সাৱধান হৈ থাকক ! এইটো একেবাৰে নতুন পদ্ধতি । জানক আৰু আপোনাৰ বেংক একাউন্ট সুৰক্ষিত ৰাখক । Cyber Crime Fraud - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, December 24, 2020

সাৱধান হৈ থাকক ! এইটো একেবাৰে নতুন পদ্ধতি । জানক আৰু আপোনাৰ বেংক একাউন্ট সুৰক্ষিত ৰাখক । Cyber Crime Fraud

 Jaamtara বুলি এখন Web Series চাইছিলোঁ । তাত কেনেকৈ লোন বা অন্য কিবা Scheme ত গ্ৰাহকৰ পৰা কেনেকৈ পইছা ওলাই নিছিল সুন্দৰ কৈ দেখুৱাইছে । আজি কিছুদিনৰ পৰা এটা ফোন আহি আছিল যে চাৰ, PMEGS ৰ পৰা এটা Start up loan লওঁক !
How to save your bank account money

আমাৰ বেছিভাগ কাম অনলাইনৰ যোগেৰে বা টেলিফোনতে হয়, বহুত পাৰ্টীক আজিলৈ আমি দেখাই পোৱা নাই! কিন্তু কামবোৰ হৈ থাকে । আমাৰ ডাটা বিভিন্ন সংস্থাৰ হাতত আছে! গতিকে বহুত কামুৰি থকাই তেওঁলোকক KYC documents দিলোঁ, লগতে বেংক ষ্টেটমেন্ট।
যোৱাকালি আকৌ ফোন কৰি ক’লে যে চাৰ, আপোনাৰ মিনিমাম balance কম আছে, গতিকে ৪০ হাজাৰ মান টকা ডিপজিট কৰি দিব আৰু ডিপজিট কৰি বেংক ষ্টেটমেন্টবোৰ দি দিব । ৰাতিপুৱা আকৌ ফোন কৰিলে ডিপজিট কৰিলো নে নাই । মই ক’লো দুটামান বজাত কৰি দিম । শেষত ৪৮০০০ টকা ডিপজিট কৰি statement পঠাই দিলোঁ!
লগে লগে তেওঁলোকে এটা লিংক পঠাই দিলে যত মই ২৫০ টকা ফিজ জমা দিব লাগিব । আৰু লিংকটো হ’ল www.pmegpkvic.com আৰু লিংকত গৈ Register কৰিব দিলে । লিংক খুলি দেখো হয় অশোক স্তম্ভ, মোডী চাৰহতৰ ফটো চব আছে ।  মোক গাইড কৰি থাকিল আৰু ক’লে Register now ত ক্লিক কৰক ।
ক্লিক কৰি দেখিলো যে হয়, ২৫০ টকাৰে লিংক! মোক কৈ থাকিলে যে যিটু একাওন্টৰ statement দিলোঁ তাৰ Debit card হে use কৰিব! চব কৰি গৈ থাকিলোঁ, কিন্তু দুবাৰ কৰাৰ পাছত OTP নাহিল! বোধকৰো নেটৱৰ্কৰ বাবে ! 
তেতিয়া তেওঁলোকে ক’লে যে কাৰ্ডৰ ডিটেইলছ দিয়ক । আমি কৰি দিওঁ! লগে লগে মোৰ সন্দেহ হ’ল আৰু ক’লো যে মই কাৰ্ডৰ ডিটেইলছ দিব নোৱাৰোঁ । তেওঁলোকেও ক’লে যে ঠিক আছে আকৌ নিজে ভালদৰে ট্ৰাই কৰক!লগে লগে মই এখন বেলেগ কাৰ্ডেৰে ট্ৰাই কৰিলোঁ যত ৩২০ টকা হে আছিল । ২৫০ গ’লেও যাওঁক ।
এইবাৰ OTP আহিল আৰু লগে লগে OTP entry কৰিলোঁ ।লগে লগে মেচেজ আহিল যে your transaction can not be processed due to insufficient balance. মই আচৰিত !
OTP ৰ মেচেজ ভালদৰে চাই দেখিল "78786 is OTP to proceed with TRXN on IndusInd Card xxxx2297 at 250 Debit PMEGP for INR 40000.00. OTP valid till 16:27:29. Do not share with anyone - IndusInd Bank".
মানে ৪০০০০ টকাৰ চুনা পাক্কা আছিল ! Digital India ঠিকে আছে কিন্তু digital India ৰ নামত এইবোৰো হয়!মই কিবাকৈ বাচিলোঁ, ভাগ্যত! আৰু তেওঁলোক পুৰা well trained । কি কথা ক’ব লাগে, কি ডকুমেন্ট লাগে পুৰা জানে!গতিকে beware! চবৰে ভাগ্য একে নাথাকে।

- Luit Kurmar Barman

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close