কৰণা ভাইৰাছে আক্ৰমণ কৰা প্ৰথমগৰাকী মানুহৰ ওলাল সন্ধান । চাওক কোন এই ব্যক্তি ? Patient Zero Corona In Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, March 30, 2020

কৰণা ভাইৰাছে আক্ৰমণ কৰা প্ৰথমগৰাকী মানুহৰ ওলাল সন্ধান । চাওক কোন এই ব্যক্তি ? Patient Zero Corona In Assamese

কৰণা ভাইৰাছ(কোভিড-১৯)ৰ Patient Zero অৰ্থাৎ প্ৰথমজন ৰোগীৰ সন্ধান লাভ কৰা গৈছে । কোন এই প্ৰথমজন ৰোগী আৰু কিদৰে কৰণা ভাইৰাছ তেঁওলোকৰ দেহলৈ আহিছিল সকলোবোৰ আমি আজি এই লিখনিটোৰ জৰিয়তে জনাম ।

Patient Zero মানে কি ?

Patient Zero মানে হৈছে যিকোনো মহামাৰীৰ প্ৰথমজন ৰোগীক চিনাক্ত কৰা । কৰণা ভাইৰাছ(কোভিড-১৯)ৰ প্ৰথমজন  পৰোগীৰ সন্ধান পোৱা গৈছে । একাংশ চাইনিজ মিডিয়া আৰু ৱাল ষ্ট্ৰিট জাৰ্নেলে অনুসন্ধান কৰি এই তথ্য পোহৰলৈ আনিছে । Patient Zeroৰ  জৰিয়তে মানুহৰ দেহলৈ কিদৰে বিজাণু সংক্ৰমিত হল, বিজাণু সংক্ৰমিত হোৱা অৱস্থাত তেওলোকৰ চাৰিওফালৰ পৰিবেশ কেনেকুৱা আছিল ইত্যাদি তথ্য গম পোৱা যায় ।

কৰণা ভাইৰাছে আক্ৰমণ কৰা প্ৰথমগৰাকী মানুহ কোন ?

মহিলাগৰাকীৰ নাম য়ুই জুজিয়ান । পেছাত মিছামাছৰ এগৰাকী বেপাৰী । ৫৭ বছৰীয়া এই মহিলাগৰাকীৰ দেহতেই পোন প্ৰথমে কৰণা ভাইৰাছ( কোভিদ-১৯) য়ে আক্ৰমণ কৰিছিল । মহিলাগৰাকীয়ে চীনৰ বিখ্যাত হানান ছিফুড মাৰ্কেটত মিছামাছৰ বেপাৰ কৰিছিল । এই মাৰ্কেটত অকল সাগৰীয় প্ৰাণীয়ে নহয় নানান জীৱ জন্তু যেনে সাপ, ভেকুলী, বনৰৌ আদিৰ মাংস কাটি বিক্ৰী কৰা হয় ।গতিকে ইয়াৰ পৰিৱেশ অত্যন্ত অস্বাস্থ্যকৰ।

য়ুই জুজিয়ান নামৰ এই মিছামাছ বেপাৰীগৰাকীৰ ১০ ডিচেম্বৰ তাৰিখে গা বেয়া হোৱাত ওচৰৰ ক্লিনিকত গৈ ডাক্তৰক দেখুৱায় । কিন্তু কেইবাদিন যোৱাৰ পাছতো ভাল নোপোৱাত  মহিলাগৰাকীয়ে য়ুহান চহৰৰ আটাইতকৈ ডাঙৰ হস্পিতালত গৈ দেখুৱায় । তাতে ডাক্তৰে চিনাক্ত কৰে যে মহিলাগৰাকীৰ বেমাৰৰ যিটো ভাইৰাছ সি এক বেলেগ ধৰনৰ ভাইৰাছ । গতিকে তেখেতক ডাক্তৰে আছুতিয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰে । ইয়াৰ পিছতেই মহিলাগৰাকীৰ আশেপাশে থকা বেপাৰীসকলো হস্পিটালখনলৈ একেধৰণৰ লক্ষণ থকা বেমাৰ লৈ আহিবলৈ ধৰে আৰু ডাক্তৰ সকল নিশ্চিত হয় যে ই এক মহামাৰী ।

কৰণা ভাইৰাছ(কোভিড-১৯) মহিলাগৰাকীৰ দেহলৈ আহিল কিদৰে ?

কৰণা ভাইৰাছ(কোভিড-১৯) প্ৰথম বাহক হৈছে বাদুলী । তথ্য অনুসৰি কোনো বাদুলী যাৰ দেহত কৰণা ভাইৰাছ(কোভিড-১৯) আছিল সেই বাদুলীটো পেঙ্গলিন অৰ্থাৎ বনৰৌৰ সংস্পৰ্শলৈ আহিছিল আৰু সেই বনৰৌ যেতিয়া বজাৰত কাটি বিক্ৰী কৰা হৈছিল তেতিয়া তাৰ তেজৰ পৰাই মহিলাগৰাকী আৰু অন্যান্য বেপাৰীসকলৰ দেহলৈ সংক্ৰমণ হৈছিল ।
পেঙ্গলিন অৰ্থাৎ বনৰৌ
জানিব পৰামতে চিকিৎসাৰ বাবে যোৱা এইগৰাকী মহিলাই হৈছে প্ৰথম । ইয়াৰ পাছত তাত থকা অন্যান্য বেপাৰীসকলো চিকিৎসাৰ বাবে চিকিৎসালয় লৈ যায় আৰু লাহে লাহে মানুহৰ পৰা মানুহলৈ এই বেমাৰ বিয়পি পৰে ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close