এইখন গাওঁত ছোৱালীৰ জন্ম হ'লে 111 টা গছ ৰোপণ কৰা হয়, বহু বছৰ ধৰি চলি আহিছে এই পৰম্পৰা । Village Plant Trees on birth of girls - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, December 30, 2020

এইখন গাওঁত ছোৱালীৰ জন্ম হ'লে 111 টা গছ ৰোপণ কৰা হয়, বহু বছৰ ধৰি চলি আহিছে এই পৰম্পৰা । Village Plant Trees on birth of girls

ছোৱালীৰ জন্ম হ'লে 111 টা গছ ৰোপণ কৰাৰ পৰাম্পৰা

আমাৰ দেশৰ নৱৰাত্ৰিৰ অন্তিম দিনা সৰু ছোৱালীবোৰক মা দৰ্গা হিচাপে পূজা কৰা হয়।  কিন্তু এইখন দেশতেই এনে কিছুমান লোকৰ মানসিকতা আজিও আছে যিয়ে  ঘৰত কন্যা সন্তান জন্ম হোৱাটো নিবিচাৰে। যদি ছোৱালীজনীৰ জন্ম হয়, গোটেই ঘৰটোতে দুখৰ পৰিবেশে যেন বিৰাজ কৰে । এই সকলোবোৰৰ উপৰিও, এইখন ভাৰততে আন কিছুমান লোক আছে যিয়ে তেওঁলোকৰ ঘৰত কন্যা সন্তানৰ জন্মত অতি সুখী হয় আৰু বিভিন্ন ধৰণে তেওঁলোকৰ সুখ প্ৰকাশ কৰে। 

cork tree, toothache tree, toothache tree plant

আজি, আমি আপোনাক ভাৰতৰ এনে এখন গাওঁৰ বিষয়ে জনাম য'ত কন্যা সন্তানৰ জন্ম হ'লে 111 টা গছ ৰোপণ কৰি মহোৎসৱ উদযাপন কৰে। গতিকে এনে এক সুন্দৰ উদ্যোগ লোৱা গাৱখনৰৰ বিষয়ে জানো আহক ।

ৰাজস্থানৰ ৰাজচামণ্ড জিলাৰ পিপলাল্ট্ৰি গাওঁৰ লোকসকলে কন্যা সন্তান জন্মৰ সময়ত 111 টা গছ ৰোপণ কৰি তেওঁলোকৰ সুখ প্ৰকাশ কৰে। এই ঐতিহ্য ২০০৬ চনৰ পৰা চলি আহিছে। এই গাওঁৰ জনসংখ্যা প্ৰায় আঠ হাজাৰ । প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে  পিপলাল্ট্ৰি গাওঁত প্ৰায় 60 জনী ছোৱালীৰ জন্ম হয়। আৰু এনেকৈ প্ৰায় এতিয়ালৈকে গাঁওখনত প্ৰায় ২.৫ লাখ গছ ৰোপণ কৰা হৈছে।  গাওঁখনত নিম, আম আদিকে ধৰি আন বহুতো ডাঙৰ গছ আছে। এই গাওঁখনত ছোৱালী যিদৰে ডাঙৰ হয় সেই অনুসৰি গছৰ যত্ন লৈ গছক  ডাঙৰ কৰা হয়।

ঐতিহ্যৰ আৰম্ভণি

কোৱা হয় যে এই পৰম্পৰাৰ আৰম্ভণী গাওঁৰ পূৰ্ব গাঁওপ্ৰাধান শ্যাম সুন্দৰ পালিৱালে আৰম্ভ কৰিছিল। কেইবছৰমান আগতে, গাঁওপ্ৰাধানজনে তেওঁৰ কন্যাক হেৰুৱাইছিল। আৰু তাৰে স্মৃতিত গছ ৰোপনৰ পৰম্পৰা আৰম্ভ হৈছিল। ইয়াৰ উপৰিও, গাওঁবাসীয়ে কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে 21,000 টকা ৰাজহুৱাভাৱে জমা কৰে। তাৰ লগত ছোৱালীজনীৰ পিতৃ-মাতৃয়ে 10,000 টকা যোগ কৰে। আৰু এইদৰে জন্ম হোৱা কন্যাৰ নামত চৰকাৰী বণ্ডত একেলগে 31 হেজাৰ টকা বিনিয়োগ কৰা হয়।

পিপলাল্ট্ৰি গাওঁৰ এই উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়। ই জন্মদিন উদযাপন কৰাৰ লগতে পৰিৱেশৰো লাভান্বিত কৰে। অধিক গছ-গছনি ৰোপন কৰাৰ বাবে, পৰিবেশ পৰিষ্কাৰ হোৱাৰ লগতে পৰিষ্কাৰ বায়ুত উশাহ নিশাহ লোৱাৰ উপৰীও পৃথিৱীখনও সেউজীয়া হয়। ইয়াৰ ফলত ভূমি তলৰ পানীৰ স্তৰ সঠিক হ'ব।

আমি পিপলাল্ট্ৰি গাওঁৰ এই অতুলনীয় উদ্যোগৰ বাবে হৃদয়ৰ পৰা প্ৰশংসা কৰা উচিত আৰু তেঁওলোকৰ এই আদৰ্শ অনুসৰণ কৰা উচিত ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close