আহি আছে। যিদৰে আমাৰ মন প্ৰকৃতিৰ কাষ চাপিবলৈ পাই আনন্দিত হয়, তেনেদৰে এনে সপোনৰ অৰ্থও একে হয়। কিন্তু যদি আপুনি কাৰোবাক এই সপোনৰ বিষয়ে কয়, তেন্তে আপুনি সপোনৰ ফলৰ পৰা বঞ্চিত হ'ব পাৰে।
2.মৰা মানুহ দেখা (Death in Dream) - প্ৰায়ে আমাৰ এনেধৰণৰ সপোনোও থাকে য'ত আমি নিজৰ বা আন কাৰোবাৰ মৃত্যু দেখিবলৈ পাওঁ। এনেধৰণৰ সপোন দেখি আমাৰ মনটো বৰ বিচলিত হৈ পৰে।  যদি আপুনি এনে সপোন দেখিছে , আতংকিত নহ'ব। কিয়নো এনেকুৱা মৃত্যুৰ সপোনবোৰে আপোনাৰ সমস্যাবোৰ দূৰ কৰাৰ অনুমান দেখুৱায়। কিন্তু যদি আপুনি কাৰোবাৰ ওচৰত এই সপোনৰ কথা উল্লেখ কৰে, সপোনটোৰ প্ৰভাৱ আঁতৰ হয় যায়।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

3.সাপ দেখা (Snakes in Dream) - সপোনত সাপ দেখিলে ভয় খোৱাৰ প্ৰয়োজন নাই। সাপ দেখিলে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ ইংগিত বহন কৰে। অৰ্থাৎ সপোনত সাপ দেখিলে আপুনি ধন লাভ কৰাৰ সম্ভাৱনা থাকে। গতিকে আপুনি এই সপোনটোৰ বিষয়ে আন কাকোকে কোৱা উচিত নহয়। কিয়নো শাস্ত্ৰ অনুসৰি এনে কৰিলে আপুনি ইয়াৰ ফল লাভ কৰিব নাপাব ।
 
4.ভগবানৰ দৰ্শন হোৱা (Gods in Dream) – যদি আপোনাৰ সপোনত ঈশ্বৰৰ দৰ্শন হয় তেন্তে আপোনাৰ জীৱনত অতি সোনকালেই সুখ আহিব। সপোনত ঈশ্বৰৰ দৰ্শনৰ অৰ্থ হৈছে এক ডাঙৰ সফলতা। আপুনি এই সপোনটো কাকো উল্লেখ কৰা উচিত নহয়, অন্যথা আপোনাৰ সপোনৰ ফলবোৰ নাপাব। 
5.সপোনাৰ মাছ দেখা (Fish in Dream) - যদি আপুনি সপোনত যিকোনো ধৰণৰ মাছ ওপঙি থকা বা ৰন্ধা বা খোৱা দেখিছে তেন্তে এই সপোনটো কেতিয়াও আনৰ আগত উল্লেখ কৰিব নালাগে। কিয়নো সপোনত মাছ দেখাৰ অৰ্থ হৈছে যে আপুনি সোনকালেই ধনৰ পৰা লাভান্বিত হ'ব।

লগতে পঢ়ক - ৮ গিলাচ নহয়, বয়স অনুসৰি আপুনি কিমান পানী খাব লাগিব ?

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/why-you-shouldnt-tell-people-about.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

1 comment:

  1. ভাল লাগিল নিজকে আপোনাৰ সপোনৰ কেইটামান পৰাৰ্মশ পাই,,,

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close