মেট্ৰিকত তৃতীয় বিভাগ, হায়াৰ ছেকেণ্ডেৰীত এবাৰ ফেইল কৰিও হল এপিএছ বিষয়া । জানক চৰণ নাৰ্জাৰীৰ সফলতাৰ আৰৰ কাহিনী । ASSAM APSC EXAM SUCCESS SUCESS STORY - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, January 2, 2021

মেট্ৰিকত তৃতীয় বিভাগ, হায়াৰ ছেকেণ্ডেৰীত এবাৰ ফেইল কৰিও হল এপিএছ বিষয়া । জানক চৰণ নাৰ্জাৰীৰ সফলতাৰ আৰৰ কাহিনী । ASSAM APSC EXAM SUCCESS SUCESS STORY

চেষ্টাৰ অসাধ্য একো নাই । কথাষাৰ ১০০ শতাংশই সঁচা । আমাৰ সমাজত সাধাৰনতে মেট্ৰিকত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱাসকলক এক বিশেষ চকুৰে চোৱা হয়, তেঁওলোকৰ ভৱিষ্যত জীৱন যেন অন্ধকাৰ তেনেকৈয়ে বহু অভিভাৱক, আত্মীয় স্বজনে দোষাৰোপ কৰে । কিন্তু আজি আমি আপোনালোকক এনে এজন ব্য়ক্তিৰ বিষয়ে কম যিজনে মেট্ৰিকত তৃতীয় বিভাগ, হায়াৰ ছেকেণ্ডেৰীত এবাৰ ফেইল কৰিও অসমৰ আটাইতকৈ সন্মানীয় আৰু কঠিন পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈ আহিছে । আমি কব ওলাইছো সদ্য় ঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হোৱা চৰণ নাৰ্জাৰীৰ কথা ।

ASSAM APSC EXAM SUCCESS SUCESS STORY

চৰণ নাৰ্জাৰীৰ ঘৰ কোকোঝাৰৰ এখন অতি ভিতৰুৱা গাঁও ৰাণীপুৰ ফৰেষ্ট অঞ্চল । একেখন গাৱৰে পৰা বড়ো মাধ্য়মত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা চৰণ নাৰ্জাৰীয়ে মেট্ৰিকত তৃতীয় বিভাগত ৪০% নম্বৰে উত্তীৰ্ণ হৈছিল । মন কৰিব লগীয়া এই যে সেইসময়ত চৰণেই আছিল গাঁওখনৰ ভিতৰত আটাইতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ । ইয়াৰ পাছত তেঁও বিজ্ঞান শাখাত নামভৰ্তী কৰিছিল যদিও পৰীক্ষাত ফেইল হোৱাত কলা শাখাত নামভৰ্তী কৰে । তাৰ পাছত আকৌ দ্বিতীয় বিভাতত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি অৰ্থনীতি বিষয়ত মেজৰ লৈ B.A পাছ কৰে । B.A পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এটা বিষয়ত বেক্‌  থকা বাবে কেৰেলাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা M.A পৰীক্ষাত উত্তীৰ্ণ হৈ শেহতীয়াভাৱে অসম লোকসেৱা আয়োগৰ (APSC) পৰীক্ষাত সফলতা লাভ কৰিছে । মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বে তেঁও তিনিবাৰকৈ অসম লোকসেৱা আয়োগৰ (APSC) পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰা নাছিল । কিন্তু কোনোদিনে হাৰ মানিব নোখোজা চৰণ নাৰ্জাৰীয়ে শেহতীয়াকৈ লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈ সফলতা অৰ্জন কৰে । 

Charan Narzary Assam APSC Sucess Story
Charan Narzary in 2011

চৰণ নাৰ্জাৰীয়ে অভিযোগ কৰা মতে গাঁও অঞ্চলৰ বহু মানুহে লোকসেৱা আয়োগৰ পৰীক্ষাৰ কথাই নাজানে । তেৱো এই পৰীক্ষাৰ বিষয়ে অৱগত নাছিল । বাহিৰত পঢ়িব গৈহে তেখেতে ইয়াৰ বিষয়ে জ্ঞাত হয় । গাঁওখনৰ ভিতৰত তেৱে হব প্ৰথম চৰকাৰী চাকৰি পোৱা ব্যক্তি । লগতে তেওঁৱে পঢ়া বিদ্যালয় দুখন আজিকোপতি নিময়ীয়াকৰণ হোৱা নাই । তেনে এখন ভিতৰুৱা গাৱৰ পৰা গৈ অসমৰ সৰ্বোচ্চ পৰীক্ষাত উৰ্ত্তীণ হোৱা চৰণ নাৰ্জাৰী আমাৰ বহুতৰে বাবে এক অণুপ্ৰেৰণাৰ বাস্তৱ জীয়া কাহিনী ।চৰন নাৰ্জাৰীৰ ইতিবাচক বাৰ্তা আমাৰ বাবে সুন্দৰ উদাহৰণস্বৰূপ ।আমাৰ সমাজৰ বাবে আদৰ্শ "চৰণ নাৰ্জাৰী"।আমি আশাবাদী অনাগত দিনত সমাজৰ চুকে-কোণে তেওঁৰ দৰে আৰু এনে উচ্চ পদস্থ নিয়োজিত হ'বলৈ তেওঁৰ জীৱন কাহিনী পৰা উৎসাহিত হ'ব । ভাল লাগিলে শ্বেয়াৰ কৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/01/assam-apsc-exam-success-sucess-story.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close