জানো আহক । প্ৰথম স্থান লাভ কৰা ধৃতিৰাজে কিদৰে পঢ়া শুনা কৰিছিল । FIRST RANK IN ASSAM MATRIC 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, June 6, 2020

জানো আহক । প্ৰথম স্থান লাভ কৰা ধৃতিৰাজে কিদৰে পঢ়া শুনা কৰিছিল । FIRST RANK IN ASSAM MATRIC 2020

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিলে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই। ধৃতিৰাজ বাস্তৱ কলিতাই মুঠ ৫৯৫ নম্বৰ লাভ কৰিছে। তেওঁৰ শতকৰা হাৰ ৯৯.১ শতাংশ। পিছে কিদৰে পঢ়া শুনা কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই । সবিশেষ জানো আহক-

ধৃতিৰাজে দৈনিক নিয়মীয়াকৈ পঢ়িছিল । কিন্তু তেনে কোনো নিৰ্ধাৰিত সময় নাছিল  পঢ়াৰ।পঢ়িবৰ বাবে কেতিয়াও ক’ব লগা হোৱা নাছিল ধৃতিৰাজক। যেতিয়াই ইচ্ছা তেতিয়াই সি পঢ়িছিল। প্রথম শ্ৰেণীৰ পৰাই সি নিজৰ ইচ্ছা মতে পঢ়া শুনা কৰিছিল। পৰিয়ালৰ ফালৰ পৰাও কোনো ধৰণৰ জোৰ কৰা হোৱা নাছিল পঢ়িবলৈ।ধৃতিৰাজক পিতৃয়ে মাতে ‘পুতু’ বুলি। মাকে বাবা আৰু সম্বন্ধীয় লোকসকলে তাক ধুনু বুলি মাতে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলে ধৃতিৰাজক যথেষ্ট উৎসাহী কৰিছে। ভৱিষ্যতে তেওঁ  চিকিৎসক হ’ব খোজে যদিও অংকৰ শিক্ষক ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখি থৈছে। অঞ্চলটোত অংকৰ শিক্ষকৰ যথেষ্ট অভাৱ। সেয়েহে ধৃতিৰাজে বি.এছচি পঢ়াৰো সপোন আছে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close