মকৰাৰ জালৰ পৰা অশান্তি পাইছে নেকি ? জানক কিদৰে খেদাব মকৰা । How to get rid of spiders. - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, November 17, 2020

মকৰাৰ জালৰ পৰা অশান্তি পাইছে নেকি ? জানক কিদৰে খেদাব মকৰা । How to get rid of spiders.

স্পাইডাৰ বা মকৰা প্ৰায় প্ৰতিটো ঘৰতেই কোনোবা নহয় কোনোবা স্থানত দেখা যায়। বিশেষকৈ খিড়কী, ঘৰৰ চিলিংৰ কোণ, ঘৰুৱা আচবাবৰ তল নাইবা ঘৰৰ নিয়মীয়াকৈ পৰিস্কাৰ নথকা স্থান আদি স্থানত মকৰাৰ জাল দেখা পোৱা যায় ।  মকৰাৰ বহু প্ৰকাৰৰ প্ৰজাতি আছে। অৰণ্যত পোৱা মকৰাৰবোৰ সাধাৰণতে বিষাক্ত হব পাৰে । সাধাৰণতে ঘৰত দেখা যোৱা বিষাক্ত নহয় ।
How to remove sprider web

ঘৰত পোৱা মকৰাৰবোৰৰ দংশন কৰিব পৰা দাত থাকে যদিও সেইয়া কীট পতংগক দংশন কৰি হত্যা কৰিবৰ বাবেহে কিন্তু সেইবোৰ দাঁতে মানুহৰ ছালৰ কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰে ।  ইয়াৰ উপৰিও ঘৰুৱা মকৰাৰ বিষও আমাৰ বাবে বেছি ক্ষতিকাৰক নহয়। তথাপিও বহুতেই মকৰা বেয়া পায় আৰু মকৰাৰ জাল ঘৰত হলে অশান্তিৰ সৃষ্টি হয় । তেনেস্থলত মকৰা ঘৰত নাথাকিবৰ বাবে আৰু মকৰাৰ জাল নহবৰ বাবে আমি আজি আপোনাক কেইটামান টিপচ জনাম ।

  1. মকৰাই পিপাৰমিণ্ট তেলক তীব্ৰ ঘৃণা কৰে। সেয়হে মকৰা আঁতৰাবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি। এটা স্প্ৰে বটল লৈ তিনি কাপ পানীৰে পূৰণ কৰক। তাত এক চামুচ বাচন ধোৱা লিকুইড মিহলি কৰক । লগতে এক চামুচ পিপাৰমিণ্ট তেল মিহলি কৰক। বটলটো জোকাৰি দিয়ক আৰু সেইবোৰ মিহলি কৰক। এতিয়া ইয়াক মকৰা থকা স্থানত স্প্ৰে কৰক। দিনত এবাৰকৈ কেইদিনমান সঘনাই স্প্ৰে কৰক। মকৰাৰ সমস্য়াৰ পৰা মুক্তি পাব। পিপাৰমিণ্ট তেল কিনিবলৈ তলত ইয়াত ক্লিক কৰক
  2. ভিনিগাৰ আৰু পানী সমান পৰিমাণত মিহলি কৰি স্প্ৰে বটল এটাত ভৰাই মকৰা থকা নাইবা মকৰাৰ জাল থকা স্থানত ছটিয়াই দিয়ক। ইয়াৰ উপৰিও মকৰা লুকাই থকাৰ সম্ভাৱনা থকা স্থানত এই স্প্ৰে ছটিয়াই দিয়ক । নাইবা আপুনি পোনপোটিকৈ মকৰাৰ ওপৰতো স্প্ৰে কৰিব পাৰি। ই মকৰা মৰি পেলোৱাত সক্ষম হয় ।
  3. নেমু বা কমলাৰ বাকলিৰ গোন্ধ মকৰাই ভাল নাপায় । গতিকে নেমু বা কমলাৰ বাকলিৰ দ্বাৰায়ো মকৰা অহাত প্ৰতিৰোধ কৰিব পাৰি।
  4. নেমু বা ভিনিগাৰৰ দৰে চাধাৰ গোন্ধও মকৰাই ভাল নাপায় । অলপ চাধা মোহাৰি মকৰা থকা স্থানত দিলেই মকৰা লগে লগে তাৰ পৰা আঁতৰি যায়। আন এটা উপায় হৈছে ধপাত অলপ দেৰীৰ বাবে পানীত তিয়াই ৰাখক। আৰু পানী স্প্ৰে কৰক। ইয়াৰ ফলত মকৰা কেতিয়াও নাহে ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

সাধাৰণতে, মকৰাই কামুৰিলে একো নহয় যদিও কেতিয়াবা  জ্বলা-পোৰা, ফুলা বা মৃদু বিষ হ'ব পাৰে। বেছিভাগ এসপ্তাহৰ ভিতৰতে আৰোগ্য হয়। মকৰাই কামুৰিলে সচৰাচৰ ঘৰুৱা চিকিৎসাৰ দ্বাৰা থিক কৰিব পাৰি ।  কটা স্থান চাবোন আৰু গৰম পানীৰে ধুব লাগে। তাৰ ঠিক পিছতে, বৰফ লগাব লাগে যাতে ফুলা নাথাকে। 10 মিনিটৰ বাবে ৰখি ৰখি এইদৰে বৰফৰ সেক লব লাগে। এনেদৰে, বৰফৰ সেক দিনত চাৰিৰ পৰা পাঁচবাৰ কৰিব লাগে । 

যদি মকৰাৰ দংশনৰ ফলত গা অধিক বেয়া লাগে অতি সোনকালে ডাক্তৰৰ সহায় লব নাপাহৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/11/how-to-get-rid-of-spiders.htm 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close