নাহিদৰ ৰিজাল্ট লৈ ছছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য: আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাসিন্দা নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰি লিটল ষ্টাৰ হাইস্কুলৰ পৰা ৯১.৫% নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়। সংগীতৰ লগতে শিক্ষাতো নাহিদে আগবঢ়োৱা এই অদ্ভুতপূৰ্ব সাফল্য়ত সমগ্ৰ অসমবাসীয়ে আদৰণী জনাইছে |
কিন্তু তাৰ মাজতে চচিয়েল মিডিয়াত একাংশ নিকৃষ্ট মানসিকতাৰ লোকে কৰা কমেন্ট কিছুমানে সকলোৰে চকু কপালত উঠাইছে | তাৰে কেইটামান কমেন্ট আমি তলত উল্লেখ কৰিছো।
সভ্য সমাজত লজ্বানত কৰা এই ছছিয়েল মিডিয়াৰ কমেন্টসমূহ নাহিদ এটা বিশেষ সম্প্ৰদায়ৰ হোৱা বাবেই টাৰগেট কৰি কৰা হৈছে বুলি একাংশই দাবী কৰিছে । উল্লেখযোগ্য় এই যে ছনি টিভিৰ ইণ্ডিয়ান আইডল চলি থকা সময়তো ভোটগ্ৰহণৰ সময়ত একে মানসিকতাৰ কিছু মানুহে নাহিদৰ ছছিয়েল মিডিয়াত বিৰোধীতা কৰা দেখা গৈছিল |
No comments:
Post a Comment