কেতিয়াও ভুলতো এই 7 টা বস্তু মুখত ব্যৱহাৰ নকৰিব , ক্ষতি হ'ব | Things not to put on face - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, April 13, 2021

কেতিয়াও ভুলতো এই 7 টা বস্তু মুখত ব্যৱহাৰ নকৰিব , ক্ষতি হ'ব | Things not to put on face

মহিলাসকলে মুখৰ সৌন্দৰ্য বঢ়াবলৈ কি কি নকৰে আমি সকলোৱে জানো । ব্যয়বহুল সৌন্দৰ্য সামগ্ৰীৰ উপৰিও, তেওঁলোকে বহুতো ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰে । আৰু কেতিয়াবা মুখত এনে কিছুমান বস্তু প্ৰয়োগ কৰে যি লাভৰ সলনি ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত,মহিলাসকলে জনা উচিত কিহৰ ফলত ছালৰ ক্ষতি হ'ব পাৰে।
Things not to put on face

 

1. ভিনেগাৰ কিছুমান মহিলাই মুখৰ দাগ আঁতৰাবলৈ ভিনেগাৰ ব্যৱহাৰ কৰে, কিন্তু যদি ভিনেগাৰত পানী মিহলি নকৰাকৈ মুখত প্ৰয়োগ কৰা হয়, ইয়াৰ ফলত ছালৰ খজুৱতি আৰু দাগ হ'ব পাৰে।   

2. বিয়েৰ  মুখত বিয়েৰ লগালে ইয়াত থকা এচিডে ছাল শুকান কৰাৰ লগতে ছালৰ জ্বলা-পোৰাও কৰিবও পাৰে ।  

 

3. বেকিং চডা যদিও বেকিং চডাৰ দ্বাৰা ছালৰ বহুতো লাভালাভ আছে,কিন্তু পানী যোগ নকৰাকৈ ছালত প্ৰয়োগ কৰিলে শালমইনা আৰু দাগো হ'ব পাৰে। 

4. পুদিনা কিছুমান মহিলাই পুদিনা পাত পিহি মুখত মাক্স হিচাপে ব্যৱহাৰ কৰে কিন্তু ইয়াৰ ফলত ছাল ৰঙা পৰা আৰু শালমইনা হোৱাৰ আশাংকা থাকে ।

5. টুথপেষ্ট মুখত টুথপেষ্ট প্ৰয়োগ কৰিলে ছালত খহটা হয় আৰু অকালতে কোঁচ পৰা সমস্যা দেখা দিয়ে।

 6. বডী লোচন হাত আৰু ভৰিৰ আদ্ৰতা আঁতৰাবলৈ বডী লোচন ব্যৱহাৰ কৰা হয় কিন্তু যদি মুখত বডী লোচন প্ৰয়োগ কৰা হয় তেন্তে ৰং ক'লা হৈ পৰে।

7. ভেচেলিন কিছুমান মহিলাই ছালৰ মুখত ভেচেলিন প্ৰয়োগ কৰে কিন্তু ইয়াৰ ফলত ধুলিৰ কণাবোৰ ছালত লাগি থাকে, যাৰ ফলত মুখৰ ছালৰ সুৰু সুৰ ছিদ্ৰবোৰ বন্ধ হয়।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/7-things-not-to-put-on-face.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close