গোলাঘাট মুখ্য জিলা ন্যায়াধীশৰ কাৰ্যালয়ত মুকলি পিয়নৰ চাকৰি । আজিয়েই আবেদন কৰক । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 21, 2019

গোলাঘাট মুখ্য জিলা ন্যায়াধীশৰ কাৰ্যালয়ত মুকলি পিয়নৰ চাকৰি । আজিয়েই আবেদন কৰক ।

যিসকল অষ্টম মান উৰ্ত্তীণ আৰু চৰকাৰী চাকৰি এটা বিচাৰি আছে তেঁওলোকৰ বাবে এইটো উপযুক্ত চাকৰি । আমি আজি গোলাঘাট মুখ্য জিলা ন্যায়াধীশৰ কাৰ্যালয়ত মুকলি পিয়নৰ  খালী পদসমূহত কিদৰে আবেদন কৰিব সেইয়া জনাম ।

খালী হোৱা পদৰ নাম : 

অফিচ পিয়ন 
খালী পদ - ৩ টা 
দৰমহা - ১২,০০০/- পৰা ৩৭,৫০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা
অৰ্হতা: ৮ম মান ( 8th পাছ) 



এটাচ পিয়ন 
খালী পদ - ১ টা
দৰমহা - ১২,০০০/- পৰা ৩৭,৫০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা
অৰ্হতা: ৮ম মান ( 8th পাছ) 
চকিদাৰ 
খালী পদ - ১ টা 
দৰমহা - ১২,০০০/- পৰা ৩৭,৫০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা
অৰ্হতা: ৮ম মান ( 8th পাছ) 

বয়স: 

আবেদনকাৰীসকলৰ বয়স ১৮ৰ পৰা ৪৪ বছৰ হব লাগিব । 

কিদৰে আবেদন কৰিব 

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ যাৱতীয় সকলো নথিপত্ৰৰ প্ৰতিলিপি যেন কাষ্ট চাৰ্টিফিকেট, শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট , বয়সৰ চাৰ্টিফিকেটৰ লগতে চাৰিকপি ফটো যিকোনো গেজেটেড অফিচাৰৰ দ্বাৰা এটাচটেট কৰোৱাই আবেদন পত্ৰৰ সৈতে তলত দিয়া ঠিকনাত পঠিয়াব লাগিব । আৰু ১০ টকীয়া  ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা উল্লেখিত এটা খামৰ সৈতে সংলগ্ন কৰা আবেদন তলত দিয়া ঠিকনালৈ ০১ জুলাই, ২০১৯ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব । 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click here 

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click here 

আবেদন পত্ৰ কিদৰে পঠিয়াব : 



আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ আপুনি নিজে গৈ জমা দিব লাগিব । নাইবা আপুনি ডাকযোগে তলৰ ঠিকনাত প্ৰৰণ কৰিব পাৰে কিন্তু ডাকৰ কথা বিজ্ঞাপনত দিয়া হোৱা নাই । ঠিকনাটো হৈছে : The Chief Judicial Magistrate, Golaghat, PIN 785621, Assam

লগতে পঢ়ক - অসম আৰক্ষীত ২০০০ পদত নিযুক্তি ।

আবেদনৰ অন্তিম দিন - ১ জুলাই , ২০১৯

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close