ঠাণ্ডা দিনত প্ৰায় সকলো মানুহে জোতা ব্যৱহাৰ কৰিব লগা হয় । কিছুমানৰ বাবে কিন্তু এই জোতা পিন্ধা কেতিয়াবা সমস্যাৰ কাৰণ হব পাৰে যিহেতু ইয়াৰ পৰা ওলোৱা দুৰ্গন্ধই আপোনাক লাজত পেলাব পাৰে । আপুনি অফিচ বা ঘৰত জোতা খুলি ভৰি উলোৱাৰ লগে লগে নাক বন্ধ কৰিব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । ফলত কেতিয়াবা বিৰক্তিও অনুভৱ হয়। ভৰিৰ পৰা ওলোৱা গোন্ধক ব্ৰমিহাইড্ৰোচিছ বুলিও কোৱা হয়।
সাধাৰণতে এই সমস্যাবোৰ এনে লোকৰ বাবে হয় যাৰ ভৰিৰ ঘাম শুকাই নাযায় । আমাৰ সকলোৰে চালত বেক্টেৰিয়া থাকে আৰু ঘাম ওলালে যেতিয়া ঘামৰ স্ংস্পৰ্শত আহে তেতিয়া ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। বজাৰত ভৰিৰ গোন্ধ আঁতৰ কৰাৰ কোনো অতি কাৰ্যকৰী বস্তু পোৱা নাযায়, কিন্তু বহুতো ঘৰুৱা প্ৰতিকাৰ আছে যাৰ দ্বাৰা আপুনি এই সমস্যাটোৰ পৰা ৰক্ষা পাব পাৰে ।
১. বেকিং চ'ডা
ছডিয়াম কাৰ্বনেটক সাধাৰণতে বেকিং চ'ডা বুলি কোৱা হয়। ভৰিৰ পৰা গোন্ধ আঁতৰাবলৈ ই এক অতি কাৰ্যকৰী আৰু সহজ উপায়। ই ঘামৰ pH স্তৰ স্বাভাৱিক কৰে আৰু বেক্টেৰিয়া নিয়ন্ত্ৰণত কাৰ্যকৰী কৰে। ইয়াৰ বাবে মৃদু কুহুমীয়া গৰম পানীত বেকিং চ'ডা মিহলি কৰি লওক । ভৰি দুখন 15ৰ পৰা 20 মিনিটৰ বাবে পানীত ডুবাই দিয়ক। কেইসপ্তাহমানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিলে লাভান্বিত হ'ব।
২. ফিটকিৰি
ফিটকিৰি সাধাৰণতে কহা সোৱাদযুক্ত আৰু ইয়াৰ এন্টিছেপ্টিক গুণো আছে। ই বেক্টেৰিয়া বিকশিত হোৱাত প্ৰতিহত কৰে। এক চামুচ ফিটকিৰি পাউডাৰ এক মগ পানীত মিহলাই ভৰি ধুৱক। কেইদিনমানৰ ভিতৰতে আপোনাৰ ভৰি গোন্ধোৱা সমস্যা আঁতৰ হ'ব।
৩. আদা আৰু ভিনিগাৰ
যদি আপুনি বিচাৰে, সমান্য় ভিনিগাৰ মিহলি পানিৰে ভৰিখন ধুব পাৰে নাইবা ভৰিত আদাৰ ৰস সানি লৈ তাৰ পিছত ভৰিবোৰ গৰম পানীৰে ধুব পাৰে। এনে কৰিলে ভৰিৰ গোন্ধ আতৰ হয়।
৪.চাহ পাতৰ বেগ
চাহ পাতৰ বেগ ব্যৱহাৰ কৰিলেও জোতাৰ গোন্ধ সহজে আঁতৰাব পাৰে। হয়, টি-বেগত থকা টেনিনবোৰে বেক্টেৰিয়া ধ্বংস কৰিবলৈ কাম কৰে । জোতাৰ দুৰ্গন্ধ আঁতৰাবলৈ, প্ৰথমে টি-বেগটো কিছু সময়ৰ বাবে উতলা পানীত ৰাখক। তাৰ পিছত টিবেগটো পানীৰ পৰা উলাই আনক আৰু কিছুসময়ৰ বাবে ঠাণ্ডা হবলৈ দিয়ক । এতিয়া জোতাৰ দুৰ্গন্ধ আঁতৰাবলৈ এই টি বেগবোৰ জোতাৰ ভিতৰত কিছুসময়ৰ বাবে ৰাখক। এনে কৰিলে, জোতাৰ দুৰ্গন্ধ আঁতৰ হয়।
জোতা আৰু মোজাৰ ক্ষেত্ৰত সাৱধানীয়তা
দিনত অতি কমেও এবাৰ আপোনাৰ মোজা সলনি কৰক আৰু অধিক টান ফিটিং জোতা পিন্ধাৰ পৰা দূৰত থাকক ।প্ৰতিদিনে এজোৰ জোতাকে পিন্ধিব নালাগে আৰু জোতা পিন্ধা 24 ঘণ্টাৰ বাবে শুকুৱাবলৈ এৰি দিয়ক যাতে সেইবোৰৰ ভিতৰৰ আৰ্দ্ৰতা শেষ হৈ যায়।অধিক ঘাম শোষণ কৰিব পৰা মোজা পিন্ধিব লাগে ।চামৰা বা কেনভাছেৰে নিৰ্মিত জোতা পিন্ধিব। প্লাষ্টিক, ৰবৰ আদিৰে নিৰ্মিত জোতা যিমান সম্ভৱ পিন্ধিব নালাগে।
No comments:
Post a Comment