আজমলে জনসংখ্যা নীতি সন্দৰ্ভত কৰা মন্তব্যক সমালোচনা কৰিবলৈ গৈ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কৰা নাভ্ৰুত-নাশ্ৰুত অপ-প্ৰচাৰ সন্দৰ্ভত বিধায়কজনলৈ প্ৰত্যাহবান জনাইছে আজমলৰ হাম হস্পিতাল কতৃপক্ষই । হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ কিছুমান নাভ্ৰুত-নাশ্ৰুত মন্তব্যক লৈ হোজাইত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷আজমলক সমালোচনা কৰিবলৈ গৈ আজমলৰ সামাজিক কাম-কাজৰ প্ৰতি বিধায়কজনে কিছুমান ভুৱা অপ-প্ৰচাৰ কৰাক লৈ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়া৷ ৰাইজৰ আবেগক লৈ ৰাজনীতি কৰা বাবেই এনে অপপ্ৰচাৰৰ প্ৰত্যুত্তৰ বুলি জনাইছে আজমলৰ হাম হস্পিতাল কতৃপক্ষই । কি প্ৰত্যুত্তৰ দিলে আজমলৰ হাম হস্পিতাল কতৃপক্ষই পঢ়ো আহক -
১/হোজাইৰ বিধায়কজনে কৈছে যে আজমলে ৰজা হবলৈহে জনবৃদ্ধি বিচাৰিছে৷ইয়াৰ প্ৰত্যুত্তৰত কওঁ যে হোজাইৰ দৰিদ্ৰ জনসাধাৰণৰ মনত আজমল সদায় ৰজা৷ ইছলামিক নিয়ম মানিয়েই আজমলে চৰকাৰৰ জনসংখ্যা নীতিক সমালোচনা কৰিছে৷ৰজা হবলৈ নহয়৷সেয়েহে ৰাইজৰ আবেগক উপহাস কৰা বিধায়কজনৰ এই মন্তব্য হাস্যকৰ বুলিয়েই বিবেচিত হৈছে৷
২/বিধায়কজনে প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমল কোন ?
ইয়াৰ উত্তৰত কওঁ যে বদৰুদ্দিন আজমল কোন, সেয়া হোজাইৰ প্ৰতিজন দৰিদ্ৰ জনসাধাৰণে ভালকৈয়ে জানে৷ নিষ্পেষিত, নিৰ্যাতিত জনসাধাৰনে আজমলক চিনি পায়৷আজমল কোন সেয়া বিধায়কজনক কোৱাৰ প্ৰয়োজনেই নাই৷হোজাইৰ দৰিদ্ৰ জনতাক শুধক আজমল কোন ?
তেওঁৰ প্ৰত্যুত্তৰত আমি প্ৰশ্ন কৰিছো শিলাদিত্য কোননো?
হোজাইৰ মাটি,পানী আৰু বায়ুৰ লগত শিলাদিত্যৰ সম্পৰ্ক আছেনে ?যি মানুহৰ হোজাইত জন্ম নহয়, হোজাইৰ লগত সম্পৰ্ক নাই, তেওঁ হোজাইৰ বিষয়ে কি জানিব ?
মহাশয়,তৰুণ গগৈয়ে এদিন অহংকাৰী হৈ 'হু ইজ বদৰুদ্দিন' বুলি কৈ আজি ধ্বংস হৈ গল৷ আপুনিও বদৰুদ্দিন কোন ? বুলি কৈ গগৈৰ দৰে এদিন ধ্বংস হৈ পৰিব৷সেয়া এশ শতাংশই সত্য৷

৩/শিলাদিত্যই কৈছে আজমলে যিমানেই মানুহক দুখীয়া ৰাখিব, সিমানেই ভাল৷ইয়াৰ উত্তৰত কওঁ যে আজমলৰ মানৱতাত আজি বহুকেইজন দৰিদ্ৰ শিক্ষাৰ্থী চিকিৎসক আৰু ইঞ্জিনিয়াৰ হৈ সমাজত প্ৰতিষ্ঠিত হব পাৰিছে৷ আজমলে শিক্ষা,স্বাস্থ্য আৰু দক্ষতা বিকাশৰ জৰিয়তে মানুহক আৰ্থিক ভাৱে সৱল কৰাৰ চেষ্টা আদিৰে পৰা কৰি আহিছে৷আমাৰ প্ৰশ্ন আজমলৰ দৰে শিলাদিত্যই শৈক্ষিক বিকাশৰ বাবে আজিলৈকে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া ৰাজহুৱা কৰক ?
৪/শিলাদিত্য দেৱে কৈছে যে আজমলে হাজাৰ- হাজাৰ বিঘা চৰকাৰী মাটি বেদখল কৰি ৰাখিছে৷
আজমলে কত মাটি বেদখল কৰি ৰাখিছে সেয়া বিধায়কজনক দেখুৱাই দিবলৈ আমি আহ্বান জনালো৷ আজমলে গঢ়া শিক্ষা,স্বাস্থ্য আদি প্ৰতিষ্ঠান সমূহত সহায় পোৱা লক্ষ লক্ষ দৰিদ্ৰ জনসাধাৰণ উপকৃত হৈছে৷বিধায়কজনে আজমলৰ দৰে ৰাইজৰ বাবে কিমান প্ৰতিষ্ঠান গঢ় দিছে, ৰাইজক কিমান সেৱা আগবঢ়াইছে সেয়া ৰাজহুৱা কৰিব পাৰিবনে ?

৫/বিধায়কজনে লক্ষ লক্ষ ৰোগীক সহায় আগবঢ়াই অহা হোজাইৰ 'হাম' হস্পিটেলৰ বিৰুদ্ধে আন এক অপ প্ৰচাৰ কৰি কৈছে যে হস্পিটেলখনে চৰকাৰী মাটি বেদখল কৰি ৰাখিছে৷আমি তেওঁক প্ৰত্যাহবান জনাইছো কত চৰকাৰী মাটি বেদখল কৰি ৰাখিছে সেয়া ৰাজহুৱা কৰক৷ৰাস্তাৰ মাটি হস্পিটেলখনে লোৱা নাই৷ৰাস্তা নিৰ্দিষ্ট ঠাইতে আছে৷ৰাস্তাৰ বাবে ৰাইজৰ কোনো অসুবিধা হোৱা নাই৷হোজাই ৰাইজৰ অসুবিধা হৈ আছে কেৱল শিলাদিত্যৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যতহে৷এনে লাগিছে যে এই চিকিৎসালয়খনত ৰাইজে সুবিধা লাভ কৰাৰ বাবে বিধায়কজনৰ গা' জ্বলি আছে৷
হোজাইৰ ৰাইজৰ একমাত্ৰ সহায় হিচাপে থকা হস্পিটেলখনক লৈ ৰাজনীতি নকৰিবলৈ বিধায়কজনক আহ্বান জনালো৷
হোজাইৰ ৰাইজৰ একমাত্ৰ সহায় হিচাপে থকা হস্পিটেলখনক লৈ ৰাজনীতি নকৰিবলৈ বিধায়কজনক আহ্বান জনালো৷
৬/বিধায়কজনে কৈছে যে আজমলে আৰৱৰ পৰা কোটি-কোটি টকা আনি দৰিদ্ৰৰ বাবে হস্পিটেল কৰিছে,স্কুল কৰিছে৷ আমি তেখেতক প্ৰত্যাহবান জনাইছো যে তেখেতেওঁ ভূটান,কানাডা,নেপালৰ পৰা কোটি কোটি টকা আনি হোজাইৰ দৰিদ্ৰ ৰাইজক সেৱা আগবঢ়াওঁক৷আজমলে তেখেতৰ প্ৰতিষ্ঠানৰ জৰিয়তে এই বছৰতেই ২৫ জন দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষাদান দি চিকিৎসক বনাই আনিলে৷ বিধায়কজনে কিমানজন চিকিৎসক গঢ় দিলে, কিমানক শিক্ষা দান দিলে, ৰাজহুৱা কৰকচোন ?
৭/বিধায়কজনে কৈছে যে দৰিদ্ৰ ৰোগীয়ে আজমলৰ হস্পিটেলত গৈ চিকিৎসা কৰিব নোৱাৰে৷ ৰোগীসকল বিধায়কজনৰ উচৰতহে যায়৷আজমলে কেন্সাৰ ৰোগীৰ বাবে আঁচনি গ্ৰহণ কৰি অসংখ্য কেন্সাৰ ৰোগীক কলকাতাত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে, সেয়া বিধায়কজনে জানেনে ? বৰ্তমান ৯৩ জন ৰোগীক আজমলে কলকাতাৰ টাটা মেডিকেলত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাই আছে৷ইয়াৰে ৯ জন কেন্সাৰ মুক্ত হৈ আহিছে৷ বিধায়কজনে কিমানজন কেন্সাৰ ৰোগীক চিকিৎসা কৰালে সেয়া ৰাজহুৱা কৰক ? অন্যথা কেন্সাৰৰ দৰে ৰোগীক লৈ সস্তীয়া ৰাজনীতি নকৰে যেন৷
৮/আজমলে জনসংখ্যা নীতিৰ কথা কওঁতে শিলাদিত্য যে জাঙুৰ খাই উঠিল, বিজেপিৰ সাংসদ আৰ পি শৰ্মাই দহ জন সন্তান জন্ম দিবলৈ আহ্বান জনাওঁতে, সাক্ষী মহাৰাজে চাৰিটা সন্তান জন্ম দিবলৈ আহ্বান জনাওঁতে বিধায়কজন তেতিয়া কিয় নিমাত আছিল ? ইয়াৰ উত্তৰ ৰাজহুৱা কৰক?
৯/শিলাদিত্যই কৈছে তেওঁ ইছলাম বিৰোধী নহয়৷
বিধায়কজনৰ এই কথা কিমানজনে মানি লব ?
আজমলে যদি কয় যে তেওঁ হিন্দু বিৰোধী নহয় তেন্তে আজমলৰ বিগত দিনৰ কৰ্ম খতিয়ানৰ পৰা এই কথা প্ৰমান হব৷ আজমল আইন মহাবিদ্যালয়, আজমল নাৰ্চিং স্কুল, মৰিয়ম আজমল কলেজ, বি এড কলেজ আদিত আহি চাই যাওঁক এই প্ৰতিষ্ঠান সমূহত কিমানজন হিন্দু সম্প্ৰদায়ৰ লোকে কৰ্মসংস্থাপন লাভ কৰি নিজৰ পৰিয়ালক পোহপাল দি আছে৷সেয়ে এনে অপ প্ৰচাৰ বন্ধ কৰাৰ আহ্বান জনালো৷

১০/বিধায়কজনে 'হাম' হস্পিটেলক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনালো৷হাম হস্পিটেল এখন দাতব্য ন্যাস৷লক্ষ লক্ষ ৰোগী এই হস্পিটেলৰ জৰিয়তে উপকৃত হৈ আহিছে৷ এইবাৰ দূৰ্গা পূজাত হোৱা দূৰ্ঘটনাৰ সময়ত হাম হস্পিটেলখনে বহু ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে৷ চিকিৎসা সেৱা আগবঢ়াওঁতে কোনোদিনেই হিন্দু-মুছলিম বাচ-বিচাৰ কৰা হোৱা নাই৷দৰিদ্ৰ ৰোগীসকল বিধায়কজনৰ উচৰত নাযায়৷সেয়েহে দৰিদ্ৰ ৰোগীৰ বিষয়ে বিধায়কজনে একো নাজানে৷জানিলে ৰাজনীতি কৰিবলৈ ৰোগীক পনবন্দী নকৰিলে হেঁতেন৷
১১/বিধায়কজনক চিকিৎসালয়খন লৈ হিন্দু-মুছলিমৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনালো৷কিয়নো হাম হস্পিটেলৰ ৮০ শতাংশ কৰ্মচাৰী হিন্দু৷ কোনোদিনেই 'হাম' কৰ্তৃপক্ষৰ কোনেও তেওঁলোকৰ আবেগ অনুভূতিক লৈ বিভাজন কৰা নাই৷সেয়েহে হিন্দু-মুছলিমক লৈ এনে সস্তীয়া ৰাজনীতি নকৰিবলৈ আহ্বান জনালো৷
১২/হামত হাজাৰ-হাজাৰ ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে৷শিলাদিত্যই কিমানজন হিন্দু মানুহক কৰ্মসংস্থাপন দিছে সেয়া ৰাজহুৱা কৰক ?
১৩/'হাম' হস্পিটেলৰ মাটিৰ সীমা চৰকাৰ আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে৷সেয়েহে সীমাক লৈ সস্তীয়া ৰাজনীতি আৰু অপ প্ৰচাৰ নকৰিবলৈ আহ্বান জনালো৷
১৪/আজমলক যদি বিধায়কজনে হিন্দু বিৰোধী কব খুজিছে, তেন্তে কেন্সাৰ আক্ৰান্ত শিল্পী শিখাক লগ কৰিবলৈ বিধায়কজনক অনুৰোধ জনালো৷শিল্পী শিখাক লগ পালে বিধায়কজনে বুজিব পাৰিব আজমল সাম্প্ৰদায়িক নে শিলাদিত্য সাম্প্ৰদায়িক৷
১৫/শিলাদিত্যই নিজৰ সমষ্টিৰ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহক বিতৰ্কত আনি প্ৰমান কৰিছে নেকি যে তেওঁ হোজাইৰ উন্নয়ণ বিৰোধী৷ তেওঁ দৰিদ্ৰ জনগনক সহায় কৰা অনুষ্ঠান সমূহৰ বিৰোধী৷ এনে সস্তীয়া ৰাজনীতি নকৰিবলৈ বিধায়কজনক আহ্বান জনালো৷
১৬/'হাম' হস্পিটেলত বিধায়কজনক এবাৰ আহিবলৈ অনুৰোধ জনালো৷এবাৰ আহি চাওঁক ইয়াত দৰিদ্ৰ ৰোগীসকলে কি সুবিধা লাভ কৰে৷তাৰ পিছত চিকিৎসালয়খনৰ বিৰুদ্ধে থকা আপোনাৰ ধাৰণাসমূহ নিজে নিজেই সলনি হৈ পৰিব৷
১৭/ বিধায়কজনে বাৰে বাৰে কেন্সাৰ ৰোগীক সহায় কৰাৰ কথা কয়৷ আমি তেখেতক প্ৰত্যাহবান জনাইছো তেওঁ কিমানজন কেন্সাৰ ৰোগীক সহায় কৰিছে ৰাজহুৱা কৰক৷তাৰ পিছত প্ৰয়োজনত আজমলে সহায় কৰা ৰোগীসকলৰ কথা ৰাজহুৱা কৰিম৷কিন্তু কাৰোবাক সহায় কৰি ৰাজহুৱা কৰা একেবাৰে নীচ মানুহৰ কাম৷ আজমলে সহায় কৰি ৰাজহুৱা কৰিব নিবিচাৰে৷ কিন্তু বিধায়কজনে হয়তু এজন-দুজন ৰোগীক সহায় কৰিছে৷আৰু বাৰে বাৰে সেয়া ৰাজহুৱা কৰি কি জাহিৰ কৰিব বিচাৰিছে ? মহাশয় নিজে নিজে চিঞৰি থাকিলে সমাজ সেৱক হব পৰা নাযায়৷আজমলৰ দৰে হাতে কামে লাগক৷
১৮/'হাম' হস্পিটেলত প্ৰতিদিনে ২০০-২৫০ জন ৰোগীক চেৰিটিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়,লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়৷সেয়েহে দৰিদ্ৰ ৰোগীসকলক লৈ সস্তীয়া ৰাজনীতি নকৰে যেন৷ এনে সস্তীয়া ৰাজনীতি কৰি থাকিলে এদিন আপোনাৰ নাম-গোন্ধ সকলো ইতিহাস হৈ পৰিব৷
১৯/শিলাদিত্যই আজমলক সমালোচনা কৰাৰ পূৰ্বে আমি তেখেতক শুধিব বিচাৰিছো হোজাইৰ মাটি, পানী, বায়ুৰ লগত তেখেতৰ কি সম্পৰ্ক আছে ? হোজাইৰ বিষয়ে কটু মন্তব্য কৰাৰ পূৰ্বে তেওঁক হোজাইৰ শান্তিপ্ৰিয় ৰাইজৰ বিষয়ে অধ্যয়ণ কৰিবলৈ আহ্বান জনালো৷ DIVIDE AND RULE পলিচীৰ দ্বাৰা হোজাইৰ সমাজ জীৱনক ধ্বংস নকৰিবলৈ আহ্বান জনালো৷
২০/হোজাইৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে ঈৰ্ষান্বিত হোৱা শিলাদিত্যক কব বিচাৰো যে বৃটিছ গল, কিন্তু বৃটিছৰ কিছুমান লগুৱাই এতিয়াও অসমত ডিভাইড এণ্ড ৰুল পলিচীৰে অসমখনক টুকুৰা টুকুৰ কৰিব বিচাৰিছে৷
২১/ শিলাদিত্য দেৱ বিধায়ক হোৱাৰ কিমান দিন হল ? এই কম সময়ছোৱাত তেওঁ কত মাটি কিনিলে ? কত ঘৰ বনালে ? সেই ধন কত পালে সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনালো৷
২২/মাননীয় বিধায়ক মহোদয়,আপুনি হোজাইৰ স্থানীয় নহয়,আপুনি হোজাইত আহিয়েই দিনটো কোনোমতে পাৰ কৰি পুনৰ বিয়লি উভতি যায়৷অহাৰ সময়তেই যোৱাৰ বাবে শতাব্দী ৰেলৰ ৰিটাৰ্ণ টিকেট লগত লৈ আহে৷এনে ক্ষেত্ৰত হোজাইবাসী ৰাইজৰ সমস্যাৰ প্ৰতি আপুনি কিমান সচেতন ? হোজাইৰ কিমান সংখ্যক কৰ্মী আৰু স্থানীয় ৰাইজ আপোনাৰ পক্ষত আছে,সেয়া আপুনি জানেনে ?
২৩/বিধায়ক মহোদয় আপুনি যিখন 'হাম'ক লৈ সস্তীয়া ৰাজনীতি কৰি আছে৷আপুনি জানেনে যে এই চিকিৎসালয়খনে ২০১৯ বৰ্ষত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে তেখেতে নিউজ ১৮ চেনেলৰ যোগেদি হাম হস্পিটেলখনক বছৰটোৰ শ্ৰেষ্ট স্বাস্থ্য সেৱাৰ বটা লাভ প্ৰদান কৰিছিল৷ এয়া আপোনাৰ দৰে হিংসাকুৰ মনোবৃত্তিৰ লোকৰ বাবে গৰ্বৰ কথা নহব পাৰে,কিন্তু প্ৰতিজন হোজাইবাসীৰ বাবে এয়া গৰ্বৰ কথা৷
২৪/আজমল ফ্ৰী IAS কোচিংৰ জৰিয়তে পাৰ্থ প্ৰতিম বৰ্মন,গায়ত্ৰী পাতিৰ, কৃষ্ণজ্যোতি ডেকা আৰু লংকাৰ সুমা ৰয়ে APSC ত স্থান লাভ কৰিছে৷সুমা ৰয় হোজাই লংকাৰ কন্যা৷এতিয়া ৰাজহ চক্ৰ বিষয়া৷আপুনি জানেনে এই কোচিংত একোজন শিক্ষাৰ্থীৰ বাবে কিমান টকা খৰছ হয়৷ আজমলে মানবসেৱাৰ বাবেই কৰিব পাৰিছে৷এয়া হোজাইৰ গৰ্ব, আজমলৰ শিক্ষানুষ্ঠানৰ গৰ্ব৷
ইয়াৰোপৰিও আজমলৰ শিক্ষানুষ্ঠানৰ পৰা অমৰ সিং থাপাই বিনামূলীয়াকৈ অধ্যয়ন কৰি বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিব পাৰিছে৷
এই বৰ্ষত অসংখ্য শিক্ষাৰ্থীয়ে আজমল শিক্ষানুষ্ঠানৰ জৰিয়তে বিনামূলীয়াকৈ অধ্যয়ণ সৰ্ব ভাৰতীয় মেডিকেল বাছনি পৰীক্ষা আৰু JEE (MAINS) ত স্থান লাভ কৰিছে৷কাৰ্বি আংলঙৰ আকাশ শীলে আজমল শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ অধ্যয়ণ কৰিয়েই NIT ত স্থান লাভ কৰিছে৷ধুবুৰীৰ মানিক ৰয়ে আজমল কলেজৰ পৰা অসমৰ ভিতৰত নৱম স্থান দখল কৰিছে৷আজমলৰ এনে লক্ষ লক্ষ মহান কৰ্ম আছে৷যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ কিন্তু কোনোদিনেই হিন্দু- মুছলিম বুলি বাচ-বিচাৰ কৰা নাই৷শিলাদিত্যই এনেদৰে কোনো শিক্ষাৰ্থীক সহায় কৰিব পাৰিছে নেকি ? আজিলৈকে বিধায়কজনে কেৱল বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য দিয়াৰ সলনি তেওঁৰ জীৱনত কি এনে মহান কৰ্ম কৰিছে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহবান জনালো৷

মাননীয়,হোজাইৰ বিধায়ক মহোদয়,পুনৰ কৈছো ৰাজনীতি কৰে কৰি থাকক৷হোজাইৰ ৰাইজৰ আবেগৰ লগত খেলা নকৰিব৷আজমলৰ মহান কৰ্মক আপুনি যদি সন্মান কৰিব নাজানে, অন্তত মানব সেৱাক লৈ কটু মন্তব্য বা অপ প্ৰচাৰ বা সস্তীয়া ৰাজনীতি নকৰিব৷যদি ৰাজনীতি কৰিব লগা আছে৷ ৰাজনীতি কৰক অসমৰ সমস্যাসমূহক লৈ৷ 'হাম' হস্পিটেল,শিক্ষানুষ্ঠান, ৰাজহুৱা প্ৰতিষ্ঠান আদিক লৈ ৰাজনীতি নকৰিব৷ এইবোৰৰ দ্বাৰা সমাজৰ উন্নয়ণ হয়৷বিতৰ্কিত মন্তব্য আৰু অপ প্ৰচাৰৰ দ্বাৰা সমাজৰ ক্ষতিহে হয়৷ সেয়েহে পুনৰবাৰ আপোনাক এনেবোৰ সামাজিক অনুষ্ঠান লৈ ৰাজনীতি নকৰিবলৈ কৰযোৰে আহ্বান জনালো৷কাৰণ ইতিহাস সাক্ষী আছে যে হিটলাৰৰ দৰে ব্যক্তিৰো কৰুণ পৰিণতি হৈছে৷আপুনি কোন নো ?
বিনাশ কালে বিপৰীত বুদ্ধি ললে পতন অনিবাৰ্য৷
বিনাশ কালে বিপৰীত বুদ্ধি ললে পতন অনিবাৰ্য৷
ধন্যবাদেৰে
'হাম' কৰ্তৃপক্ষ
'হাম' কৰ্তৃপক্ষ
No comments:
Post a Comment