ঠাণ্ডা দিনত গৰম পানীৰে গা ধোৱে নেকি ? জানি লওক কি কি অসুবিধা হ'ব পাৰে । Hot water bath side benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, November 25, 2020

ঠাণ্ডা দিনত গৰম পানীৰে গা ধোৱে নেকি ? জানি লওক কি কি অসুবিধা হ'ব পাৰে । Hot water bath side benefits

শীত অহাৰ লগে লগে মানুহে গৰম পানীৰে গা ধুবলৈ আৰম্ভ কৰে। বেছিভাগ লোকে গৰম পানীৰে গা ধোৱাৰ পিছত আৰাম অনুভৱ কৰে। গৰম পানী দি স্নান কৰা সহজ, কিন্তু ইয়াৰ ফলত ক্ষতিও হব পাৰে। গৰম পানীৰে গা ধুই শৰীৰৰ কি ক্ষতি হব পাৰে আমি জনি লও আহক।
Hot water bath side effect

শুকান ছাল -  

গৰম পানীৰে গা ধোৱাৰ ফলত শৰীৰে আৰ্দ্ৰতা হেৰুৱায় আৰু ছালখন শুকান কৰি তুলে। সংবেদনশীল (চেনচেটিভ) চাল থকা লোকসকলে গৰম পানীত স্নান কৰিব নালাগে। 

সংক্ৰমণৰ আশংকা

অধিক গৰম পানীৰে গা ধোৱাৰ ফলত শৰীৰৰ পৰা প্ৰাকৃতিক তেল আঁতৰ হব ধৰে ফলত শৰীৰত এলাৰ্জি আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ

এক অধ্যয়ন অনুসৰি, গৰম পানীৰে দীঘলীয়া সময়ৰ বাবে গা ধোৱাই পুৰুষৰ প্ৰজনন ক্ষমতাত ওপৰত প্ৰভাৱ পেলায় । প্ৰজনন ক্ষমতাৰ সমস্যা থকা লোকসকলে গৰম পানীত স্নান কৰিব নালাগে।

শৰীৰক এলেহুৱা কৰি তুলে

গৰম পানীৰে গা ধোৱাৰ পিছত, শৰীৰে অতি আৰাম অনুভৱ কৰে। গা ধোৱাৰ পিছত, শৰীৰ নিস্তেজ হৈ পৰে আৰু শুবলৈ ইচ্ছা যায়। আনহাতে ঠাণ্ডা পানীৰে গা ধুওঁতে গোটেই দিনটো ফুৰ্তি অনুভৱ হয়।

মুখৰ ছাল শোটোৰা পৰিব পাৰে

যদি আপুনি সময়ৰ আগতে আপোনাৰ মুখৰ ছালখন শোটোৰা পৰিব দিব নিবিচাৰে, গৰম পানীৰে কেতিয়াও গা ধুব নালাগে। গৰম পানীৰ ফলত শৰীৰৰ প্ৰাকৃতিক তেল নাইকিয়া হয়, যাৰ ফলত সোনকালেই ছাল শোটোৰা পৰিব ধৰে ।

চুলিৰ বাবে ক্ষতিকাৰক

গৰম পানীৰ দ্বাৰা গা ধুলে চুলি যথেষ্ট ক্ষতিগ্ৰস্ত হয়। গৰম পানীৰ ফলত মুৰৰ তালু শুকান হৈ পৰে । ইয়াৰ বাবে চুলিৰ গুৰি ক্ষতিগ্ৰস্ত হয় আৰু চুলি সৰিবলৈ আৰম্ভ হয়। 

নখৰ ওপৰত বেয়া প্ৰভাৱ

গৰম পানীয়ে হাত আৰু ভৰিৰ নখৰ ওপৰত বেয়া প্ৰভাৱ আছে। বেছি গৰম পানীৰ ব্যৱহাৰ কৰিলে নখ ভঙা, সংক্ৰমণ আৰু নখৰ চাৰিওফালৰ চাল ফাটি যোৱাৰ সমস্যা হ'ব পাৰে।

আশাকৰো এই লিখনিৰ দ্বাৰা আপোনালোকক কিছু নজনা কথাৰ জ্ঞান দিব পাৰিছো । যদি লিখনিটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/11/hot-water-bath-side-benefits.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close