দৃষ্টিশক্তি বৃদ্ধি কৰাৰ টিপচ Improve Eyesight Tips
চকু (Eye) আমাৰ শৰীৰ এনে এটা গুৰুত্বপূৰ্ণ অংগ যাৰ দ্বাৰা আমি আমাৰ চাৰিওফালৰ সকলো বস্তু অতি সহজে আৰু স্পষ্টভাৱে চাব পাৰোঁ। সেয়েহে চকু সু্স্থ কৰি ৰখাটো যথেষ্ট দৰকাৰ । যেতিয়া চকুত সামান্য ত্ৰুটি আহি পৰে তেতিয়া আমি চশমাৰ আশ্ৰয় ল'ব লাগে লগতে ইয়াৰ পিছত আমাৰ চকুত প্ৰায়ে চিকিৎসাৰ প্ৰয়োজন আহি পৰে । অৱশ্যে,কিছুমান ঘৰুৱা টিপচ আৰু খাদ্যৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি ( Eyesight) বৃদ্ধি কৰিব পৰা যায় । আজি আপোনাক চকুৰ দৃষ্টিশক্তি ( Eyesight) বৃদ্ধি কৰিবলৈ কেইটামান কিটিপ (Tips) দিবলৈ চেষ্টা কৰিম ।
গোলাপ জল Rose water
গোলাপ জল চকুৰ বাবে অতি কাৰ্যকৰী বুলি গণ্য কৰা হয় এই কথা আমি প্ৰায়ে জানো । যদিও গোলাপ জলে ছাল উন্নত কৰিবলৈও কাম কৰে ইয়াৰ উপৰিও কিছুমান বৈজ্ঞানিক অধ্যয়নে নিশ্চিত কৰিছে যে গোলাপ জলৰ ব্যৱহাৰে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শৰ সৈতে দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি সপ্তাহত দুইৰ পৰা তিনিবাৰ চকুত গোলাপ জলৰ দুইৰ পৰা তিনি টোপাল দিব পাৰে । চকুৰ তল কলা পৰা সমস্য়াটো এই গোলাপ জল (Rose water)অতি সহায়ক হিচাপে বিবেচিত হৈছে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
খাটি সৰিহৰ তেল Pure mustard oil
ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ দ্বাৰা বহু লোকৰ ওপৰত পৰীক্ষণ কৰি দেখা গৈছিল যে সৰিয়হৰ তেল ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে। পৰীক্ষণৰ সময়ত, সৰিয়হৰ তেল কেইবাগৰাকী ব্য়ক্তিৰ ভৰিত প্ৰায় 10 মিনিটৰ বাবে মালিচ কৰা হৈছিল আৰু তেওঁলোকৰ দৃষ্টি ক্ষমতাও ইতিবাচকভাৱে উন্নত হৈছিল। সেয়েহে বৈজ্ঞানিক প্ৰমাণৰ আধাৰত দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ সৰিয়হৰ তেল দৈনিক 10 মিনিটৰ বাবে মালিচ কৰিলে আ ইতিবাচক লাভালাভ পাব পাৰি।
আমলখি Emblica
আমলখি হৈছে এনে এটা ফল যাক আপুনি বিভিন্ন ৰূপত খাব পাৰে। ইয়াক চাটনিৰ পৰা আৰম্ভ কৰি আচাৰ আৰু ৰস হিচাপেও খাব পাৰি । আচলতে, ইয়াত ভিটামিন চি থাকে, যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। এণ্টি-অক্সিডেণ্টে ৰেটিনা স্বাস্থ্যকৰ কৰি ৰাখিবলৈ কাম কৰে। এই ৰেটিনাই স্বাস্থ্যকৰ থাকিলে আমাৰ চকুৰ দৃষ্টিশক্তিও অক্ষত অৱস্থাত থাকে ।
ব্ৰ'কলি (Broccoli)
আমাৰ বহুতো খাদ্য আছে যিয়ে আমাৰ দৃষ্টি শক্তি স্বাস্থ্যকৰ কৰি ৰাখে । এইবোৰ মুখ্যতঃ হৈছে গাজৰ, ব্ৰ'কলি, আখৰোট, পালেং শাক আৰু কল। গতিকে আপুনি এই খাদ্যবোৰ আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰি আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে।
ইয়াৰ উপৰিও আন কিছুমান ঘৰুৱা টিপচ যিয়ে আপোনাক চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰিব সেইয়া হৈছে -
- ৰাতিপুৱা খালি ভৰিৰে সেউজীয়া ঘাঁহনিৰ ওপৰত খোজ কাঢ়িলে দৃষ্টি শক্তি বৃদ্ধি পায় ।
- আমলখিৰ পানীৰে চকু ধোলে চকু স্বাস্থ্যকৰ হৈ থাকে ।
- ৰাতিপুৱা, মুখৰ লালতি যদি একেৰাহে 6 মাহ ধৰি কাজল লগোৱাৰ দৰে লগোৱা হয় তেন্তে আপোনাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় ।
- গৰুৰ ঘিউৰে দৈনিক কাণৰ তলত লাহে লাহে মালিচ কৰিলে চকুৰ দৃষ্টি শক্তি বৃদ্ধি হয় ।
"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."


No comments:
Post a Comment