বন্ধন বেংক চাকৰি - বন্ধন বেংকত মেনেজাৰ হোৱাৰ সুযোগ : Bandhan Bank Assistant Manager Recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, March 13, 2019

বন্ধন বেংক চাকৰি - বন্ধন বেংকত মেনেজাৰ হোৱাৰ সুযোগ : Bandhan Bank Assistant Manager Recruitment 2019

বন্ধন বেংক চাকৰি - বন্ধন বেংকত মেনেজাৰ হোৱাৰ সুযোগ :

বন্ধন বেংক অসমৰ এক উঠি অহা বেংকিয় প্ৰতিষ্ঠান । অতি কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা অসমৰ এই বন্ধন বেংকত বিত্তীয় প্ৰতিষ্ঠানটোত আপুনিও এজন মেনেজাৰ ৰৃপে কাৰ্যনিৰ্বাহ কৰিব পাৰে । তাৰবাবে বন্ধন বেংকে এক বিশেষ কাৰ্য্যসূচী Bandhan Bank NexrGen Bankers'  Program হাতত লৈছে যাৰ দ্বাৰা আপুনিও বন্ধন বেংকত এজন মেনেজাৰ হব পাৰে । কিদৰে কত কেনেকৈ আবেদন কৰিব আজি আমি তাকে আলোচনা কৰিম ।


কি হয় Bandhan Bank NexrGen Bankers' Program:


  • Bandhan Bank NexrGen Bankers' প্ৰগ্ৰাম বন্ধন বেংকৰ কলকতাস্থিত Bandhan school of devlopement Management ৰ দ্বাৰা লোৱা এক বছৰীয়া প্ৰশিক্ষণ কাৰ্যসূচী । 
  • এই কাৰ্যসূচীত ন মাহ ক্লাছ ৰূম ট্ৰেনিংৰ লগতে ৩ মাহ বন্ধন বেংকত ইন্টাৰনশ্বিপ কৰাৰ সুবিধা ।
  • ১ বছৰীয়া কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক মাহিলী ভাত্তাও দিয়া হব ।
  • প্ৰশিক্ষণ কাৰ্যসূচীত সফলতাৰে উৰ্ত্তীণসকলক বন্ধন বেংকত সহকাৰী মেনেজাৰ পদত চাকৰি আগবঢ়োৱা হব ।

শিক্ষাগত অৰ্হতা : 

যিকোনো গ্ৰেডুৱেট অৰ্থাৎ BA/BCOM/BSC /BTECH etc উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব । লগতে গ্ৰেডুৱেট নাইবা HS নাইবা MATRICৰ যিকোনো দুটাত FIRST CLASS পাব লাগিব । 

বয়স:

আবেদনকাৰীসকলৰ বয়স ২১ৰ পৰা ২৭ৰ ভিতৰত হব লাগিব ।

নিৰ্বাচন প্ৰক্ৰিয়া : 

উপযুক্ত প্ৰাৰ্থীসকলক পৰীক্ষা আৰু ইন্টাৰভিউৰ দ্বাৰা বাচনি কৰা হব । আবেদন কৰাৰ পাছত ইমেইলৰ যোগেদি সম্পূৰ্ণ তথ্য় যোগান ধৰা হব ।

ফিজ : 

  • এই Programৰ বাবে আবেদনকাৰীসকলে মূঠ ৩৫০০০০ টকা জমা দিব লাগিব লগতে টেক্স । 
  • পৰীক্ষাৰ দ্বাৰা বাচনি হোৱাৰ পাছত প্ৰাৰ্থীয়ে ১০০০০০ টকা জমা দিব লাগিব । 
  • বাকী ২৫০০০০ টকা বন্ধন বেংকৰ পৰা লোন হিচাপেও লব পাৰিব ।
  • ট্ৰেনিংৰ সময়ত খোৱাবোৱা আৰু থকাৰ বাবদ অন্য় কোনো পইচা জমা দিব নালাগে ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে বন্ধন বেংকৰ ৱেবচাইটত গৈ আবেদন জনাব লাগিব । আপোনাৰ সুবিধাৰ্থে আমি অনলাইন আবেদনৰ লিংক তলত দি দিছো ।

 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here  

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close