বসন্ত ৰোগ কি আৰু কিদৰে প্ৰতিকাৰ কৰিব - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, April 7, 2019

বসন্ত ৰোগ কি আৰু কিদৰে প্ৰতিকাৰ কৰিব

বসন্ত ৰোগ কি আৰু কিদৰে প্ৰতিকাৰ কৰিব :

শুকান বতৰত বায়ুমণ্ডলত জলীয় ভাপ হ্রাস পাবলৈ ধৰাত ধূলিময় পৰিবেশ এটাৰ সৃষ্টি হয়। যিমানেই ধূলিৰ প্রকোপ বৃদ্ধি পায় সিমানেই ভাইৰাছৰ আক্রমণ তীব্রতৰ হয়। বসন্ত কালত যিবোৰ ভাইৰাছজনিত ৰোগ হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল বসন্ত ৰোগ বা "আই"।



অসমত পৰম্পৰাগতভাবে এইবিধ ৰোগক "আই' বুলি জনা যায়। শীতৰ অন্তৰ লগে লগে সকলোৰে মনত বসন্ত ৰোগ বা ‘আই’ৰ চাপে খুন্দিয়াবলৈ ধৰে। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহৰ মনত বসন্ত ৰোগৰ আশংকাৰ সৃষ্টি হয়। আগতে বসন্ত ৰোগ বুলি ক’লৈ শংকৰ কাৰণ আছিল।


বৰ আইৰ বাবে ১৯৭৭ ত অন্তিমবাৰৰ বাবে বৰ আইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা নাযায়। অর্থাৎ বৰআইৰ ভয়ংকৰ আক্ৰমণৰ পৰা মানৱ জাতিয়ে হাত সাৰিবলৈ সক্ষম হোৱা বাবে সেই ৰোগৰ প্ৰতি শংকা বহুলাংশে হ্রাস পাইছে। বসন্ত ৰোগ কোনো এটা বিশেষ অঞ্চলৰ ৰোগ বুলি ক’ব নোৱাৰি, কাৰণ পৃথিবীৰ সকলো ঠাইতে ইয়াৰ প্ৰাদুৰ্ভাব দেখা যায়। সৰুআই বা মাজু আই সি যি নহওক, এই দুয়োবিধ ৰোগ কিন্তু কেতিয়াবা প্রাণনাশী হ’ব পাৰে। সেয়েহে পৰম্পৰাগত পদ্ধতিৰে চিকিৎসা কৰি নিজৰ বিপদ নিজে চপাই লোৱাতকৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিহে চিকিৎসা কৰা উচিত। এইখিনিতে উল্লেখ কৰা হ’ল যে বহুতে বসন্ত ৰোগ কেৱল বসন্ত কালতহে হোৱা ৰোগ বুলি ভাবে যদিও শীত কালতো এই ৰোগ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
খাদ্যৰ পৰা আৰম্ভ কৰি থকা ঠাইলৈকে সকলো ক্ষেত্ৰতে সাৱধান নহ’লে ৰোগবিধে যে সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সেয়া দোহাৰাৰ নিশ্চয় প্রয়োজন নাই। সৰুআই বা মাজু আই দুয়োবিধৰে উৎস হ’ল ‘ভাইৰাছ”।

●কেনেকৈ সংক্রমণ ঘটে-

স্কুললৈ যোৱা কোনো ল’ৰা-ছোৱালী যদি আক্ৰান্ত হয়, তেতিয়াহ’লে স্কুললৈ যোৱাত বাধা দিয়া উচিত। কিয়নো, এজনৰ পৰা আন এজনলৈ ই বিয়পিব পাৰে।
সাধাৰণতে হাঁচি, কাঁহ আদিৰ দ্বাৰা এই ৰোগ অতি সহজে বিয়পিব পাৰে আৰু সেইবাবে ইয়াক "ড্রপলেট স্প্রেড' বুলি কোৱা হয়।


এজনৰ নিশ্বাসত আন এজনৰ শ্বাস-প্রক্রিয়াত সংক্রমিত হোৱাৰ পূৰামাত্ৰাই আশংকা থাকে।
এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হোৱাৰ পিছত যেতিয়া গোটেই শৰীৰত ভাইৰাছ বিয়পি পৰে, তেতিয়া তাক কোৱা হয় "ভাইৰেমিয়া"। শিশু এটাৰ জন্মৰ পিছৰ পৰা তিনি বছৰমানলৈকে এই ৰোগ কম পৰিমাণে হোৱা দেখা যায়।
কাৰণ এই সময়ত শিশুৱে মাকৰ গাখীৰ খায় আৰু মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধী উপাদান বেছিকৈ থাকে। সেইবুলি পৰিয়ালৰ কোনো সদস্য এই ৰোগত আক্রান্ত হ'লে ওচৰত কথাটো অনুচিত।
এই ৰোগৰ বীজাণু ঘাইকৈ ৰোগীৰ থু-খেকাৰ আৰু নাকৰ পৰা নির্গত হোৱা পানীত থাকে। পানী লগা ৰোগ হৈ থাকিলে আক্রান্ত ব্যক্তিৰ পৰা অতি সহজে সংক্ৰমিত হ’ব পাৰে। বসন্ত ওলোৱাৰ কিছুদিনৰ পিছত এইবোৰ শুকাবলৈ ধৰাত বহুতৰে ধাৰণা হয় যে বসন্তৰ ভাইৰাছৰ পৰা মুক্ত হৈছে। দৰাচলতে শুকাই যোৱা বসন্তৰ জোলাৰ চোকোৰাত বীজাণু থাকিব পাৰে। সেইবাবে শুকাই যোৱা চোকোৰাবোৰ য’তে-ত’তে পেলাব নালাগে। এই চোকোৰাবোৰ এঠাইত গোটাই লৈ কাগজ আন এজনক আক্ৰমণ কৰাৰ আশংকা নাথাকে।

●কি ভাইৰাছৰ পৰা উৎপত্তি হয়-

‘মাজুআই’ ক বিভিন্ন নামেৰে জনা যায়। কিছুমানে পানী চামৰি আই বুলি কয়। ইংৰাজীত চিকেন পক্স বুলি কোৱা হয়। মাজুআইৰ মূল উৎস হ’ল ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছ আৰু ই হ’ল হাৰ্পিছ গ্ৰুপৰ ভাইৰাছ, সংক্ষেপে ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছক ভি জেড ভি বুলি কোৱা হয়। এইবিধ ভাইৰাছ প্ৰথমতে শ্বাসনলীত সংক্ৰমণ হয় আৰু তাৰ পিছত লাহে লাহে তেজলৈ বিয়পে। যেতিয়া ‘ভি জেড ভি’ ভাইৰাছে শৰীৰত প্ৰৱেশ কৰে তেতিয়াহে এই ৰোগৰ লক্ষণ প্ৰকাশ পায়। কেতিয়াবা এই ৰোগৰ পৰা সাময়িকভাৱে উপশম লাভ কৰিব পাৰি যদিও এই ৰোগৰ ভাইৰাছ প্ৰথম অৱস্থাত সুপ্ত হৈ থাকে যদিও সুযোগ পালেই ই ‘হাৰ্পিছ’ ৰূপত প্ৰকাশ পায়। হাৰ্পিছো একেই ভাইৰাছৰ দ্বাৰাই সৃষ্টি হয়। বছৰৰ যিকোনো সময়তে মাজু আই হ’ব পাৰে যদিও বসন্ত কাল হ’ল উপযুক্ত সময়। শীতৰ পৰিসমাপ্তিৰ লগে লগে পৰিৱেশ উষ্ণ হ’বলৈ ধৰে। এনে উষ্ণ পৰিৱেশত ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছে শক্তিশালী ৰূপত প্ৰকাশ পাব পাৰে আৰু ইয়াৰ স্থিতিও সুদৃঢ় হয়। যিকোনো বয়সৰ লোককে এই ৰোগৰ ভাইৰাছে আক্ৰমণ কৰিব পাৰে। অৱশ্যে তুলনামূলকভাৱে দহ বছৰমান বয়সৰ ল’ৰা-ছোৱালীক এই সময়ছোৱাত সাৱধানে ৰখা উচিত।

●প্ৰতিষেধক

আজিকালি বসন্ত ৰোগ প্ৰতিষেধকৰ বাবে উন্নতমানৰ প্ৰতিষেধক ওলাইছে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি শিশুটোক প্ৰতিষেধক দিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই প্ৰতিষেধক ৯৮ শতাংশৰ ক্ষেত্ৰতে কাৰ্যকৰী হয় বুলি ক’ব পাৰি। এনে প্ৰতিষেধকৰ দ্বাৰা শিশুটোক সুৰক্ষা প্ৰদান কৰিব পৰাটো সম্ভৱ। জন্মৰ পিছত শিশুৱে মাকৰ পৰা ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে যদিও এবছৰৰ পৰা এই ক্ষমতা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ‘লাইভ এটেমুৱেটেড ভেকচিন’ৰ সহায়ত বিশ্বৰ প্ৰায়ভাগ দেশত বসন্ত ৰোগ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰতিষেধক ১,০০০ চি চি আই ডি থাকে। চিকিৎসকসকলে সাৱধানতা অৱলম্বন কৰিহে এম এম আৰ দিয়ে। প্ৰতিষেধক দিয়াৰ লগে লগে ডিপিটি, পলিঅ’, হেপাটাইটিছ-বি আদিৰো প্ৰতিষেধক দিব পাৰি। ই পি আইৰ নিৰ্দেশ অনুসৰি ন মাহত এটা বসন্তৰ প্ৰতিষেধক দিয়া হয়। অৱশ্যে আই এ পিয়ে পোন্ধৰ মাহত মাম্পছ আৰু ৰুবেলাৰ স’তে দ্বিতীয়বাৰৰ বাবে এম এম আৰ হিচাপে বসন্তৰ প্ৰতিষেধক দিয়াৰ অনুমোদন জনাইছে।

●কেনে সতৰ্কতা অৱলম্বন কৰিব

বসন্ত ৰোগ হ'লে কিছুমান বিষয়ত সতৰ্কতা অবলম্বন নকৰিলে সমস্যাৰ উদ্ভব হ’ব পাৰে।
প্রথম কথা হ’ল এই ৰোগত আক্রান্ত ব্যক্তিয়ে সদায় চাফ-চিকুণ হৈ থাকিব লাগে।
বগা পোছাক পৰিধান কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই যদিও বেলেগ ৰঙৰ কাপোৰ মলিয়ন হ'লে ধৰিব নোৱাৰি বাবেই পৰম্পৰাগতভাবে বসন্ত ৰোগত আক্ৰান্তসকলে বগা পোছাক পৰিধান কৰে
যদিহে কোনো এগৰাকী পৰিয়ালৰ সদস্যই এই ৰোগত আক্ৰান্ত হয়।তেন্তে পৰিয়ালৰ আন সদস্যসকলে সতৰ্কতা অবলম্বন কৰা উচিত। বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীয়ে যেন আক্ৰান্ত লোকৰ ওচৰত আহি অধিক সময় নকটায় তাৰ প্রতি সতৰ্ক হ'ব লাগে।
ৰোগী থকা ঘৰৰ দুবাৰ-খিৰিকী বন্ধ কৰি থ'ব নালাগে। মুকলি বতাহ ঘৰৰ ভিতৰত সোমালেহে ৰোগীয়ে শ্বাস-প্রশ্বাস ভালদৰে ল’ব পাৰে।
এই সময়ত পৰাপক্ষত মচলাযুক্ত আহাৰ নোখোৱাটোৱে শৰীৰৰ বাবে মংগলজনক।
শিশুটোক সঠিকভাবে টিকাকৰণ কৰাব লাগে। উপযুক্ত সময়ত যদি টিকাকৰণ কৰা নহয়, তেতিয়াহ’লে এই ৰোগৰ লগতে আন বহুতো আনুষংগিক ৰোগে সক্ৰিয় হৈ উঠিবলৈ সুযোগ লাভ কৰিব।

ৰোগীয়ে ঘূৰি ফুৰাৰ ক্ষেত্ৰতো সাবধান হ’ব লাগে। বাহিৰলৈ ওলাই গ’লে সংক্ৰমণ হোৱাৰ আশংকা দ্রুতগতিত বৃদ্ধি পায়। শিশুটোক স্কুললৈ যোৱাটো বন্ধ কৰিব লাগে। নহ’লে আক্ৰান্ত শিশুটোৰ পৰা আন শিশুলৈকে এই ৰোগ বিয়পিব পাৰে।
বসন্তৰ সৰু সৰু ঘামচিসদৃশ ফোঁহাবোৰ কেতিয়াও নখেৰে ভাঙি দিয়া উচিত নহয়। কাৰণ নখেৰে ভাঙি দিলে সেই স্থানত বেছিকৈ সংক্ৰমণ হ’ব পাৰে।
এই ৰোগৰ বিৰুদ্ধে যুঁজ দি চিকিৎসা বিজ্ঞানীসকলে বিশেষ সাফল্য অর্জন কৰিছে। যদিও এই ৰোগৰ বীজাণু এতিয়াও সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা নাই।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close