কেৱল 10 টকাৰ এই গছজোপাই 5 লাখ টকাৰ চিকিৎসা বিল বচাব পাৰিব । Dupor Tenga Pat - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, December 26, 2020

কেৱল 10 টকাৰ এই গছজোপাই 5 লাখ টকাৰ চিকিৎসা বিল বচাব পাৰিব । Dupor Tenga Pat

কথাষাৰ আপুনি হয়তো বিশ্বাস নকৰিব পাৰে কিন্তু ই সত্য । কেৱল 10 টকাৰ এই গছজোপাই আপোনাৰ কমেও 5 লাখ টকাৰ চিকিৎসা বিল ৰক্ষা কৰিব পাৰে। গতিকে, আপুনি স্বাস্থ্য বীমা কৰাক বা নকৰাওক, আপুনি এই গছজোপা ব্যৱহাৰ কৰিলে আপোনাক কোনো স্বাস্থ্য বীমাৰ প্ৰয়োজন নহ'ব।  এই উদ্ভিদক বিভিন্ন নামৰে জনা যায়। যেনে দুপৰটেঙা বা পাটেগজা ইত্যাদি। এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে ট্ৰাওফাইলাম পিনেটম। দুপৰটেঙাৰ ব্যৱহাৰ কৰি কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সৈতে সম্পৰ্কিত যিকোনো প্ৰকাৰৰ ৰোগ সঠিকভাৱে নিৰাময় কৰিব পৰা যায় ।
Duprtenga pat health beneifts

দুপৰটেঙা কেনেদৰে ব্যৱহাৰ কৰিব

আয়ুৰ্বেদ শা্স্ত্ৰত দুপৰটেঙা ব্যৱহাৰৰ বাবে বিশেষ নিয়ম আছে। যেন - এই গছৰ কেৱল দুটা পাত ছিঙি পেলাই পৰিষ্কাৰ কৰিব লব লাগে আৰু ৰাতিপুৱা খালী পেটত গৰম পানী সৈতে সেৱন কৰিব লাগে।আৰু যেতিয়া আপুনি প্ৰতিদিনে এনে কৰে, কেইদিনমানৰ ভিতৰতে কিডনীৰ পাথৰবোৰ সম্পূৰ্ণৰূপে ভাঙি শেষ হৈ যাব ।যদি আপুনি দুপৰটেঙা পাত মিহি মিহিকৈ চোবাই খায় বা পকৰি বনাবৰ সময়ত ইয়াক ব্যৱহাৰ কৰে, ই আপোনাৰ স্বাস্থ্যৰ বাবেও লাভজনক হব পাৰে । 

দুপৰটেঙাৰ উল্লেখনীয় ঔষধীয় গুণসমূহ

পেটৰ বিষ: যদি আপোনাৰ পেটৰ বিষ হৈ আছে, অলপ দুপৰটেঙাৰ ৰস উলিয়াই লৈ তাৰ সৈতে অলপ আদা পাউডাৰ মিহলি কৰক । পিছত ইয়াক সেৱন কৰক। ই পেটৰ বিষ উপশম কৰে।
পাথৰ - যদি প্ৰস্ৰাৱৰ ৰাস্তাত পাথৰ থাকে, দহটা দুপৰটেঙা পাত লওঁক আৰু  এক গিলাচ পানীৰে মিহলি কৰি  প্ৰতিদিনে খালী পেটত সেৱন কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে মাত্ৰ ১০ৰ পৰা ১৫ দিনৰ ভিতৰত প্ৰস্ৰাৱৰ যোগেৰে ভাঙি ওলাই যায়।ইয়াৰ উপৰিও, অন্যান্য মূত্ৰাশয়ৰ ৰোগতো দুপৰটেঙা পাত কাৰ্যকৰী হয় । 
মূত্ৰাশয় ৰোগ-  10 টা দুপৰটেঙা পাত এক গিলাচ পানীত উতলাই দিয়ক কাঢ়া প্ৰস্তুত কৰক। প্ৰতি ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰিব। নিয়মীয়া 5 দিনৰ বাবে এনে কৰিলে সকলো মূত্ৰাশয়ৰ ৰোগ উপশম হ'ব।
ফোহা আতৰায়- দুপৰটেঙাৰ অনেক লাভালাভ আছে আৰু ইয়াৰ ব্যৱহাৰে ফোহা সমস্যাৰ পৰাও মুক্তি পোৱাত সহায় কৰে। ফোহা হলে দুপৰটেঙাৰ পাত ছিঙি গৰম কৰি লব । তাৰ পিছত আপুনি এই গৰম পাতবোৰ ফোহাৰ ওপৰত ৰাখিব । এনে কৰিলে ফোঁহাবোৰৰ বিষৰ পৰা সকাহ পোৱা যায় আৰু লগতে ফোঁহাবোৰো সোনকালে শুকাব ধৰে ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

মুৰৰ বিষ দূৰ কৰে - যদি আপুনি মুৰৰ বিষৰ সমস্যাত ভূগি আছে তেন্তে দুপৰটেঙাৰ পাত ব্যৱহাৰ কৰিব পাৰে । আপুনি দুপৰটেঙাৰ পাত ছিঙি তাত পাতল গৰম সৰিয়হৰ তেল প্ৰয়োগ কৰক আৰু  সেই পাতটো আপোনাৰ কপালে ৰাখক। কপালত দুপৰটেঙাৰ পাত ৰখাৰ এক মিনিটৰ ভিতৰত মুৰৰ বিষ নাইকিয়া হ'ব।
পাথৰ - দুপৰটেঙা পাত দাঁত বিষৰ বাবে অতি লাভজনক। যেতিয়া দাঁতত বিষ হয়, আপুনি দাঁতত দুপৰটেঙাৰ পাত ঘহি দিব । এনে কৰি, দাঁতৰ বিষ নাইকিয়া হ'ব। দৰাচলতে, ইয়াৰ পাতত এণ্টি ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে যি বিষ হ্ৰাস কৰাত কাৰ্যকৰী প্ৰমাণিত হয় ।
দুপৰটেঙাৰ পতাৰ পৰিষ্কাৰ নকৰি নোধোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব।  ৰক্তচাপৰ ৰোগীসকলে ইয়াক সেৱন কৰিব নালাগে।যেতিয়াই আপুনি দুপৰটেঙা সেৱন কৰে মনত ৰাখিব এঘণ্টাৰ বাবে একো খোৱা বোৱা কৰিব নালাগে। লগতে জোখতকৈ অধিক দুপৰটঙাে ব্যৱহাৰ নকৰিব ।

লগতে পঢ়ক -  গ্লিচেৰিন হৈছে কামৰ বস্তু.. জানক কি কি কামত হয় ইয়াৰ উপযোগী । 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/dupor-tenga-pat.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close