ঘৰৰ ঝাড়ুডালেও সলনি কৰিব পাৰে আপোনাৰ জীৱন ।
ঝাড়ু সাধাৰণতে ঘৰ পৰিষ্কাৰ কৰাৰ এক অন্য়তম আহিলা হিচাপে জনা যায় । ঝাড়ু পৰিষ্কাৰ কৰাৰ এক অত্যাৱশ্যকীয় আহিলা হোৱাৰ উপৰিও আমাৰ সংস্কৃতিত ধন-সম্পত্তি তথা শুভ-অশুভৰ লগতো ইয়াৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰা যায় । বিশ্বাস কৰা হয় যে য'ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আছে, তাতেই লক্ষ্মীৰ আগমন হয় আৰু লেতেৰা ঘৰৰ পৰা দৰিদ্ৰতাৰ সৃষ্টি হয় । আমি আজি জনাম কত কেনেদৰে আৰু কেতিয়া ঝাড়ু কৰিব লাগে আৰু কিদৰে ইয়াৰ দ্বাৰা ঘৰলৈ ধন-সম্পত্তিৰ আগমণ ঘটে ।
ঝাড়ু ক'ত আৰু কেনেদৰে ৰাখিব
ঝাৰুৰ ব্যৱহাৰে ঘৰৰ অৰ্থনৈতিক অৱস্থা প্ৰভাৱিত কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত উন্নতিও হ'ব পাৰে আৰু লগতে দৰিদ্ৰতা নাইবা ক্ষতিও হ'ব পাৰে। বৈজ্ঞানিকভাৱে চাবলৈ গলে ঝাড়ুত বিভিন্ন বেক্টেৰিয়া , ধুলি মাকটি আৰু সৰু-সুৰা কীট-পতংগ আদি থাকিব পাৰে। এইসকলোবোৰ ঝাড়ু ৰখা স্থিতিৰ পৰাও ঘৰত বিয়পিব পাৰে।
সেয়েহে, আমাৰ সংস্কৃতিত ঝাড়ুৰ সৈতে সম্পৰ্কিত নিয়মবোৰ অনুসৰণ কৰিলে লাভান্বিতহে হ'ব ক্ষতি নহয়। ঝাড়ুৰ সৈতে সম্পৰ্কিত নিয়মবোৰ হৈছে:
- ঝাড়ু কেতিয়াও ওলটাকৈ থিয় কৰি ৰাখিব নালাগে।
- ঘৰটোৰ বাহিৰত বা ছাৰৰ ওপৰত ঝাড়ু ৰাখিব নালাগে।
- ঘৰটোৰ সদস্যসকলে বা বাহিৰৰ পৰা ব্য়ক্তিসকলে পোনপটীয়াকৈ দেখা পোৱা স্থানত ঝাড়ু নাৰাখিব।
- আপুনি যদি নতুন ঘৰত প্ৰৱেশ কৰে, তেতিয়া নতুন ঝাড়ু কিনিব লাগে আৰু পুৰণি ঝাড়ু লগত নিব নালাগে।
- ঝাড়ু সদায় দক্ষিণ -পশ্চিম কোণত ৰাখিবলৈ চেষ্টা কৰিব ।
- দিনটোৰ প্ৰথম চাৰিটা প্ৰহৰত ঘৰ ঝাড়ু দিব লাগে , কিন্তু নিশা কেতিয়াও ঘৰ ঝাড়ু দিব নালাগে ।
- ঝাড়ুত কেতিয়াও ভৰি লগাব নালাগে ।
- সন্ধিয়া সুৰস্তৰ সময়ত দিয়া ঝাড়ুৰ ধুলি ঘৰৰ পৰা বাহিৰত পেলাই দিব নালাগে।
- পৰিয়ালৰ কোনো সদস্য এজন ঘৰৰ বাহিৰলৈ যোৱাৰ লগে লগে ঝাড়ু দিয়াটো অমংগলীয়া বুলি গণ্য কৰা হয়।
No comments:
Post a Comment