ৰাতিপুৱাই নিমপাত চোবাই খোৱাৰ আচৰিত লাভ । পঢ়ক এই ৰিপৰ্ট । Amazing health benefits of Neem - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, July 3, 2021

ৰাতিপুৱাই নিমপাত চোবাই খোৱাৰ আচৰিত লাভ । পঢ়ক এই ৰিপৰ্ট । Amazing health benefits of Neem

আয়ুৰ্বেদ অনুসৰি নিমপাত বহুতো গুৰুতৰ ৰোগৰ চিকিৎসাত সহায়ক হিচাপে কাম কৰে।  কুষ্ঠ ৰোগ, চকুৰ বিকাৰ, ৰক্তক্ষৰণ, অন্ত্ৰৰ কৃমি, পাকস্থলীৰ বিকাৰ, ভোক নোহোৱা, ছালৰ আলচাৰ, হৃদযন্ত্ৰ আৰু ৰক্তনলীৰ ৰোগ (হৃদৰোগ), জ্বৰ, মধুমেহ, আৰু যকৃতৰ বাবে নিম পাত ব্যৱহাৰ কৰা হয়।  
Health Benefits of Neem
নিমপাতৰ স্বাস্থ্যকৰ লাভালাভ আৰু ব্যৱহাৰ সমূহ জানো আহক -

নিমৰ স্বাস্থ্যৰ লাভালাভ আৰু ব্যৱহাৰ

1.  খালী পেটত নিম পাত সেৱন কৰিলে কৰ্কট ৰোগৰ পৰা বাছি থাকিব পাৰি। নিম পাতৰ কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকে আৰু শৰীৰৰ পৰা ফ্ৰি ৰেডিকেল আঁতৰ কৰাত সহায় কৰে। সেয়েহে ইয়া সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়, যাৰ ফলত কৰ্কট ৰোগ প্ৰতিৰোধ হয়।

2 . নিম পাত খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। নিম পাতত এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে দৈনিক খালী পেটত নিম পাত চোবোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

3. নিম গছৰ ঠাৰি দাতুন হিচাপে ব্যৱহাৰ কৰিলে দাঁতৰ পোক আঁতৰ হয়। সেয়েহে, পুৰণি দিনত আমাৰ ককা আইতা হতে নিমগছৰ দাতুনৰ দ্বাৰাই দাত মঞ্জন কৰিছিল। এই দাতুন আলুৰ বাবেও যথেষ্ট উপকাৰী বুলিও প্ৰমাণিত।

4. নিমপাতে পাকস্থলীৰ হজম প্ৰক্ৰিয়া ঠিক কৰে। ই পাকস্থলীৰ আলচাৰ, জ্বলা-পোৰা, গেছৰ দৰে সমস্যাও আঁতৰ কৰে। ই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ প্ৰদান কৰে । নিমে পেটৰ পৰা বিষাক্ত বস্তু আঁতৰ কৰে আৰু পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰে।

5. দাঁত আৰু আলুৰ ওপৰত নিম পাতৰ অৰ্ক প্ৰয়োগ কৰিলে দাতত প্লেক গঠন প্ৰক্ৰিয়া হ্ৰাস হয়। ই দাতত সৃষ্টি হোৱাৰ মলৰ মূল কাৰক বেক্টেৰিয়াৰ সংখ্যাও হ্ৰাস কৰিব পাৰে । যদি আপুনি নিমপাতৰ অৰ্ক কিনিব নিবিচাৰে তেন্তে ইয়াৰ সলনি  নিমৰ পাত ভালদৰে ধুই ৰাতিপুৱা সোনকালে চোবাব পাৰে। নিমপাতৰ অৰ্ক কিনিবলৈ ইয়াত ক্লিক কৰক

6. যদি আপোনাৰ ডায়েবেটিচ আছে, তেন্তে আপুনি নিম পাউডাৰ গ্ৰহণ কৰা উচিত। যদি প্ৰতি ৰাতিপুৱা খালী পেটত তিনি মাহৰ বাবে নিম পাউডাৰ সেৱন কৰে তেন্তে ডায়েবেটিচৰ পৰা আৰোগ্য হ'ব পাৰে। অৱশ্যে, ইয়াক সীমিত পৰিমাণত খাব লাগে আৰু  চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ইয়াক সেৱন কৰিব লাগে ।  

7. যদি আপোনাৰ ঘা  নুশুকায় তেন্তে নিম পাতৰ পেষ্ট প্ৰয়োগ কৰক। 

এইটো সঁচা যে নিম পাতৰ বহুতো লাভালাভ আছে, কিন্তু ইয়াক অত্যাধিক সেৱন কৰিব নালাগে। গতিকে ইয়াক ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।  

 লগতে পঢ়ক -  ৰাতিপুৱা ৰাতিপুৱা ইলাচী-পানী খোৱাৰ চমৎকাৰী লাভ

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/07/amazing-health-benefits-of-neem.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close