নিগনি খেদিবলৈ ব্যৱহাৰ কৰক এইটো কিটিপ
নিগনি খেদিবলৈ আপুনি দোকানৰ পৰা এটা পেকেট চাধাৰ পেকেট কিনি আনক । চাধাৰ সলনি চিখৰ,তিৰংগা আদিত পোৱা জৰ্দাও ব্যৱহাৰ কৰিব পাৰে । এতিয়া পেকেটো খুলি চাধাখিনি প্লেট এখনত লওক। তাৰ পিছত দুই চামুচ খাটি ঘিউৰ লগত দুই চামুচ বেচন লৈ অকনমান পানীৰ সৈতে চাধাখিনি মিহলাই লওক । আৰু ৰুটি বনাবলৈ যেনেকৈ দৌ বনাই তেনেক সৰু সৰু লাড়ু প্ৰস্তুত কৰক । ইয়াত ঘি ব্যৱহাৰ কৰাৰ মূল কাৰণটো হল নিগনিয়ে ঘিউৰ গোন্ধ খুব ভাল পায় আৰু আকৰ্ষিত হয় ।
এতিয়া প্ৰস্তুত কৰা এই লাড়ুবোৰ সঘনাই নিগনি দৌৰা দৌৰি কৰা ঠাইবোৰত পেলাই থৈ দিয়ক । ঘিউৰ গোন্ধ পাই নিগনি লাড়ুবোৰৰ প্ৰতি আকৰ্ষিত হৈ সেৱন কৰিব আৰু এই লাড়ু ভক্ষণ কৰাৰ ফলত নিগনিৰ নিচাৰ লগতে পানীৰ পিয়াঁহ ও লাগিব । সেয়ে সেই ঠাইৰ পানীৰ টেপ বোৰ বা পানীৰ উৎস নিগনিয়ে ঢুকি নোপোৱাকৈ ৰাখিব। এনেদৰে এই লাড়ু খাই নিচা লাগি নিগনি আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব ।এই দিহা ব্যৱহাৰ কৰক নিশ্চয় আপোনাৰ ঘৰৰ পৰা নিগনি পলাই পত্ৰং দিব ।
যদিহে আপুনি আমাৰ এই লিখনি ভাল পাইছে তেন্তে এই বাৰ্তা হোৱাটচপত বিলাই দিবলৈ নাপাহৰিব 🙏🙏
নিগনী ইমান বুৰ্বক নে ?
ReplyDeleteApunar upai to dinot ney ratir vagot koribo lagibo. Karon rati duwar khiriki bondha thakiley nigoni polabo kot???
ReplyDelete