কোৰোণাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মাই কিদৰে লৈছে নিজৰ যতন ? জানিবলৈ পঢ়ক । HIMANTA BISWA SARMA - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, April 10, 2020

কোৰোণাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মাই কিদৰে লৈছে নিজৰ যতন ? জানিবলৈ পঢ়ক । HIMANTA BISWA SARMA

কৰণাই লাহে লাহে ভাৰতত ব্যাপক ৰূপ ধাৰণ কৰাৰ সময়ৰে পৰা অসমৰ ৰাইজৰ মাজত সবাতোকৈ চৰ্চিত হোৱা লোকজনেই হৈছে স্বাস্থ্য মন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিছুদিন আগতে কাবিৰোধী আন্দোলনৰ সময়ত আটাইতকৈ সমালোচনাৰ সন্মূখীন হোৱা মন্ত্ৰীগৰাকীয়েই আছিল হিমন্ত বিশ্ব শৰ্মা । কিন্তু কৰণাৰ এই মহামাৰীৰ সময়ত কৰ্মোদ্য়ম দেখি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা মন্ত্ৰীগৰাকীয়েই হৈছে হিমন্ত বিশ্ব শৰ্মা ।   দিনে–নিশাই স্বাস্থ্য বিভাগটোক সন্মুখৰ পৰা নেতৃত্ব দি পাঁচ হাজাৰ কোভিড–19ত আক্ৰান্ত ৰোগীক চিকিৎসা,  ২০০–৩০০ ৰোগীৰ একেলগে আই চি ইউ চিকিৎসা আদি সকলো মাত্ৰ ২৫ দিনৰ ভিতৰতে সক্ষম কৰি তুলিলে হিমন্ত বিশ্ব শৰ্মাই ।



পিছে প্ৰশ্ন হয় দিনটোৰ বেছিভাগ সময় চিকিৎসালয় , ৰোগী তথা চিকিৎসকৰ সৈতে পাৰ কৰা মন্ত্ৰীগৰাকীয়ে নিজৰ স্বাস্থ্যৰ যতন কেনেদৰে লৈছে ! এই সন্দৰ্ভত এক সাক্ষাৎকাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে খোৱা–বোৱাত তেওঁৰ বিশেষ ৰুচি নাই। হিমন্ত বিশ্ব শৰ্মা হৈছে নিৰামিষ ভোজী । নিৰামিষভোজী শৰ্মাই নিৰামিষ আহাৰ, ফল–মূল , গাখীৰ আদি খায়েই ভোক দূৰ কৰে।মনকৰিবলগীয়া এই যে,  নিয়মিতভাৱে মা কামাখ্যা মন্দিৰৰ প্ৰসাদ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যিমানেই ব্য়স্ত নাথাকক কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৈনিক পাঁচ কিলোমিটাৰ খোজ কাঢ়ে । নিশা দুই-তিনি বজাটো ঘৰত সোমোৱাৰ পূৰ্বে পাঁচ কিলোমিটাৰ খোজ কঢ়াতো হিমন্ত বিশ্ব শৰ্মাৰ এক অভ্যাস। এই কাৰ্যত তেখেতৰ সংগী হয় তেখেতৰ কন্যা। এইদৰে দুপৰ নিশা হলেও নিজ কন্যাক লগত লৈ পাঁচ কিলোমিটাৰ খোজ কাঢ়ে হিমন্ত বিশ্ব শৰ্মাই। 

মনকৰিবলগীয়া এই যে মন্ত্ৰীগৰাকীয়ে ঘৰত প্ৰৱেশ কৰাৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰে । ঘৰ সোমায়েই পোনপ্ৰথমে তেখেতে তলৰ মহলাত গা ধোৱে। ৰাতিপুৱা পিন্ধি যোৱা সকলো কাপোৰ ধুই পেলায়। পৰাপক্ষত ওপৰ মহলাত থকা পৰিয়ালৰ কাষলৈ যোৱাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী। কিন্তু যেতিয়া পৰিয়ালৰ কাষলৈ যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গা ধোৱাৰ পিছত কেৱল এখন গামোচা পিন্ধি  ঘৰৰ ওপৰ মহলালৈ যায় আৰু তাত ঘৰুৱা পোচাক পৰিধান কৰে । এইদৰে পৰিয়ালৰ লোকসকলক কৰনাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ অতি কঠোৰ ভাৱে সাৱধানতা অৱলম্বন কৰি আহিছে মন্ত্ৰীগৰাকীয়ে।

গতিকে, এইয়াই আছিল কিদৰে হিমন্ত বিশ্ব শৰ্মাই কিদৰে নিজৰ সাৱধানতা অৱলম্বন কৰি আহিছে ।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close