দুৰ্যোগৰ সময়ত সাহাৰ্য নে ৰাজনীতি? ৰাহুল গান্ধীৰ ফটো থকা মোনাত সাহাৰ্য বিতৰণ ৰকিবুল হুছেইনৰ ! - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, April 16, 2020

দুৰ্যোগৰ সময়ত সাহাৰ্য নে ৰাজনীতি? ৰাহুল গান্ধীৰ ফটো থকা মোনাত সাহাৰ্য বিতৰণ ৰকিবুল হুছেইনৰ !

বিশ্বৰ চাৰিওফালে এতিয়া মহামাৰী covid 19 ৰ বাবে আতংকময় পৰিবেশ। লকডাউনৰ বাবে ৰাইজৰ মাজত খাদ্যৰ সংকতেও দেখা দিছে । ‌কিন্তু এই সময়তো যেন সুবিধা লবলৈ এৰা নাই এচাম ৰাজনৈতিক নেতাই। ৰাজ্যৰ দৰিদ্ৰ লোকক সাহাৰ্য্য বিলোৱাৰ নামত চলাইছে দলৰ প্ৰচাৰ। এনে ৰাজনৈতিক নেতাৰে যেন পৰিচয় তুলি ধৰিছে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে! লক ডাউনৰ বাবে চামগুৰি সমষ্টিত খাদ্য সংকটত পৰা দৰিদ্ৰ ৰাইজক সাহাৰ্য বিলোৱাত ব্যস্ত ৰকিবুল হুছেইন।  ৰকিবুল হুছেইনে‌ দৰিদ্ৰ ৰাইজক আগবঢ়াইছে খাদ্য সামগ্ৰীৰ টোপোলা। আনকি বিহুৰ দিনা চিৰা,মিঠৈ,দৈ আদিও বিতৰণ কৰিছে বিধায়ক ৰকিবুল হুছেইনে। এইক্ষেত্ৰত প্ৰশংসনীয় কামেই কৰিছে তেওঁ।

কিন্তু প্ৰাক্তন মন্ত্ৰীজনে শেহতীয়াকৈ সাহাৰ্য সামগ্ৰীৰ লগত দিয়া এখন পোষ্টাৰ আৰু কেইটামান বিশেষ মোনা এতিয়া বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি সকলৰ ছবি থকা পোষ্টাৰ আৰু মোনা বিতৰণ কৰিছে ৰকিবুল হুছেইনে। চামগুৰি সমষ্টিৰ হিন্দু বসতিপ্ৰধান অঞ্চলত পোষ্টাৰ বিলোৱাৰ বিপৰীতে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আৰু এখোপ ওপৰলৈ গৈ পোষ্টাৰৰ লগতে বিতৰণ কৰে ৰাহুল গান্ধী আৰু ৰকিবুল হুছেইন ফটো সংকলিত মোনা। একপ্ৰকাৰে এই দুৰ্যোগৰ সময়তে ৰকিবুল হুছেইনে নিজৰ সুবিধাবাদী চৰিত্ৰ উদঙাই ৰাইজৰ মাজত সাহাৰ্য্য বিতৰণৰ অচিলা লৈ ভোট ক্ৰয় কৰাৰ চেষ্টা কৰিছে বুলি চৰ্চা চলিছে সচেতন মহলত ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close