MLA Area Development Fund (SUHRID) Scholarship Assam
MLA Scholarship Assam 2020 ৰ জৰিয়তে অসমৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিকোনো উচ্চ শিক্ষা লাভ কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে ২০ হাজাৰ টকা পৰ্যন্ত MLA Scholarship Assam লাভ কৰিব পাৰিব । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আমাৰ এই লিখনিৰ জৰিয়তে জনাম ।
MLA Scholarship আচনিৰ সবিশেষ
MLA Area Development Fund ৰ অধীনত এজন বিধায়কে 50,00,000 টকা (Fifty Lacs Rupees) দুখীয়া মানুহক সহায় কৰিবৰ বাবে লাভ কৰে । তাৰে ভিতৰত নিজ নিজ বিধানসভা সমষ্টিৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক মেট্ৰিকৰ পাছত উচ্চ শিক্ষা লাভ কৰিবৰ বাবে এই আচনিৰ দ্বাৰা অনুদান প্ৰদান কৰি সহায় কৰা হয় ।
কোনে কোনে এই আচনিৰ আবেদন কৰিব পাৰিব
- যিকোনো দুখীয়া ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী, গ্ৰেডুৱেট, পষ্ট গ্ৰডুৱেট সকলোৱে আবেদন কৰিব পাৰিব ।
- কিন্তু পৰিয়ালত যদি চাকৰি কৰা মানুহ আছে নাইবা বিধায়কৰ সম্পৰ্কীয় ছাত্ৰ-ছাত্ৰীয়ে এই অনুদান লাভ কৰিব নোৱাৰি ।
MLA Scholarship আচনিত কিমান টকা পাব
- এজন ছাত্ৰ বা ছাত্ৰীয়ে সাধাৰণ শিক্ষাৰ বাবে ১০ হাজাৰ আৰু কাৰিকৰী শিক্ষাৰ বাবে ২০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব পাৰিব ।
- এটা পৰিয়ালৰ এজন ছাত্ৰ বা ছাত্ৰীয়েহে এই অনুদান লাভ কৰিব ।
কিদৰে আচনিৰ বাবে আবেদন কৰিব ?
Assam MLA Scholarship ৰ বাবে আবেদন কৰিবলৈ আমি তলত দিয়া আবেদন ফৰ্মখন পূৰ কৰি নিজ নিজ এলেকাৰ বিধায়ক অফিচত জমা দিব লাগিব । এই আচনিৰ বাবে বহুতো চৰ্ত থাকিব পাৰে সেয়হে নিজ নিজ এলেকাৰ বিধায়ক অফিচত এবাৰ খৱৰ লবলৈ আমি অনু্ৰোধ জনাম ।
MLA Scholarship Assam ৰ বাবে কি কি লাগিব
- পাচপৰ্ট ফটো ।
- সক্ৰিয় মোবাই নং ।
- বেংক একাউন্ট ।
- আইডি প্ৰুফ ।
- কলেজৰ আইডি ।
No comments:
Post a Comment