খানা খোৱাৰ পিছত খোজ কাঢ়াৰ আচৰিত লাভ । Health benefits of walking after meals - Dimpu Baruah

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, December 5, 2020

খানা খোৱাৰ পিছত খোজ কাঢ়াৰ আচৰিত লাভ । Health benefits of walking after meals

সাধাৰণতে যেতিয়া আমি গধুৰ আহাৰ গ্ৰহণ কৰো তাৰ ঠিক পিছতে অতি ভাগৰ ভাগৰ অনুভৱ হয় । খানা খোৱাৰ পাছত এলেহুৱা অনুভৱ হয় আৰু বহুতেই খানা খোৱা শেষ হোৱাৰ পাছতেই যতেই সুবিধা পায় তাতে বহি যায় নাইবা বাগৰি দিয়ে। এনেধৰণৰ কাৰ্যকালাপৰ দ্বাৰাই আপুনি আপোনাৰ স্বাস্থ্যৰ সৈতে ভুল কৰে। কেতিয়াও গধুৰ খাদ্য সেৱন কৰাৰ পিছত বহা নাইবা শোৱাটো উচিত নহয়। তাৰ সলনি, নিজকে ফিট আৰু স্বাস্থ্যৱান হৈ ৰাখিবলৈ খানা খোৱাৰ পাছত আৰামদায়কভাৱে অতিকমেও আধা ঘণ্টা খোজ কাঢ়িবলৈ যাওঁক।
Walk-after-foods-benefits

আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কাঢ়াৰ লাভ

আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কাঢ়াৰ কিছু লাভালাভ হৈছে :
1. খাদ্য হজম কৰাত সহায় কৰে । 
Walk+After+Foods

যদি আপুনি অত্যাধিক খোৱাৰ পিছত যদি এলেহুৱা অনুভৱ কৰে তেন্তে বাহিৰলৈ যাওঁক আৰু খোজ কাঢ়ক। আপুনি নিশ্চয় জানে যে হজম হৈছে আপুনি খোৱা খাদ্য ভঙাৰ প্ৰক্ৰিয়া । আপুনি খোৱা শেষ কৰাৰ লগে লগে এই কাৰ্য্য আৰম্ভ হয়। খোজ কঢ়াই শৰীৰৰ হজমৰ প্ৰক্ৰিয়া সহজ কৰাত সহায় কৰাৰ লগতে পেটৰ বিভিন্ন সমস্যা সমাধানত সহায় কৰে কৰে, যাৰ ভিতৰত আছে বদহজম আৰু বুকুৰ জ্বলাপোৰা । 
2 . মেটবলিজম (বিপাক)ৰ গতি বৃদ্ধি কৰে । 
Walk+after+foods+benefits

যদি আপুনি এটা সুষ্ট দৈহিক সঠিক আকাৰত থাকিবলৈ ইচ্ছুক তেনেহ'লে আহাৰৰ পিছত খোজ কাঢ়াটো অতি গুৰুত্বপূৰ্ণ কিয়নো ই আপোনাৰ বিপাকৰ প্ৰক্ৰিয়াক উত্তেজিত কৰাত সহায় কৰে, যি ইয়াৰ ফলত কেল'ৰি বাৰ্ণ সহায় কৰে। আপোনাৰ বিপাক যিমান দ্ৰুততাৰে হব,সিমানেই গতিত আপোনাৰ কেল'ৰি বাৰ্ণ হব আৰু সেইদৰে, আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকিব ।
3. আৰামদায়ক টোপনি অহাত সহায় কৰে ।  
Walk-after-foods-benefits-in-assamese

বহুবাৰ আমি আমাৰ মনত যথেষ্ট মানসিক চাপৰ সৈতে শুবলৈ যাওঁ। কাম বা ব্যক্তিগত জীৱনৰ কিছু সমস্যাই আমাক এক শান্ত আৰামদায়ক টোপনি উপভোগ কৰিব নিদিয়ে । আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কাঢ়িলে ই কেৱল মানসিক চাপৰ পৰিমাণ হ্ৰাস কৰাই নহয় আপোনাৰ তেজৰ সঞ্চালনো বৃদ্ধি কৰাত সহায় কৰে আৰু এই দুয়োটাই আপোনাৰ এক শান্ত-আৰামদায়ক টোপনিৰ বাবে গুৰুত্বপূৰ্ণ ।
4. ব্লাড চুগাৰ (ৰক্ত শৰ্কৰা) হ্ৰাস কৰে ।
Health+benefits+of+walking+after+meals

যদি আপুনি আহাৰ খোৱাৰ পিছত মাত্ৰ 30 মিনিট খোজ কাঢ়ি আপোনাৰ ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰিব পাৰে তেন্তে ঔষধ খোৱাৰ প্ৰয়োজনীয়তা কত ? ডায়বেটিচৰ বিপদাশংকা থকাসকলৰ বাবে, লগতে যিসকলে এক স্বাস্থ্যকৰ জীৱন শৈলী ৰক্ষা কৰিব বিচাৰে তেওঁলোকৰ বাবে ই এক আচৰিত সমাধানৰ বাতৰি। 
5. ওজন হ্ৰাস কৰাত সহায় কৰে । 
Health+benefits+of+walking+after+dinner

ওজন হ্ৰাস কৰিবলৈ আমাৰ ভিতৰত কিমানজন দৰাচলতে  নিয়মীয়া ব্যায়ামৰ ৰুটিন অনুসৰণ কৰিবলৈ সক্ষম হয় ? সুখৱৰটো হৈছে যে আপুনি খোজ কাঢ়িও আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে। খোজ কঢ়াৰ ফলত কেল'ৰি জ্বলোৱাত সহায় হয় লগতে তেজ প্ৰৱাহ নিয়ন্ত্ৰন কৰি  এক স্বাস্থ্যকৰ ওজন বজাই ৰখাত সহায় কৰে ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

newwww 

  whatsapp-fonts 

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

2 comments:

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

btn_close