Symptoms of New COVID-19 Strains
কৰোনাভাইৰাছৰ নতুন লক্ষণবোৰ কি What are the symptoms of New COVID 19
1. ই আপোনাৰ মুখ প্ৰণালী (অৰেল চিচটেম) অৰ্থাৎ মুখত প্ৰভাৱ পেলাইছে। জিভাত জ্বলা-পোৰা হ'ব, অস্বস্তি অনুভৱ হ'ব। বহুলোকে মুখৰ ঘা হোৱাও অভিযোগ কৰিছে। এইটোক চিকিৎসকসকলে কোভিড টাংগ (COVID tongue) বুলি কৈছে।
2. পেশীসমূহত অত্যাধিক বিষ বা ছালৰ সংক্ৰমণ ।
3. পেটৰ বিষ, বমি, ডায়েৰিয়া ।
4. কিছুমান ক্ষেত্ৰত চকুৰ পানী, অস্পষ্টতা বা চকু ৰঙা পৰাও কৰণাৰ লক্ষণ হব পাৰে ।
5. যথেষ্ট দুৰ্বল অনুভৱ কৰা , উঠি খোজ কাঢ়িবলৈও মন নোযোৱা । ভোক নলগা ।
6. নাকেৰে গোন্ধ নোপোৱা নাইবা খাদ্যৰ জুতি নোপোৱা ।
7. শুকান আৰু নিৰন্তৰ কাহ ।
8. এইটো নহয় যে মানুহে পুৰণি লক্ষণবোৰ একেবাৰে দেখা নাপায়। এতিয়াও সংক্ৰমিত হোৱা বহু সংখ্যক লোকৰ জ্বৰ, চৰ্দি, কাহ, উশাহ চুটি হোৱা, শৰীৰৰ বিষ ইত্যাদি হ'ব পাৰে।
লগতে পঢ়ক - আয়ুৰ্বেদ অনুসৰি কৰোনাৰ দ্বিতীয় ঢৌৰ পৰা ৰক্ষা পাবলৈ কি কৰিব জানো আহক |
এনেধৰণৰ লক্ষণসমূহ দেখিলে ততাতৈয়াকৈ আপোনাৰ কভিড টেষ্ট কৰাওক ।
No comments:
Post a Comment