লকডাউন ৩.০ : সোমবাৰৰ পৰা কি কি দোকান খুলিব, হিমন্তই কৰিলে ঘোষণা । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 3, 2020

লকডাউন ৩.০ : সোমবাৰৰ পৰা কি কি দোকান খুলিব, হিমন্তই কৰিলে ঘোষণা ।


৪ মে’ অৰ্থাৎ কালিৰ পৰা গ্ৰীণ জনত কি কি ধৰণৰ দোকান খুলিব  এই প্ৰসংগত হিমন্ত বিশ্বই সংবাদমেল যোগে কৰে ঘোষণা -
  • সোমবাৰৰ পৰা ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৫ বজালৈ ষ্টেণ্ড এল’ন অৰ্থাৎ অকলে থকা দোকানসমূহ নগৰ-চহৰ সকলোতে খুলিব পাৰিব । ইয়াৰোপৰিও ,একেলগে লাগি থকা দোকানসমূহৰ এক তৃতীয়াংশ দোকানহে খোলা থাকিব , বাকী বন্ধ থাকিব ।  কিন্তু  ফাৰ্মাচী বা গেলামাল দোকান হয় তেন্তে খুলিব পাৰিব।
  • একেলগে থকা মাৰ্কেট সমূহৰ মাৰ্কেট এছ’চিয়েশ্যনে আলোচনা কৰি কোনে কোন দিনাখন কি কি দোকান খুলিব পাৰিব সিদ্ধান্ত ল’ব। এক তৃতীয়াংশ দোকানহে খোলা থাকিব।
  • লগতে খুলিব পাৰিব চাহৰ দোকান, ৰেষ্টুৰেন্ট। কিন্তু সেই দোকানসমূহৰ সন্মুখত বহি কোনো লোকেই খাব নোৱাৰিব।
  • তাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰি ঘৰলৈ নি খাব লাগিব।
  • ইফালে, সকলো ধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খুলিব পাৰিব ৪ মে’ৰ পৰা। এই কাৰ্যালয়সমূহত ৫০ শতাংশহে কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।
  •  বিউটি পাৰ্লাৰ, চেলুন আদি খুলিব নোৱাৰিব । নাপিতে ঘৰে ঘৰে গৈ চুলি কাটিব পাৰিব ।
For More Updates Visit Our News Site - Assam News Live

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close