তেজপাতৰ এইকেইটা আচৰিত ব্যৱহাৰ । জানি থওক কামত আহিব । Health Benefits of Bay Leaf (Tej Patta) in Assamese - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, November 13, 2020

তেজপাতৰ এইকেইটা আচৰিত ব্যৱহাৰ । জানি থওক কামত আহিব । Health Benefits of Bay Leaf (Tej Patta) in Assamese

তেজপাত প্ৰতিটো ভাৰতীয়ৰ পাকঘৰত সহজে পোৱা যাব। ই হৈছে এক মছলা যাক ব্যঞ্জনবোৰত ফ্লেভাৰ আৰু সুগন্ধ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই তেজপাতৰ যে আন কিছুমান আচৰিত গুণ আছে সেইয়া হয়তো আপুনি আজিহে গম পাব । সকলোবোৰ আজি আমি জনাম আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক । তেজপাতত বিভিন্ন ঔষধি গুণ আছে যি স্বাস্থ্যৰ বাবে অতি লাভজনক। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ তেলৰ সৃষ্টি কৰা হয় যত এণ্টি-বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে। 
benefits o bay leaves

তেজপ‍াতৰ লাভদায়ক গুণসমূহ

1. ডাইবেটিচ ৰোগীৰ বাবে লাভদায়ক
তেজপাতৰ ব্যৱহাৰ ডায়বেটিচ ৰোগত ভুগি থকা লোকৰ বাবে লাভজনক হ'ব পাৰে। টাইপ 2 প্ৰকাৰৰ ডায়বেটিচৰ বাবে তেজপাত লাভদায়ক বুলি প্ৰমাণিত হ'ব পাৰে। ই ব্লাড-চুগাৰ নিয়ন্ত্ৰিত কৰি ৰখাৰ লগতে হৃদযন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰাখে। গতিকে, যদি আপুনি টাইপ 2 প্ৰকাৰৰ ডায়বেটিচৰ বলি হয়, তেন্তে তেজপাত খাবলৈ আৰম্ভ কৰক।
2. টোপনি সমস্যা দূৰ কৰে
আপোনাৰ টোপনি বেছি নেকি ? তেন্তে চিন্তা নকৰিব তেজপাতে আপোনাক সহায় কৰিব । যদি বেছি টোপনি আহে তেন্তে  তেজপাত কমেও 6 ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখক আৰু শুৱা পৰা উঠি সেই পানী সেৱন কৰক । ই আপোনাক যথেষ্ট সকাহ আৰু নিদ্ৰা দূৰ কৰাত সহায় প্ৰদান কৰিব।
3. দাঁত আৰু দাঁত বিষৰ বাবে উপযোগী 
তেজপাত দাতৰ বাবেও লাভজনক হ'ব পাৰে। তেজপাতৰ পৰা সৃষ্টি হোৱা ছায়ে দাতৰ আলু শক্তিশালী কৰিব পাৰে। তেজপাতৰ তেল দাত বিষ হোৱা স্থানত প্ৰয়োগ কৰিলে বিষৰ পৰা আৰাম পায়। বেদনাদায়ক স্থানত সেই তেল দি মালিচ কৰিলে আপুনি যথেষ্ট লাভ পাব পাৰে ।  
4. কৰ্কট ৰোগৰ বিৰুদ্ধে যুজ দিয়াত সহায়
বিজ্ঞানে কৰ্কট ৰোগৰ দৰে বিপদজনক ৰোগৰ ওপৰত নিৰন্তৰ গৱেষণা কৰি আছে, কিন্তু ৰোগটোৰ সঠিক চিকিৎসা এতিয়াও অন্বেষণ কৰা হোৱা নাই।  অৱশ্য়ে , খোৱা বোৱাৰ যত্ন ৰাখি আৰু নিয়মীয়াকৈ ব্যায়াম কৰি কেন্সাৰৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি। তেজপাতো হৈছে কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰা খাদ্যবোৰৰ ভিতৰত এবিধ। ই কৰ্কট কোষৰ বিকাশত বাধা প্ৰদান কৰে । তেজপাতৰ গুণে পেটৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰিব পাৰে ।
5. ফাংগল ইনফেকচনৰ পৰা সুৰক্ষিত
তেজপাত এণ্টিফাংগেল গুণৰে সমৃদ্ধ। ই ফাংগল সংক্ৰমণৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে কাম কৰিব পাৰে। সেয়েহে, ফাংগল ইনফেকচনৰ বাবে তেজপাত ব্যৱহাৰ কৰিব পাৰি। এনচিবিআই ছাইটত উপলব্ধ এক বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা এয়া নিশ্চিত কৰা হয় ।
6. হজম উন্নত কৰে
ৰান্ধনীসকলৰ মতে, যথেষ্ট ঘিউ, মাখন আৰু মচলা থকা ব্যঞ্জনবোৰত তেজপাতৰ ব্যৱহাৰে হজম কৰাত সহজ কৰে। প্ৰমাণিত হৈছে যে তেজপাতে গেষ্ট্ৰোইণ্টেষ্টিনেল প্ৰণালীৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলায়, কিয়নো যেতিয়া কোনো বিষাক্ত সেৱন কৰা হয় তেতিয়া তেজপাতে প্ৰস্ৰাৱ আৰু বমিৰ যোগেৰে সেই বিষাক্ত সামগ্ৰী আঁতৰ কৰিব পাৰে ।
7.চুলিৰ যত্ন লোৱাত সহায়
যদি আপুনি চুলিসৰা, উফি আদি সমস্যাৰ বিষয়ে চিন্তিত তেজপাত ব্য়ৱহাৰ কৰি এই চিন্তা দূৰ কৰিব পাৰে। আপুনি ঘৰত মিক্সাৰত পিছি তেজপাতৰ পাউডাৰ বনাই লওক। আৰু তাত অলপ দৈ আৰু নেমু মিহলাই দিয়ক।ভালদৰে মিহলি কৰি আপোনাৰ মুৰৰ তালুত প্ৰতিদিন প্ৰয়োগ কৰক। ই আপোনাৰ চুলিৰ গুৰি শক্তিশালী কৰাত সহায় কৰে আৰু চুলিসৰাত সহায় কৰে। 
চৰ্দি-জ্বৰ আৰু বদহজমৰ দৰে সমস্যাৰ বাবে, তেজপাত উতলাই পানী খাব পাৰে।এই লিখনিত, আমি তেজপাতৰ গুণসমূহৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছো । আমি কব পাৰো যে মছলা হিচাপে তেজপাত খোৱাটো লাভজনক। ইয়াৰ গ্ৰহণে বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে। কিন্তু যদি কোনোবাই গুৰুতৰভাৱে অসুস্থ, চিকিৎসকে চিকিৎসা কৰিব লাগিব।

1 comment:

  1. এখেতে সদায় কিবা এটা জানিবলগীয়া কথা লিখে, মই সেইকাৰণে এই ৱেবছাইট ফলো কৰি থৈছোঁ। অসমীয়াত ভাষাত লিখা ৱেবছাইট তেনেই কম। আমিও এটা প্ৰয়াস কৰি আছো,অসমীয়া ভাষাত ইলেক্ট্ৰনিক গেজেট ৰ ওপৰত লিখোঁ। সদাসয় পাঠকে আমাৰ এই https://gadgetrgyan.blogspot.com ৱেবচাইট এবাৰ ভ্ৰমণ কৰিব বুলি আশা থাকিল।

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close