Home Remedies For Headache in Assamese | Matha Bikh
মুৰৰ বিষ আজিকালি আমাৰ যেন সাধাৰণ সমস্যা হৈ পৰিছে । বিভিন্ন কাৰণত যেন মানসিক চাপ, পেশী সংকোচন, ৰক্ত নলী বা কিছুমান ৰাসায়নিক পদাৰ্থ বিষক্ৰিয়া হ'লে মুৰৰ বিষ হ'ব পাৰে। মুৰৰ বিষ সাধাৰণতে বদহজম, কোষ্ঠকাঠিন্য, উদ্বেগ, চিন্তা, চকুত জোৰ পৰা, টোপনিৰ অভাৱ বা অত্যাধিক কামৰ ফলত হয়। ঠাণ্ডা, জ্বৰ, উচ্চৰক্তচাপ আদি ৰোগৰ ফলতো মুৰৰ বিষ হয়। আজি আমি জনাম মূৰৰ বিষৰ পৰা ৰক্ষা পাবলৈ কেইটামান ঘৰুৱা টিপচ । মূৰৰ বিষ অধিক হলে ডাক্তৰৰ পৰামৰ্শ লবলৈ নাপাহৰিব ।
- ৰাতিপুৱা উঠি খালী পেটত আপেলৰ ওপৰত নিমখ লগাই খাওক । তাৰ পিছত কুহুমীয়া গৰম পানী নাইবা এক কাপ পাতল গৰম গাখীৰ খাই লওক। কেইদিনমানৰ ভিতৰতে মুৰৰ বিষ নাইকিয়া হ'ব।
- যিকোনো কাৰণতে মুৰৰ বিষ নহওক কিয় নাইবা মুৰৰ বিষ যিমানেই গুৰুতৰ নহওক কিয়, নহৰুৰ ফুটা এটাৰ বাকলি গুচাই আৰামদায়ক ভাৱে চোবাওক আৰু লাহে লাহে গিলিক। কিচুসময়ৰ ভিতৰতে মুৰৰ বিষ নাইকিয়া হ'ব।
- শীতকালত মুৰৰ বিষ হ'লে গোটা ধনিয়া আৰু মিছিৰিৰ কাঢ়া বনাই পান কৰিলে লাভান্বিত হ'ব।
- যদি পেটত গেছ হোৱাৰ বাবে মুৰৰ বিষ বা মুৰ ঘুৰোৱা হয়, তেনেহ'লে এটা নেমু গৰম পানীত চেপি পান কৰাৰ আৰাম পাব ।
- নহৰুৰ ফুটা পিহি পেলাই চকু আৰু কাণৰ মাজত থকা অংশত প্ৰলেপ দিয়াৰ ফলত মুৰৰ বিষৰ পৰা উপশম লাভ কৰিব পাৰি ।
- যদি গৰমৰ বাবে মুৰৰ বিষ হয়, তেন্তে লাওৰ ভিতৰত থকা গুটি আতৰাই মিহিকৈ কপালত প্ৰলেপ দিয়ক। ঘন্টাৰ ভিতৰতে মুৰৰ বিষ আতৰ হব ।
- তুলসিৰ পাত পিহি কপালত প্ৰলেপ দিলা মুৰৰ বিষৰ পৰা উপশম লাভ কৰিব পাৰি ।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
- শুকান আমলখি 10 দিনৰ বাবে সৰিয়হ তেলত ডুবাই ৰাখক। পিছত এই তেল মাথাত লগালে মুৰৰ বিষ উপশম হয়। এক কাপ গাখীৰত ইলাচি পিচি খালে মুৰৰ বিষৰ পৰা আৰাম লাভ কৰিব পাৰি ।
- আদা পিহি, পানী নাইবা গাখীৰত মিলাই তাৰ গোন্ধ নাকেদি সেৱন কৰিলে মুৰৰ বিষ আৰু মেগ্ৰেইনৰ বিষ কম হয় ।
লগতে পঢ়ক - ঔষধীয় গুণসম্পন্ন লাওৰ এই আচৰিত গুণসমূহ হয়তো আপুনি নাজানে ।
- যদি গৰম বা ঠাণ্ডাৰ বাবে মুৰৰ বিষ হয় তেন্তে ২-৩ টা তেজ পাত আৰু তাৰ ঠাৰি পানীত মিলাই পিচি অলপ গৰম কৰক আৰু মুৰত ডাঠ কৈ প্ৰলেপ লওক। যদি বিষটো এবাৰ প্ৰলেপ লওতে হ্ৰাস নহয়, তেনেহ'লে পুনৰ প্ৰলেপ দিয়ক। ই নিশ্চিতভাৱে মুৰৰ বিষৰ লাভালাভ কৰে।
- মুৰত অমলখিৰ পাউডাৰৰ প্ৰলেপ প্ৰয়োগ কৰিলে মুৰৰ বিষ উপশম হয়।
লগতে পঢ়ক - কেঁচা হালধিৰ গুণ, ইয়াৰ লাভালাভ জানিলে, আপুনি আজিয়েই আনিব কেচা হালধী ।
- যদি পুৰণি মুৰৰ বিষ হয়, তেন্তে 11 টা বেলৰ পাত পিছি পেলাই তাৰ ৰস খিনি উলিয়াই লওক । শীতকালত এই ৰস একো মিহলি নকৰাকৈ আৰু গ্ৰীষ্মকালত সামান্য পানী যোগ কৰি সেৱন কৰক , আৰাম পাব ।
"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."


No comments:
Post a Comment