প্ৰেমত সৰু সুৰা মনোমালিন্য ঘটাটো এক স্বাভাৱিক কথা । কিন্তু কেতিয়াবা এই সৰু সুৰা মনোমালিন্যৰ পৰা ডাঙৰ কাজিয়াৰো ৰূপ লয়। এনে পৰিস্থিতিত যদি আপোনাৰ প্ৰেমিকাৰ খং মূৰৰ ওপৰত উঠে আৰু , আপোনাৰ ওচৰত অভিমান কৰে তেন্তে তাইক সৈমান কৰিবলৈ কিছুমান টিপচ আমি দিবলৈ চেষ্টা কৰিম। ই আপোনাৰ প্ৰেমিকাৰ খং শান্ত কৰিব । সেই টিপচকেইটাৰ বিষয়ে জানো আহক -
খঙৰ কাৰণ বুজি লওঁক -
প্ৰেমিকাৰ খং শান্ত কৰিবলৈ পোন প্ৰথমে খঙৰ কাৰণ বুজিবলৈ চেষ্টা কৰক। অসন্তুষ্টিৰ কাৰণ জানিও আপুনি প্ৰেমিকাৰ খং শান্ত কৰিব পাৰে।
তৰ্ক নকৰিব -
যেতিয়া সন্মুখৰ ব্যক্তিজনে আপোনাৰ ওপৰত খং কৰে তেনে অৱস্থাত আপুনি মুখে মুখে তৰ্ক নকৰি চুপ থাকিব লাগে । মুখে মুখে তৰ্ক কৰিলে কাজিয়াই চুড়ান্ত ৰৃপ ধাৰণ কৰে । যদি আপোনাৰ প্ৰেমিকাই আপোনাৰ ওপৰত খং কৰে, তেনে সময়ত তৰ্ক কৰাৰ সলনি কথা পাতি বুজিবলৈ চেষ্টা কৰক ।
ভুলতে হাঁহিব নালাগে -
যদি আপোনাৰ প্ৰেমিকা খং কৰে, তেতিয়া কেতিয়াও তেওঁলোকৰ সন্মুখত হাঁহিব নালাগে। অন্যথা তেওঁলোকৰ খং আৰু অধিক বৃদ্ধি পাব।
আলিঙ্গনে আশ্চৰ্যজনক কাম কৰে -
যদি আপোনাৰ প্ৰেমিকাই খং কৰে তেন্তে একো নোকোৱাকৈ বা নোসোধাকৈ আপুনি কেৱল এটা আলিঙ্গন কৰক । ই খং নাইকিয়া কৰি তুলিব। খং শান্ত হোৱাৰ পিছত আপুনি কথা পাতি মনোমালিন্য দূৰ কৰিব পাৰিব ।
No comments:
Post a Comment