অমিতাৰ গুটি পেলাই দিয়ে নিকি ? জানক অমিতা গুটিৰ আচৰিত হবলগীয়া গুণ This seeds have Amazing Benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 23, 2021

অমিতাৰ গুটি পেলাই দিয়ে নিকি ? জানক অমিতা গুটিৰ আচৰিত হবলগীয়া গুণ This seeds have Amazing Benefits

Useful Benefits of Papaya seeds

অমিতাৰ গুটি (Papaya seeds) পেলাই দিয়াৰ সলনি এই গুটি আপোনাৰ ছাল আৰু স্বাস্থ্যৰ বাবেও অতি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। অমিতা এটা অতি সুস্বাদু আৰু স্বাস্থ্যকৰ ফল। বেছিভাগ মানুহে ইয়াক পছন্দ কৰে। কিন্তু আপুনি হয়তো নাজানে যে অমিতাৰ গুটিবোৰ আপোনাৰ স্বাস্থ্য আৰু ছালৰ সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ চিকিৎসা ৰৃপে পৰিগণিত হব পাৰে । ইয়াৰ গুটিবোৰ বহু পুষ্টিৰে সমৃদ্ধ। আজি আমি আপোনালোকক জনাম অমিতাৰ গুটি(Papaya seeds)ৰ দ্বাৰা হব পৰা আচৰিত কেইটামান লাভালাভ ।
 
Papaya Seeds Benefits


ফুলা হ্ৰাস কৰে (Helps to reduce swelling)

হয়তো বহুতে এইটো কম জানে যে অমিতাৰ গুটি আমাৰ শৰীৰ কোনো অংশ ফুলি উঠিলে হ্ৰাস কৰাত সহায় কৰে । এই ফলৰ গুটিবোৰত ভিটামিন চি, এলকালইড, ফ্লেভনইড আৰু পলিফেনলৰ দৰে যোজক পোৱা যায় । এই সকলোবোৰ আঠুৰ বিষৰ বাবে অতি উপযোগী, ই আঠুৰ গাঠি ফুলা হ্ৰাস কৰাত সহায় কৰে ।

ছালৰ বাবে কাৰ্যকৰী(Effective for skin)

অমিতাৰ গুটি যিকোনো ছালৰ সমস্যা দূৰ কৰিবলৈ অতি লাভজনক হিচাপে পৰিগণিত হয়।  ইয়াৰ এণ্টিএজিং গুণ আছে, যি আপোনাক ছালত স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে। অমিতাৰ গুটি খালে বা চোবালে ছাল  শোটোৰা পৰা প্ৰতিহত কৰিব পাৰি

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

বিজাণুবিৰোধী গুণ( AntiBacterial)

অমিতাৰ গুটি এন্টিবেক্টৰিয়েল গুণসম্পন্ন । যদি সীমিত পৰিমাণৰ অমিতাৰ  গুটি গ্ৰহণ কৰা হয়, ই আমাক খাদ্যৰ বিষক্ৰিয়াৰ দৰে ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে। যদি আমি প্ৰতিদিনে এক চামুচ অমিতাৰ গুটি খাওঁ, আমাৰ পেটৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি।

লগতে পঢ়ক - পিৰিয়ডচৰ সময়ৰ অসহনীয় বিষৰ পৰা মুক্তি । ঘৰুৱা বিধান

ডায়েবেটিচৰ বাবে লাভজনক(Beneficial for diabetes)

মধুমেহত ভুগি থকা ৰোগীসকলৰ বাবে অমিতা অতি ভাল বুলি গণ্য কৰা হয়। আঁহ সমৃদ্ধ হোৱাৰ বাবে অমিতাৰ গুটিবোৰ পৰা যথেষ্ট লাভান্বিত হয়। আচলতে, ফাইবাৰৰ ব্যৱহাৰে পাচন শক্তি সামান্য লেহেম কৰে, যাৰ ফলত তেজত অতি কম পৰিমাণৰ চেনী শোষণ কৰা হয়। অৰ্থাৎ কবলৈ গলে , অগ্ন্যাশয়টোৱে ইনচুলিন তৈয়াৰ কৰিবলৈ যথেষ্ট সময় পায়। 

কেন্সাৰবিৰোধী গুণ (Anti-cancer properties )

অমিতাৰ গুটিৰ গুণাগুণ ইয়াত শেষ নহয়। উপৰত উল্লেখ কৰা সকলোবোৰ গুণৰ লগতে অমিতাৰ গুটিৰ অক্সিডেণ্ট-বিৰোধী গুণাগুণ থাকে  যিয়ে আমাক স্তন কৰ্কট, প্ৰষ্টেট কৰ্কট আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে বিভিন্ন কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে।
অৱশ্যে, গৰ্ভৱতী মহিলাসকলে অমিতাৰ গুটি খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ দ্বাৰা গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। লগতে, অতি সৰু শিশুৱেও ইয়াক পৰিহাৰ কৰা উচিত ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/papaya-seeds-benefits.html 


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close