আয়ুৰ্বেদ অনুসৰি কৰোনাৰ দ্বিতীয় ঢৌৰ পৰা ৰক্ষা পাবলৈ কি কৰিব জানো আহক | Ayurvedic measures for self care during COVID 19 crisis - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, April 22, 2021

আয়ুৰ্বেদ অনুসৰি কৰোনাৰ দ্বিতীয় ঢৌৰ পৰা ৰক্ষা পাবলৈ কি কৰিব জানো আহক | Ayurvedic measures for self care during COVID 19 crisis

Ayurvedic Self-care guidelines during COVID 19

কৰোনাৰ দ্বিতীয়তো ঢৌ যোৱা বছৰৰ কৰোনাতকৈ অধিক মাৰাত্মক, এইয়া বিশেষজ্ঞসকলে কোৱা কথাই নহয় লগতে  আমি নিজেও ইয়াক অনুভৱ কৰিবলৈ সক্ষম হৈছো । নতুন পৰিৱৰ্তনৰ পিছত ভাইৰাছটো আগতকৈ অধিক বিপদজনক হৈ পৰিছে। ইয়াৰ ফলত সংক্ৰমণৰ হাৰও স্থিৰভাৱে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত, যিসকলৰ এতিয়ালৈকে কৰোনা হোৱা নাই তেওঁলোকে কেনেদৰে ইয়াৰ পৰা অধিক সুৰক্ষিত থাকিব লাগে তাৰেই সন্ধানত আছে ।

How to save yourself from COVID 19 ayurvedic tips

যদি আপুনিও আপোনাৰ সুৰক্ষাৰ বিষয়েও চিন্তিত, তেন্তে আাজি আমি আপোনাৰ বাবে কিছু পৰামৰ্শ লৈ আহিছোঁ। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আপুনি গ্ৰহণ কৰিব পৰা কিছুমান উপায়ৰ বিষয়ে আজি আমি জনাম। এনে কিছুমান বস্তু সেৱন কৰাৰ বিষয়ে জনাম যিয়ে  ভাইৰাছৰ পৰা ৰক্ষা আৰু যুঁজ দিয়া দুয়োটাৰ সামৰ্থ্য বৃদ্ধি কৰিব পাৰে।

COVID 19 Ayurvedic Tips

আয়ুৰ্বেদিক চিকিৎসক অখিলেশ শৰ্মাৰ টিপচ অনুসৰি -  
1. আপুনি ঘৰৰ বাহিৰলৈ গৈ ঔষধ আনিব নালাগে, আপুনি আপোনাৰ ঘৰৰ পাকঘৰতেই থকা হালধি, জালুক, ডালচেনি, অশ্বগন্ধা, আমৈ লতা, তুলসী আদিৰ দৰে বস্তু গ্ৰহণ কৰি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
2. এই সকলোবোৰ বস্তুৰ ভিতৰত হালধি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কাৰ্যকৰী। হালধি-গাখীৰ খোৱাটোৱে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা কৰাই নহয়, ই কৰোনাৰ দ্বিতীয় ঢৌৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ। কিয়নো মিউটেন্ট ভাইৰাছে হাঁওফাঁও দুৰ্বল কৰি তুলিছে আৰু তেনে অৱস্থান হালধি-গাখীৰ আৰু গৰম পানী-হালধি সেৱনে হাঁওফাঁওৰ সংক্ৰমণ প্ৰতিহত কৰে। আপুনি যদি কেৱল হালধি-গাখীৰ খাব নোৱাৰে তেন্তে তাত চফ বা ইলাচী যোগ দি সহজে খাব পাৰে।
3.যদি আপুনি বজাৰলৈ যায় তেন্তে বজাৰত সহজে উপলব্ধ Shadbindu Oil দৰে আয়ুৰ্বেদিক তেল নাকত লগালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি আপুনি বজাৰলৈ যাব নিবিচাৰে তেন্তে তিলৰ তেলত অলপ হালধি যোগ কৰি সেৱন কৰিব পাৰে। 
4. ইয়াৰ লগতে সেউজীয়া শাক পাচলি যেনে লাও, জিকা, পালেং শাক আৰু মগু ডালি আপোনাৰ দৈনন্দিন জীৱনৰ আহাৰৰ অংশ বনাওক।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

5. যোৱা বছৰ কৰোনাৰ সময়ত আয়ুষ মন্ত্ৰালয়ে কৰণাৰ পৰা বাচিবলৈ কাঢ়া পান কৰাৰ পৰামৰ্শ দিছিল। ইয়াৰ  নিয়মীয়া ব্যৱহাৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। 1 ডাঙৰ কাপ পানীত  জালুক, ডালচেনি, লং, ইলাচী, জেষ্ঠমধু, অলপ আদা , এক চিমুটি হালধিৰে উতলাই সহজে কাঢ়া তৈয়াৰ কৰিব পাৰি।
6. কৰোনা ভাইৰাছ পৰিহাৰ কৰিবলৈ আমি আমাৰ হাঁওফাঁওটোও শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ। কিয়নো দেখা গৈছে যে অক্সিজেনৰ স্তৰ কম হ'লে ৰোগীক বচোৱা কঠিন হৈ পৰে। সেয়েহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে খোৱা-বোৱা কৰাৰ উপৰিও, চিকিৎসকসকলে প্ৰাণায়াম আৰু উশাহ-নিশাহৰ ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে।
এইয়া আছিল আয়ুৰ্বেদিক চিকিৎসকসকলৰ পৰা পোৱা পৰামৰ্শ আছিল। কিন্তু কেৱল উন্নত ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিলেই কৰোনা নহব তেনে কথা নহয় । দিল্লীৰ এখন কোভিড চিকিৎসালয়ত কাম কৰা ডাঃ ৰেণুকাৰ মতে, আহিবলগীয়া সময়বোৰ অতি সংবেদনশীল। এনে পৰিস্থিতিত, সকলোৱে মুখত মাস্ক পৰিধান কৰাৰ পৰা হাত ধোৱা আৰু সামাজিক দূৰত্ব আদি প্ৰটোকলবোৰ গুৰুত্বসহকাৰে অনুসৰণ কৰিব লাগিব ।

লগতে পঢ়ক - কৰণা ভাইৰাচৰ নতুন ভেৰিয়ন্ট । জানক ইয়াৰ লক্ষণসমূহ ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/ayurvedic-measures-for-self-care-during-covid19.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close