গ্লিচেৰিন হৈছে কামৰ বস্তু.. জানক কি কি কামত হয় ইয়াৰ উপযোগী । Benefits of Glycerin Medicine - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, December 25, 2020

গ্লিচেৰিন হৈছে কামৰ বস্তু.. জানক কি কি কামত হয় ইয়াৰ উপযোগী । Benefits of Glycerin Medicine

ঠাণ্ডাৰ বতৰত ছালৰ লগতে শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে । এনে অৱস্থাত গ্লিচাৰিণ বিভিন্ন কামত আহিব পাৰে । গ্লিচেৰিন সচৰাচৰ প্ৰায় সকলোৰে ঘৰত সহজলভ্য । গ্লিচেৰিনৰ ব্যৱহাৰ ছালৰ লগতে ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। গ্লিচেৰিনৰ বিভিন্ন ব্যৱহাৰ সমূহ জানো আহক ।
Benefits of medicine glycerine

গ্লিচাৰিণৰ বিভিন্ন ব্যৱহাৰসমূহ

  1. গ্লিচেৰিন গোলাপ জলৰ সৈতে মিহলি কৰি লগালে চাল কোমল হোৱাৰ লগতে উজ্বলতাও বৃদ্ধি হয়। গ্লিচেৰিনৰ সৈতে গোলাপৰ জল ভালদৰে মিহলি কৰক আৰু ৰাতি শোৱাৰ আগতে মিশ্ৰণটো মুখত লগাওক, ই আপোনাৰ মুখৰ চালৰ শুকান হোৱাত বাধা প্ৰদান কৰে লগত ছাল পৰিষ্কাৰ কৰে । এই মিশ্ৰণটো 10 মিনিটৰ বাবে মাছেজ কৰিলে ছালৰ সতেজতা বৃদ্ধি পায় আৰু চাল কোমল হৈ পৰে ।
  2. সপ্তাহত 3 বাৰকৈ গোলাপ জল আৰু গ্লিচেৰিনৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু মালিচ কৰক। মালিচ কৰিলে চালত থকা ধুলিৰ কণাবোৰ আঁতৰি যায়। এই মিশ্ৰণটোৰ দ্বাৰা মাচাজ কৰিলে তেজ প্ৰচলন ভালদৰে হয় আৰু মুখৰ ছাল কোঁচ নাখায় । এই মিশ্ৰণৰ ব্যৱহাৰে কলা দাগ আতৰ কৰে আৰু মুখখন উজ্জ্বল কৰি দিয়ে। গতিকে, আপুনি এই মিশ্ৰণটো এবাৰ ব্যৱহাৰ কৰি চাওক ।
  3. যদি আপোনাৰ শৰীৰৰ কোনো অংশ জ্বলি যায় , তেন্তে জ্বলা স্থানত গ্লিচেৰিন প্ৰয়োগ কৰক । কিয়নো জ্বলা অংশত গ্লিচেৰিন প্ৰয়োগ কৰিলে জ্বলা-পোৰা হ্ৰাস হয় আৰু জ্বলা অংশত ফুলিও নাথাকে।
  4. যেতিয়া আমাৰ কাহ হয়, তেতিয়া আমাৰ কণ্ঠ টনচিল বৃদ্ধি হয় আৰু ডিঙি কন্ঠ বিষাবলৈ ধৰে । এনে অৱস্থাত গৰম পানীত গ্লিচাৰিন মিহলাই কুলকুলি কৰা উচিত। এনে কৰিলে বৰ্ধিত টনচিল হ্ৰাস হয় লগতে কণ্ঠৰ বিষও কমি যায় । 
  5. যদি আপোনাৰ চাল ফাটিব ধৰিছে তেন্তে গ্লিচেৰিন লগাওক ই চাল কোমল কৰাৰ লগতে চালত এক নতুন জীৱনৰ সৃষ্টি কৰে। যদি নখ গ্লিছাৰিনেৰে পৰিষ্কাৰ কৰা হয় তেতিয়া নখবোৰো উজ্জ্বল হয় আৰু নখৰ হালধীয়াতা দূৰ হয়।
আজি আমি গ্লিচাৰিণৰ বিভিন্ন উপকাৰসমূহৰ বিষয়ে জানিলো । আশাকৰো এই লিখনিৰ দ্বাৰা আপোনালোকক কিছু নজনা কথাৰ জ্ঞান দিব পাৰিছো । যদি লিখনিটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব । মনত ৰাখিব যিকোনো সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/betel-leaves-benefits.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close