উফিৰ সমস্যাৰ প্ৰাকৃতিক বিধান | Dandruff Natural treatment in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, April 22, 2019

উফিৰ সমস্যাৰ প্ৰাকৃতিক বিধান | Dandruff Natural treatment in Assamese

উফিৰ সমস্যা আমাৰ বেছিভাগ মানুহেই ভোগা এক সাধাৰণ সমস্যা। পুৰুষ আৰু মহিলা উভয়ে এই সমস্যাত ভোগে যদিও, পুৰুষ সকলৰ মাজত উফিৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। আকৌ গ্ৰীষ্ম কালতকৈ শীত কালত উফি বেছিকৈ হয়। মূৰৰ ছালখন যেতিয়া শুকান হৈ পৰে তেতিয়া ছালৰ সৰু সৰু টুকুৰাবোৰ চুলিৰ মাজত দেখা যায়। ইয়াকেই আমি সাধাৰণতে উফি বুলি কওঁ। যদিওবা ই বিশেষ শাৰিৰীক অসুবিধাৰ সৃষ্টি নকৰে, কিন্তু সৌন্দৰ্য্যৰ দৃষ্টিৰে চাবলৈ গলে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিবলৈ বৰ বেয়া লাগে। উফি বেছি হলে সেইবোৰ কান্ধতো পৰি থাকে। আকৌ উফিৰ বাবে যতে ততে বা মানুহৰ আগত মূৰ খজুৱাব লগা হলে বৰ লাজ লগা পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু কেতিয়াবা মূৰৰ ছালৰ সংক্ৰমণ হলে উফিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে।

 

 

🌺🌺উফি কি কি কাৰণে হয়------
উফি হোৱাৰ প্ৰকৃত কাৰণ জনা নাযায়। কিন্ত কিছুমান কাৰণ আছে যাৰ বাবে উফি হব পাৰে। তলত সেইবোৰ উল্লেখ কৰা হল।
🍀🍀বয়সৰ ফালৰ পৰা চাবলৈ গলে যিকোনো বয়সতে উফি হব পাৰে যদিও কিশোৰ সকলৰ পৰা মধ্য বয়সীয়া লোকৰ মাজত এই সমস্যা বেছিকৈ হোৱা দেখা যায়।
হৰমনৰ কাৰণে উফিৰ সমস্যা সাধাৰণতে কৈশোৰ অৱস্থাতেই আৰম্ভ হোৱা দেখা যায়। এই বয়সত শৰীৰত বিভিন্ন ধৰণৰ হৰমন উৎপাদন হয়। হৰমন উৎপাদনৰ বাবে উফিৰ সৃষ্টি হব পাৰে।
🍀🍀চেবৰিক দাৰমাটাইটিছ(Seborrheic dermatitis) এবিধ ছালৰ ৰোগ মেলাচেজিয়া(Malassezia) নামৰ এবিধ ভেঁকুৰৰ দ্বাৰা উৎপন্ন হয় । এই ৰোগত বেছিকৈ ছালৰ কোষ উৎপন্ন হয়। যেতিয়া অতিৰিক্ত ছালৰ কোষবোৰ মৰি যায় তেতিয়া সেইবোৰ ছালত উৎপন্ন হোৱা তেলৰ লগত মিহলি হৈ উফিৰ সৃষ্টি কৰে। চেবৰিক দাৰমাটাইটিছ মূৰৰ লগতে চেলাউৰি বা নাকৰ দুয়োকাষে হব পাৰে।


🍀🍀ভেকুৰৰ সংক্ৰমণ মূৰৰ ছালখনত ভেঁকুৰৰ সংক্ৰমণ হলেও উফিৰ সমস্যাই দেখা দিব পাৰে। সাধাৰণতে গ্ৰীষ্ম কালতকৈ শীতকালত উফিৰ সমস্যা বেছি হোৱা দেখা যায়। গ্ৰীষ্ম কালত সূৰ্য্যৰ আলট্ৰা ভায়লেট ৰশ্মিয়ে(ultra violet ray) ভেঁকুৰ সৃষ্টি হোৱাত বাধা দিয়ে। সেইবাবে চুলিত অলপ ৰদ লগোৱাটো চুলিৰ বাবে উপকাৰী।
🍀🍀ভালদৰে চুলি নফনিওৱা আৰু নোধৱাৰ ফলত উফি হব পাৰে। নিয়মিত চুলি শ্বেম্পু নকৰিলে চুলিত ময়লা জমা হৈ উফিৰ সৃষ্টি হব পাৰে। যিসকলৰ চুলি বেছি তেলেতিয়া, তেওঁলোকে অলপ ঘনকৈ শ্বেম্পু কৰিব লাগে, কাৰণ তেলেতিয়া চুলিত ময়লা জমা হৈ উফি হব পাৰে। সদায় ভালদৰে চুলি ফনিয়ালে চুলিখিনি পৰিষ্কাৰ পৰিপাটি হৈ থকাৰ লগতে মূৰৰ ছালখন আৰু চুলিৰ গুৰিত ভালদৰে তেজ চলাচল হৈ থাকে। ফলত উফি হোৱাৰ সম্ভাৱনা কমি থাকে।
🍀🍀 যিসকল লোকৰ ছালখন স্বাভাৱিকতেই শুকান, তেওঁলোকৰ উফি হোৱাৰ সম্ভাৱনা বেছি। বেছি ঘনকৈ শ্বেম্পু কৰিলে , বজাৰৰ যিকোনো শ্বেম্পু, কন্দিছনাৰ, চুলিৰ বিভিন্ন ৰং আদি জধে মধে ব্যৱহাৰ কৰিলে মূৰৰ ছালখন শুকান হৈ পৰিব পাৰে বা এলাৰ্জিও হব পাৰে। এইদৰেও উফি হব পাৰে।
🍀🍀ছালৰ কিছুমান বিশেষ বেমাৰ যেনে চৰিয়েছিছ, একজেমা আদিত ভুগি থকা লোকৰ উফি হোৱাৰ সম্ভাৱনা বেছি।
🍀🍀খাদ্য খাদ্য তালিকাত জিংক আৰু ভিটামিন বি ৰ অভাৱে উফি হোৱাত সহায় কৰে।
🍀🍀 বিভিন্ন ধৰণৰ ছালৰ বেমাৰৰ লগত মানসিক চাপৰ সম্পৰ্ক আছে। এই মানসিক চাপৰ বাবেও উফি হব পাৰে।
🍀🍀কিছুমান বিশেষ ৰোগ কিছুমান স্নায়ু জনিত ৰোগ, এইচ আই ভি সংক্ৰমিত ব্যক্তি, হৃদ ৰোগত আক্রান্ত ৰোগী বা যি সকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, সেই সকলৰ চেবৰিক দাৰমাটাইটিছ ,উফি হোৱাৰ সম্ভাৱনা বেছি।

লগতে পঢ়ক - SSCত মুকলি ১০০০০ পদ ( অৰ্হতা - দশম মান )

🌺🌺উফিৰ প্ৰতিকাৰৰ বাবে অতি সহজতে কৰিব পৰা কেতবোৰ প্ৰাকৃতিক বিধান উল্লেখ কৰা হ'ল-------
🌻🌻অলপ নাৰিকল তেলত সামান্য পৰিমাণে কৰ্পূৰ মিহলাই ৰাতি শোৱাৰ আগতে চুলিৰ গুৰিত ভালদৰে মালিচ কৰিব লাগে। পিছদিনা চুলিখিনি ধুই দিব লাগে। এইদৰে নিয়মিত কিছুদিন কৰিলে উফিৰ সমস্যা নাশ হয়।


🌻🌻নাৰিকলৰ তেল গৰম কৰি লৈ তাত অলপ নেমুৰ ৰস মিহলাই লব লাগে। এই তেলেৰে চুলিৰ গুৰিত মালিচ কৰি 30 মিনিট সময় থাকি তাৰ পিছত ভালদৰে চুলিখিনি ধুই দিব লাগে। এইদৰে 2-3 সপ্তাহ কৰিলে উফি নোহোৱা হয়।
🌻🌻নিমপাত আৰু নেমু উফি ৰোধ কৰাত অতি উত্তম। এমুঠি নিমপাতৰ পেষ্ট বনাই লৈ তাত আধাফাল নেমুৰ ৰস মিহলাব লাগে। এতিয়া এই মিশ্ৰণটো চুলিৰ গুৰিত ভালদৰে লগাই আধাঘন্টা থাকি চুলিখিনি ধুই পেলাব লাগে। এইদৰে সপ্তাহত দুবাৰ কৰিলে অতি সুফল পোৱা যায়।
🌻🌻অলপ মেথিগুটি গোটেই ৰাতি পানীত তিয়াই থব লাগে। পিছদিনা পুৱা মেথিগুটিখিনি ভালদৰে পিচি পেষ্ট বনাই লৈ চুলিত লগাব লাগে। 30-40 মিনিট পিছত পৰিস্কাৰ পানীৰে চুলিখিনি ধুই পেলাব লাগে। এইটো অতি ফলদায়ক বিধান। মেথিয়ে উফি নাশ কৰাৰ লগতে চুলি মিহি কৰে আৰু চুলি সৰাও বন্ধ কৰে।
🌻🌻আমলখিৰ পাউদাৰ বজাৰত কিনিবলৈ পোৱা যায়। আমলখিৰ পাউদাৰৰ লগত পানী আৰু কেইটামান তুলসী পাত দি এটা পেষ্ট তৈয়াৰ কৰি লব লাগে। এই পেষ্টটো 30-40 মিনিটৰ বাবে মূৰত লগাই থৈ তাৰ পিছত ধুই পেলাব লাগে।
ওপৰোক্ত বিধান সমূহৰ দ্বাৰা সুফল নাপালে, বা উফিৰ বাবে অত্যন্ত খজুৱতি হলে, বা মূৰৰ ছাল ৰঙা পৰি উখহি উঠিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।🌺🌺🌺
ডাঃ বন্দনা শৰ্মা
চিকিৎসা বিষয়া(আয়ুৰ্বেদিক)

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close