আপুনি পেচাব ৰখাই থয় নেকি ? জানক প্ৰস্ৰাৱ ৰখাই থোৱাৰ ভয়ংকৰ ক্ষতিসমূহ । Holding Pee Side Effects - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, November 24, 2020

আপুনি পেচাব ৰখাই থয় নেকি ? জানক প্ৰস্ৰাৱ ৰখাই থোৱাৰ ভয়ংকৰ ক্ষতিসমূহ । Holding Pee Side Effects

Holding Pee Side Effects

বহুলোকে বিশেষকৈ মহিলাসকলে প্ৰায়ে প্ৰসাৱ ৰখাই থয় । এইদৰে প্ৰস্ৰাৱ ৰখাই থলে শৰীৰৰ বাবে ভয়ংকৰ বিপদ মাতি অনাৰ দৰে হয় । প্ৰায় মানুহে পেচাব ৰখাই বেলেগ কামত অধিক গুৰুত্ব প্ৰদান কৰে। আয়ুৰ্বেদৰ মতে, শৰীৰৰ প্ৰাকৃতিক বেগক ৰখাই থব নালাগে। প্ৰাকৃতিক বেগ মানে ভোক, পানী পিয়াহ, মল, প্ৰস্ৰাৱ, পাদ, হাঁচি, উগাৰ, কাহ, বিৰ্য্যৰ বেগ ইত্যাদি।প্ৰস্ৰাৱ ৰখাই থোৱাৰ ফলত মূত্ৰাশয়, কিডনী বা প্ৰস্ৰাৱ নলীত জ্বলা-পোৰা আৰু ফুলা হ'ব পাৰে। ইয়াৰোপৰিও তলপেটত বিষ হব পাৰে। কিডনীৰ ওপৰতো বেয়া প্ৰভাৱ পেলায় ।

Holding Pee Side Effects

স্বাস্থ্যৱান ব্যক্তি এজনৰ মূত্ৰাশয়ত প্ৰায় 400 মিলি প্ৰস্ৰাৱ জমা হয় । শিশুৰ মূত্ৰাশয়ত 125 মিলিৰ পৰা 250 মিলি প্ৰসাৱ জমা হ'ব পাৰে।অৱশ্য়ে কেতিয়াবা কেতিয়াবা প্ৰস্ৰাৱ বন্ধ কৰাৰ প্ৰয়োজনীয়তা আাহি পৰে ।কেতিয়াবা কেতিয়াবা ই ক্ষতিকাৰক নহয় যদিও সঘন আৰু দীঘলীয়া প্ৰস্ৰাৱ ৰখাই থোৱাৰ পৰিণাম গুৰুতৰ হ'ব পাৰে ।

কিডনীয়ে পোনপোটিয়াকৈ কাম কৰি তেজ চাফা কৰি  অৱশিষ্ট আৰু বিষাক্ত পদাৰ্থসমূহ প্ৰস্ৰাৱৰ ৰূপত মূত্ৰাশয়লৈ প্ৰেৰণ কৰে। যেতিয়া মূত্ৰাশয় প্ৰায় আধা প্ৰসৱৰে পূৰ্ণ হয়, তেতিয়া মূত্ৰাশয়ৰ স্নায়ুবোৰ কাৰ্যক্ষম হৈ পৰে আৰু মগজুলৈ মুত্ৰাশয় পুৰ্ণ হোৱা আৰু বাথৰুমলৈ যোৱাৰ প্ৰয়োজনীয়তাৰ সংকতে প্ৰেৰণ কৰে । আৰু আমি বাথৰুম যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰো ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

কিমান সঘনাই প্ৰস্ৰাৱ কৰিব লাগে

এজন স্বাস্থ্যৱান ব্যক্তিয়ে দিনত প্ৰায় 6ৰ পৰা 8 বাৰ প্ৰস্ৰাৱ কৰে। কেতিয়াবা পানী আৰু তৰল পদাৰ্থ পৰিমাণৰ অত্যাধিক ব্যৱহাৰ কৰাৰ অভ্যাসে অধিক সঘনাই বাথৰুমলৈ যাবলগীয়া কৰিব পাৰে ।যদি আপোনাৰ ডায়বেটিচ আছে, অধিক প্ৰস্ৰাৱ  কৰা লাগে বুলি সকলোৱে জানে।

প্ৰস্ৰাৱ ৰখাই থোৱাৰ ক্ষতিসমূহ (Side Effects of Holding Pee)

প্ৰায়ে অত্যাধিক সময়ৰ বাবে প্ৰস্ৰাৱ ৰখাই থলে ইউৰিট্ৰি ট্ৰাক সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। সংক্ৰমণৰ ফলত বিষ আৰু প্ৰসৱৰ লগত তেজ যোৱা সমস্য়াৰো সৃষ্টি হয়। প্ৰস্ৰাৱ বহুসময়ৰ বাবে বন্ধ কৰিলে মূত্ৰাশয় ফুলি যোৱাৰ শংকা থাকে । ইয়াৰ ফলত সকলো সময়তে বিষ হয় আৰু প্ৰস্ৰাৱৰ কৰাৰ সময়তো তীব্ৰ বিষ হয়। যদি সমস্যাটো অত্যাধিক বৃদ্ধি হয়, কিডনীৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। কেতিয়াবা, কিডনী বিকল হোৱাৰ আশংকাও থাকে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close