NRCত_আপত্তিৰ_জাননী_পোৱা_ব্যক্তি_সকলে_কি_দৰে_আগবাঢ়িব ? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 7, 2019

NRCত_আপত্তিৰ_জাননী_পোৱা_ব্যক্তি_সকলে_কি_দৰে_আগবাঢ়িব ?

NRCত_আপত্তিৰ_জাননী_পোৱা_ব্যক্তি_সকলে_কি_দৰে_আগবাঢ়িব ?

  • NRC ত জমা দিয়া সম্পূৰ্ণ তথ্য পাতি আৰু আপত্তিৰ জাননী পত্ৰ খন লগত লৈ নিৰ্ধাৰিত সময়ত তথা ঠাইত উপস্থিত হ'ব।

  • সঠিক সময়ত আপত্তিকাৰী উপস্থিত হৈছে নে নাই সেয়া জানিবলৈ চেষ্টা কৰক। যদি উপস্থিত হৈছে তেন্তে NRC বিষয়াই আপত্তিকাৰীৰ নাম ঠিকনা লিখোঁতে আপুনিও তেওঁৰ নাম ঠিকনা লিখি ৰাখক। 

  • NRC বিষয়াই আপত্তিকাৰীৰ সম্পূৰ্ণ শুনানী লোৱাৰ পিছত বিষয়াই তেওঁৰ নিজৰ প্ৰতিবেদনত কি লিখে সেয়া স্পষ্টকৈ পঢ়ি বুজি প্ৰতিবেদন পত্ৰত চহী কৰিব।

  • যদি আপত্তিকাৰী শুনানীত উপস্থিত নাথাকে তেন্তে আপুনি NRC কৰ্তৃপক্ষৰ পৰা আপত্তিকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা সংগ্ৰহ কৰিব আৰু আপত্তিকাৰী শুনানীত উপস্থিত নথকাৰ বাবে NRC বিষয়াই তেওঁৰ প্ৰতিবেদনত কি লিখিছে সেয়া ভালকৈ পঢ়ি বুজি প্ৰতিবেদনত চহী কৰিব।


  • শুনানী কালত নিজৰ লগত NRC ৰ বিষয়ে ভালদৰে জনা বুজা ব্যক্তি এজনক নিয়াৰ চেষ্টা কৰিব। 

  • এটা কথা লক্ষ্য ৰাখিব, আপত্তিকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা সংগ্ৰহ নকৰিলে আপুনি আপত্তিকাৰীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল'ব নোৱাৰিব।।। 

  • অন্তিমখন খচৰা ওলোৱাৰ পিছত যদি আপোনাৰ নাম NRC খচৰাত অন্তৰ্ভুক্ত হৈছে, তেন্তে সময় অপচয় নকৰি সেই আপত্তিকাৰীৰ বিৰুদ্ধে আইনী গোচৰ ৰজু কৰক। 

(ভুৱা আপত্তিকাৰীৰ শাস্তিৰ ব্যৱস্থা:- SOP ৰ অনুচ্ছেদ ৩.২.(IV) ৰ মতে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা-১৭ দাবী আৰু আপত্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই ধৰা মতে মিছাকৈ দাবী/আপত্তিৰ ক্ষেত্ৰত দাবী/আপত্তিকৰ্তাৰ শাস্তি হিচাপে ৫ বছৰ কাৰাদণ্ড বা ৫০,০০০ টকালৈকে জৰিমনা বা দুয়োটাই হ'ব পাৰে।) 
বি: দ্ৰ:- এই ক্ষেত্ৰত জাতিৰ প্ৰতি দায়বদ্ধ প্ৰত্যেক জন শিক্ষিত ব্যক্তিয়ে নিৰক্ষৰ ভুক্তভোগীক সহায় কৰক।।।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close