Pre Boiled Rice Health Benefits
উখোৱা চাউল আমি সকলোৱা চিনি পাও । ধান পানীত গৰম কৰি ৰ’দত শুকুৱাই উখোৱা চাউল প্ৰস্তুত কৰা হয়। সাধাৰণতে উখোৱা চাউলৰ ভাতৰ আকাৰ ডাঙৰ হয় আৰু ইয়াৰ বাবে বহুতেই এনে চাউল খাবলৈ অশান্তি পায় । কিন্তু এই উখোৱা চাউলত যথেষ্ট পুষ্টিকৰ গুণ আছে।
গ্ৰাম্য অঞ্চলত খোৱা উৎসৱ পাতোতে নতুন ধানৰ পৰা সাধাৰণতে উখোৱা চাউল তৈয়াৰ কৰি ন খোৱা হয়। কাৰণ নতুন ধানৰ চাউলত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট থকা বাবে ইয়াৰ ভাত আঠা আঠা হয়। আনহাতে উখোৱা চাউলৰ ভাত বনালে ইয়াৰ আঠা বা মাৰ কমি যোৱা উপৰিও ভাতকেইটা খাবলৈ জৰজৰিয়া আৰু সোৱাদ লগা হয়। অতীতত আমাৰ সমাজখন যৌথ পৰিয়াল কেন্দ্ৰিক হোৱাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যেনে- চাউল আদ িসৰহ পৰিমাণে প্ৰয়োজন হৈছিল।উখোৱা চাউলৰ ভাত বনালে চাউলৰ ৰাহি হৈছিল যাৰ বাবে প্ৰায়বোৰ পৰিয়ালত আৰৈ চাউলৰ লগতে কিছু অংশ উখুৱা চাউল সংৰক্ষণ কৰি ৰখা হৈছিল।গৰম গৰম উখোৱাচাউলৰ ভাতৰ লগত মাটিমাহৰ আঞ্জা, পচলা ভাজি, হাঁহৰ মাংসৰ জুতি লেখত লবলগীয়া ।
উখোৱা চাউলৰ লাভদায়ক গুণসমূহ Useful Benefits of Pre Boiled Rice Health Benefits -
মধুমেহ ৰোগীৰ বাবে উপকাৰী -
ডায়বেটিচ থকা ৰোগীসকলৰ উপযুক্ত মেগনেছিয়ামৰ অভাৱৰ ফলত ইনচুলিন নিৰ্মাণৰ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ইনচুলিনৰ অভাৱ হোৱা নাইবা ইনচুলিন প্ৰস্তুত নোহোৱাই হৈছে ডায়বেটিচৰ কাৰক । যদি আপুনি প্ৰতিদিনে উখোৱা চাউলৰ ভাত খায়, তেতিয়া আপোনাৰ শৰীৰে প্ৰতিদিনে প্ৰয়োজন হোৱা মেগনেছিয়ামৰ 88 শতাংশ প্ৰাপ্ত কৰে। যাৰফলত ডায়বেটিচ ৰোগীসকলৰ বাবে ই উপকাৰী হব পাৰে ।
অধিক পুষ্টি
বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰাৰ বাবে , উখোৱা চাউলত সাধাৰণ চাউলৰ তুলনাত অধিক ফাইবাৰ, কেলচিয়াম, পটাছিয়াম আৰু ভিটামিন বি-6 পোৱা যায় । অধিক মেংগানিজ থকাৰ বাবে উখোৱা চাউলে ৰক্তচাপ হ্ৰাস কৰাত আৰু হাৰ্ট এটেকৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণৰ জিংক পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
কেন্সাৰৰ পৰা সুৰক্ষিত কৰে
উখোৱা চাউলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট আছে যিয়ে কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
মেদবহুলতা কমাবলৈ উখুৱা চাউল -
উখোৱা চাউলত কেলৰিৰ পৰিমাণ কম থাকে কিয়নো উখোৱা চাউল পাতলকৈ ফুলি থাকে আৰু নিজৰ আকাৰৰ তুনলাত ওজন কম থাকে ।
হজম শক্তি ভাল হয় -
এই উখোৱা চাউলবোৰে পাচন প্ৰণালীক ইয়াৰ কাম সহজে কৰাত সহায় কৰে। সেয়হে ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভোগা সকলে এই চাউল ব্যৱহাৰ কৰিলে সুফল পাব।
ইয়াৰোপৰিও উখোৱা চাউলৰ কেইটামান উপকাৰী গুণ হৈছে -
- থাইৰয়ড থকা লোকে উখোৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন।
- উখোৱা চাউল গেছ থকা লোকৰ বাবে যথেষ্ট উপকাৰী।
- উখোৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে।উখুৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে।
"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."


আপোনাৰ লিখনি পঢ়ি ভাল লাগে আৰু সময়োপযোগী আগলৈ অধিক ভাল উপদেশ মূলক লিখনি পাম বুলি আশা থাকিল ।ধন্যবাদ
ReplyDelete