ঘৰত পইতাচোৰাৰ উৎপাত বাঢ়িছে নেকি ? এইকেইটা সাধাৰণ ঘৰুৱা বস্তুৰে শেষ কৰক এই সমস্যা । Home remedies to solve the problem of rats - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, November 14, 2020

ঘৰত পইতাচোৰাৰ উৎপাত বাঢ়িছে নেকি ? এইকেইটা সাধাৰণ ঘৰুৱা বস্তুৰে শেষ কৰক এই সমস্যা । Home remedies to solve the problem of rats

পইতাচোৰা সাধাৰণতে সকলোৰে ঘৰৰ পাকঘৰত দেখিবলৈ পোৱা যায় । কিছুমানৰ ঘৰত উপদ্ৰৱ বেছি কিছুমানৰ কম । পইতাচোৰাৰ উপদ্ৰৱ বৃদ্ধি পালে ঘৰত খাদ্য বস্তু বেয়া হোৱাৰ সম্ভৱনা থাকে । তেনে খাদ্য বস্তু খালে বেমাৰ হোৱাৰ সম্ভাৱনা থাকে ।
Cochroch Problem Solution in Assamese
 
বজাৰত বহুতো সামগ্ৰী পোৱা যায় যিয়ে দাবী কৰে যে এইবোৰ ব্যৱহাৰ কৰিলে পইতাচোৰা চিৰদিনৰ বাবে নাইকিয়া কৰিব পাৰি, কিন্তু এই ৰাসায়নিক ৰসায়নিক দ্ৰব্যৰ ব্যৱহাৰে স্বাস্থ্যৰ প্ৰতি বিপদৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ যেতিয়া আপোনাৰ ঘৰত শিশু সন্তান থাকে। এনেকুৱা অৱস্থাত ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰাই আটাইতকৈ অধিক লাভদায়ক বুলি প্ৰতিপন্ন হব পাৰে । যদি আপোনাৰ ঘৰত পইতাচোৰাৰ উৎপাত বাঢ়িছে তেন্তে এইকেইটা ঘৰুৱা সমাধানৰ সমাধান পাব পাৰে ।

1. তেজপাতৰ ব্যৱহাৰ - আপুনি জানি আচৰিত হব যে তেজপাতৰ গোন্ধ পালে পইতাচোৰা পলায় । ঘৰৰ যিবোৰ কোণত পইতাচোৰাৰ উৎপাত বেছি সেই কোণবিলাকত তেজপাত কেইপাতমান মোহাৰি থৈ দিয়ক ।পইতাচোৰা সেই স্থানৰ পৰা পলাই যাব। আচলতে, আপুনি যেতিয়া তেজপাত মোহাৰিব তেতিয়া আপোনাৰ হাতত পাতল তেল দেখিবলৈ পাব ।এই তেলৰ গোন্ধৰ বাবেই পইতাচোৰা পলাই যায় । কোণত দিয়া তেজপাতবোৰ মাজে সময়ে সলনি কৰক।

2. বেকিং পাউডাৰ আৰু চেনী - একে পৰিমাণৰ বেকিং পাউডাৰ আৰু চেনী মিহলি কৰক আৰু মিশ্ৰণটো যি যি স্থানত পইতাচোৰাৰ উৎপাত বেছি তেনে স্থানলৈ ছটিওক। চেনীৰ মিঠা সোৱাদে পইতাচোৰাৰবোৰক আকৰ্ষিত কৰে আৰু বেকিং চ'ডাবোৰে মৃত্যু ঘটোৱাত সহায় কৰে । 

3. কফি - ইমানদিনে আপুনি হয়তো কফি অকল খোৱাৰ বাবে ব্যৱহাৰ কৰিছিল কিন্তু জানি আচৰিত হব যে কফিৰ দ্বাৰা পইতাচোৰাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি ।যত আপুনি সচৰাচৰ পইতাচোৰা দেখা পায় তেনে ঠাইত কফিৰ কেইটামান দানা পেলাই থয় দিয়ক । সেই কফিৰ দানা খালেই পইতাচোৰাৰ মৃত্যু ঘটিব ।

4. লং -

তীক্ষ্ণ গুন্ধযুক্ত লং পইতাচোৰাৰ উপদ্ৰৱ কম কৰা এক ভাল উপায়। পাকঘৰৰ ড্ৰয়াৰ নাইবা ষ্টোৰ ৰুমৰ ছেল্ফবোৰত কেইটামান লং ৰাখি থওক। এই উপায়ৰ দ্বাৰা পইতাচোৰাবোৰ আঁতৰি যাব।

5. কেৰোচিন তেল- কেৰাচিন তেলৰ ব্যৱহাৰ কৰিলে পইতাচোৰা উপদ্ৰৱ নাইকিয়া হয় । কিন্তু বহুতেই কেৰাচিনৰ গোন্ধ ভাল নাপায় সেয়হে আপুনি বেলেগ উপায়ো অৱলম্বন কৰিব পাৰে ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

আন কিছুমান উপায়

-সকলো পানী ওলোৱা স্থানত জাল সদৃশ নেট ব্যৱহাৰ কৰিব লাগে।

- ফল আৰু পাচলিৰ বাকলিবোৰ ঘৰত বেছি সময়লৈ থাকিবলৈ দিব নালাগে ।

- পইতাচোৰাৰ সংখ্যা বৃদ্ধি হোৱাৰ আগতে এইবোৰ কাম কৰি লওক।

- যদি আপুনি বজাৰত কিনা স্প্ৰে ব্যৱহাৰ কৰে আপোনাৰ চেহেৰা ঢাকি ৰাখক।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close