পিৰিয়ডচৰ সময়ৰ অসহনীয় বিষৰ পৰা মুক্তি । ঘৰুৱা বিধান জানি থওক। Remedies For Period Pain or Menstrual cramps - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, March 22, 2021

পিৰিয়ডচৰ সময়ৰ অসহনীয় বিষৰ পৰা মুক্তি । ঘৰুৱা বিধান জানি থওক। Remedies For Period Pain or Menstrual cramps

Home Remedies For Period Pain or Menstrual Cramps

পিৰিয়ডচ(ঋতুস্ৰাৱ)ৰ প্ৰথম দুই-তিনিদিন সময় প্ৰতিজন মহিলাৰ বাবে কষ্ঠকৰ হোৱা দেখা যায়। কাৰণ এইসময়তেই কিছুমান মহিলাই অসহনীয় বিষ অনুভৱ কৰে । মহিলাসকলৰ পেট আৰু ককালৰ বিষৰ লগতে সঘনাই মেজাজ সলনি হয়। আজি আমি জনাম ঘৰুৱা ব্যৱস্থাৰ জৰিয়তে কিদৰে এই কঠিন সময়খিনিৰ বিষৰ পৰা ৰক্ষা কৰিব পাৰি। যদি লিখনিটো ভালপায় শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্বেয়াৰৰ দ্বাৰাই আমি আগলৈ এনে ধৰণৰ সমিধানৰ লিখনি প্ৰস্তুত কৰাত অনুপ্ৰৰণা যোগায় ।
Tips to get rid of periods pain

আদা আৰু জালুকৰ হাৰ্বেল চাহ (Ginger-Black Mirch Herbal Tea): 

হাৰ্বেল চাহ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ঋতুস্ৰাৱৰ সময়ছোৱাত ই বিষ উপশম কৰাত কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। গাখীৰ অবিহনে আদা আৰু জালুকৰ সৈতে চাহ(Ginger-Black Mirch Herbal Tea) প্ৰস্তুত কৰক । ই কেৱল ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহ দিয়াই নহয় ঋতুস্ৰাৱৰ চক্ৰও নিয়মিত কৰাত সহায় কৰে । 

গৰম পানীৰে গা ধোৱা (Soak in a warm tub)

যেতিয়াই আপুনি ঋতুস্ৰাৱৰ সময়ত গা ধুব পৰাপক্ষত গৰম পানী ব্যৱহাৰ কৰক। ই ককালত থকা বিষৰ লগতে গা বিষৰ পৰাও ৰেহাই দিব । লগতে  ঋতুস্ৰাৱৰ অনিয়মৰ পৰাও মুক্তি পাব।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

গৰম পানী পেডৰ সেক (Hot water Bag): 


বিষ উপশম কৰিবলৈ গৰম পানী পেড বা বেগৰ দ্বাৰা সেক ললেও আৰাম পোৱা যায় ।  ই পেশীৰ স্পাম হ্ৰাস কৰে, যি বিষ উপশম কৰে। গৰম পানীৰ সেক দিয়া বেগ বা পেড কিনিবলৈ ইয়াত ক্লিক কৰক - Click Here

মেথি (Methi)

মেথিয়ে মেদবহুলতা হ্ৰাস কৰাৰ লগতে বৃক্ক, যকৃত আদি স্বাস্থ্যকৰ কৰি ৰাখে। লগতে ই ঋতুস্ৰাৱৰ সময়ৰ বিষ হ্ৰাস কৰাত সহায় কৰে।  এচামুচ মেথি এক গিলাচ পানীত ভিজাই দিয়ক আৰু পিছদিনা এই পানী সেৱন কৰক।

তিল তেলৰ দ্বাৰা মালিচ (Massage)

আয়ুৰ্বেদিক ঔষধত বহু শতিকা ধৰি তিল তেলৰ ব্যৱহাৰ কৰা হৈছে। কাৰণ ইয়াত বহু প্ৰকাৰৰ পুষ্টি থাকে। আয়ুৰ্বেদিক বিশেষজ্ঞ হিচাপে, ঋতুস্ৰাৱৰ সময়ত তলপেটত হাতেৰে মৃদুভাৱে তিল তেলৰ মালিচ কৰক। ই যথেষ্ট সকাহ দিয়ে।

যদি লিখনিটো ভালপায় শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্বেয়াৰৰ দ্বাৰাই আমি আগলৈ এনে ধৰণৰ সমিধানৰ লিখনি প্ৰস্তুত কৰাত অনুপ্ৰৰণা যোগায় ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/remedies-for-period-pain-or-menstrual.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close