আজিকালি মানুহৰ জীৱন অতি ব্যস্ত হৈ পৰিছে। ব্যস্ত জীৱন শৈলীৰ বাবে প্ৰায় মানুহে স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰে । যাৰ ফলত শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰিব সুবিধা পায় । যদিও সকলো ৰোগ বিপদজনক, কৰ্কট ৰোগ আটাইতকৈ বিপদজনক আৰু গুৰুতৰ বুলি গণ্য কৰা হয়। যিকোনো বয়সৰ ব্যক্তি এই ৰোগৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। টাইমচ অফ ইন্ডিয়াৰ ৰিপৰ্ট অনুসৰি প্ৰতি বছৰে উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় 39,000 নতুন কৰ্কট ৰোগী পোৱা যায় আৰু তাৰ ভিতৰত, 29,000 ৰোগীয়েই অসমৰ হয় ।
এইদৰে দিনক দিনে কৰ্কট ৰোগীৰ সংখ্য়া বৃদ্ধি পাইছে। ইয়াৰে বেছিভাগ লোক মৃতু্য় মূখত পৰাৰ কাৰণ হৈছে কৰ্কট ৰোগৰ লক্ষণবোৰ বহুত দেৰীকৈ গম পোৱা। বেছিভাগ লোকে কৰ্কট ৰোগৰ লক্ষণবোৰ চিনাক্ত কৰিবলৈ সক্ষম নহয়, যাৰ বাবে ৰোগটো অতি গুৰুতৰ হৈ পৰে । আজি আমি আপোনালোকক কৰ্কট ৰোগৰ আগতীয়া লক্ষণবোৰৰ বিষয়ে তথ্য দিব খুজিছো, যাতে আপুনি সময়ৰ সৈতে ৰোগৰ আগতীয়া লক্ষণবোৰ চিনাক্ত কৰি এই ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে ।
শৰীৰে কৰ্কট ৰোগৰ আগতে দেখুওৱা লক্ষণসমূহ
উশাহ জোৰ জোৰকৈ লোৱা
যদি আপুনি দৈনিক ব্যায়াম কৰে নাইবা দৌৰে তেতিয়া জোৰে জোৰে উশাহ লবলৈ আৰম্ভ কৰে, কিন্তু যিসকল লোকৰ নদৌৰাকৈ নাইবা কোনোধৰণৰ কষ্ট নকৰাকৈ এনেই ৰে জোৰে উশাহ লবলৈ আৰম্ভ কৰে বা উশাহ-নিশাহত কষ্ট পালে স্বাস্থ্যৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে। যদি প্ৰায় সদায়েই এই সমস্য়াই দেখা দিয়ে তেন্তে ই কৰ্কট ৰোগৰ আটাইতকৈ প্ৰাৰম্ভিক লক্ষণ বুলি গণ্য কৰা হয়। যদি আপোনাৰ এনে সমস্যা আছে, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
কম ভোক লগা
কৰ্কট ৰোগ হৈছে এনে এটা ৰোগ যিয়ে যিকোনো মানুহকে আক্ৰমণ কৰিব পাৰে। শিশুই হওক বা ডাঙৰ হওক, সকলোৱে ইয়াৰ ভুক্তভোগী হ'ব পাৰে। কেতিয়াবা এনে হয় বহু লোকৰ ভোক কমকৈ লাগে। ই পাচন প্ৰণালীৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে। যদি পাচন প্ৰক্ৰিয়াৰ সমস্যা হয়, তেন্তে এই সমস্যা সোনকালে ঠিক কৰিব পাৰি । কিন্তু যদি আপুনি দীৰ্ঘদিন ধৰি কম ভোক অনুভৱ কৰি আছে, এনে পৰিস্থিতিত তৎক্ষণাৎ সতৰ্ক হ'ব লাগে আৰু যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ যাব লাগে কিয়নো ভোক কমকৈ লগাটো কৰ্কট ৰোগৰ আৰম্ভণীৰ লক্ষণ হ'ব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
ৰক্তক্ষৰণ হোৱা
যদি থু পেলাওতে, প্ৰস্ৰাৱ কৰোঁতে নাইবা শৌচ কৰোঁতে লগত তেজো ওলায়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক কিয়নো এই সমস্যাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে।
যিকোনো আঘাতৰ ঘা সোনকালে ঠিক নোহোৱা
যদি আঘাতৰ বাবে আপোনাৰ শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হৈছে আৰু ঔষধ খোৱাৰ পাছতো যদি আপোনাৰ ঘা আৰোগ্য নহয় তেন্তে আপুনি লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে কিয়নো এই সৰু সমস্যাই পিছত গৈ কৰ্কট ৰোগৰ দৰে এক গুৰুতৰ সমস্যা হব পাৰে।
দীঘলীয়া চৰ্দি-কাহ
বতৰৰ পৰিৱৰ্তনে শৰীৰৰ ওপৰত প্ৰভাৱ পেয়। বতৰৰ পৰিৱৰ্তনৰ লগে লগে কাহ-চৰ্দিৰ দৰে সমস্যাই দেখা দিয়ে কিন্তু সাধাৰণ চিকিৎসা কৰাৰ পিছতেই আৰোগ্য লাভ কৰা যায় । যদি আপোনাৰ দীৰ্ঘদিন ধৰি কাহ-চৰ্দিৰ সমস্যা আছে সাধাৰণ চিকিৎসাৰ দ্বাৰাও আৰোগ্য লাভ কৰা নাই তেন্তে আপুনি লগে লগে চিকিৎসকৰ পৰামৰ্শ লব লাগে কিয়নো দীঘলীয়া কাহ-চৰ্দিৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ বুলি গণ্য কৰা হয়।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
No comments:
Post a Comment