দাঁত পোকে খোৱা সমস্যা কিদৰে সমাধান কৰিব ? জানো আহক । Teeth Caries problems in Assamese | Dat puke khuwa - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, August 25, 2020

দাঁত পোকে খোৱা সমস্যা কিদৰে সমাধান কৰিব ? জানো আহক । Teeth Caries problems in Assamese | Dat puke khuwa

দাঁত পোকে খোৱা সমস্যা কিদৰে সমাধান কৰিব ?

Dat puke khuwa সমস্যা আজি কালি প্ৰায়ে বহুতৰে হোৱা দেখা যায় । বয়সস্থ সকলক বাদেই আজিকালি ডেকাসকলৰো এই সমস্যা দেখা যায় । মানৱ দেহৰ আটাইতকৈ অধিক শক্তিশালী উপাদানটো হৈছে দাত । কিন্তু সেই দাত সামান্য ৰোগতেই ক্ষয়প্ৰাপ্ত হৈ যায় । আজি আমি জনাম কেইটামান Assamese Health Tips যত আপুনি ঘৰুৱা চিকিৎসাৰ দ্বাৰা এই দাত পোকে খোৱা সমস্যাৰ সমাধান কৰিব পাৰিব ।
teeth pain in Assamese

দাত পোকে খোৱাৰ কাৰণ কি কি হব পাৰে 

বিভিন্ন কাৰণত দাত পোকে খাব পাৰে । বদহজম, লিভাৰৰ বিসংগতি, শুক্ৰৰ দোষ আদি বিভিন্ন কাৰণত দাত পোকে খাব পাৰে । আনহাতে আমি কোনো বস্তু খালে সেইয়া যদি দাতৰ ফাকত থাকি যায় তেন্তেও পোকে খাব পাৰে । ইয়াৰোপৰিও মুখৰ পৰা কম পৰিমাণে লালতি উলালেও দাতৰ সমস্যা হব পাৰে । Assamese Health Tips ৰ দ্বাৰা Dat Puke Khuwa সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম ।
Topis Covered in This Article- Teeth Pain, Teeth Pain Remedies in Assamese, How to sleep with Toothache, Tooth nerve pain relief, Emergency toothache relief etc.

দাত পোকে খোৱা সমস্যাৰ ঘৰুৱা সমিধান-

মধুৰিয়ামৰ পাত - মধুৰিয়ামৰ কুমলীয়া পাত ছিঙি আনি বিষাই থকা দাতৰ কাষত চোবাব পাৰে । নহলে মধুৰিয়ামৰ কুমলীয়া পাত উতলাই কুলকুলি কৰিলেও যথেষ্ট বিষৰ পৰা আৰাম পাব পাৰে ।
হালধী - হালধীৰ বহুতো ঔষধি গুণ আছে । দাত পোকে খোৱা অংশত হালধি সানি কুল কুলি কৰিলে আৰাম পাব পাৰে । আনহাতে হালধীৰ লগত খাটি সৰিয়হৰ তেল মিলাই দাত মঞ্জন কৰিলেও আৰাম পোৱা যায় ।
কণীৰ খোলা- কণীৰ খোলাত প্ৰচুৰ পৰিমাণে কেলচিয়াম কাৰ্বনেট থাকে । কণীৰ খলোটা শুকাই গুৰি কৰি অলপ বেকিং পাউদাৰ আৰু নাৰিকল তেল মিলাই পেষ্ট বনাই দাত মঞ্জন কৰিলেও যথেষ্ট আৰাম পোৱা যায় ।
নিমপাত- বহুতে নিমপাতৰ ঠাৰিৰে দাত মাজে যিটো এটা সঠিক প্ৰক্ৰিয়া । কিন্তু আজি আমি আপোনাক নিম পাত চোবাই তাৰ পাছত পানীৰে কুলকুলি কৰাৰ উপদেশ দিম যাৰ দ্বাৰা আপুনি দাতৰ পোকে খোৱা সমস্যাৰ সমাধান পাব পাৰে ।
নেমু- নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । ইয়াৰোপৰিও নেমুত থকা এচিডে বিজাণুবোৰ নাশ কৰি বিষ কমোৱাত সহায় কৰে । মুখত এটুকুৰা নেমু লৈ ভালকৈ চোবাওক । তাৰপাছত চাফা পানী দি কুলকিলু কৰক আৰাম পাব ।
নিমখ পানী - নিমখপানীৰে মুখ কুলকুলি কৰিলে বেক্টেৰীয়া মুক্ত কৰাৰ লগতে দাত খিৰখিৰোৱা সমস্যাৰ সমাধান কৰে ।
লং- লং দাত বিষ ৰ বাবে বিশেষভাৱে ফলপ্ৰসু হোৱা দেখা যায় । ইয়াত থকা এন্টিবেকেন্টেৰিয়েল গুণে বহু দাতৰ বিষ কিছু কমাত সহায় কৰে । একেদৰে কেচা নহৰুয়েও দাতৰ বিষ কমাত সহায় কৰে । 
পিয়াজৰ টুকুৰা- পিয়াজৰ সৰু টুকুৰা এটা বিষাই থকা দাতত কিছু সময় থৈ লাহে লাহে চোৱাওক । ইয়াৰ দ্বাৰা কিছু হলেও আপোনাৰ বিষ উপশম হব ।
এইদৰে কিছু ঘৰুৱা চিকিৎসাৰ দ্বাৰা dat puke khuwa সমস্যাৰ সমাধান পাব পাৰে । কিন্তু বিষ যদি নকমে তেন্তে শীঘ্ৰেই এজন ভাল ডেণ্টিছক দেখুৱাবলৈ নাপাহৰিব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close