ৰাজ্যত শেহতীয়াকৈ বিভিন্ন জিলাত মণ্ডলৰ চাকৰি মুকলি হৈছে । কিন্তু এই চাকৰিসমূহত প্ৰাৰ্থীসকল মেট্ৰিক/ হায়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণৰ উপৰিও ৬ মহীয়া Land Records & Surveys কৰ্ছ থকাতো বাধ্য়তামূলক কৰিছে । তেনেস্থলত আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ আহি পৰিছে । Director of Land Records & Surveys, অসমে শেহতীয়াকৈ ৬ মহীয়া Land Records & Surveys কৰ্ছ মুকলি কৰিছে । এই কৰ্ছ সম্পুৰ্ণ কৰিলেই আপোনাৰ মণ্ডল হোৱাৰ পথ সহজ হৈ পৰিব । কিদৰে এই ৬ মহীয়া Land Records & Surveys কৰ্ছত আবেদন কৰিব সেইয়া আজি আমি জনাম ।
কৰ্ছৰ নাম -
Land Records & Surveys কৰ্ছ (৬ মহীয়া)
শিক্ষাগত অৰ্হতা -
মেট্ৰিক পাছ / দশম মান
বয়স-
১৮ বছৰ পৰা ২৯ বছৰ
আবেদনৰ অন্তিম দিন -
২০ ফেব্ৰুৱাৰী, ২০২০
লগতে পঢ়ক- GMCHত মুকলি ফৰ্থ গ্ৰেডৰ ২১৯ টা পদত চাকৰি - অৰ্হতা ৮ মান/ দশম মান
কিদৰে আবেদন কৰিব -
যিসকল আবেদন কৰিব বিচাৰে তেওলোকে ২ কপি পাছপৰ্ট ফটো , Self Attested পাছ চাৰ্টিফেকেট আৰু মাৰ্কছিটৰ লগতে অন্য়ান্য় সংলগ্ন চাৰ্টিফিকেটসমূহ আৰু Assam (Gazette Part-IX) standard form of application ৰ সৈতে 25cm X 11 cm চাইজৰ এনভলভ ভৰাই নিজৰ নিজৰ জিলাৰ Deputy Commissioners (DC) অফিচলৈ পঠিয়াব লাগিব । এনভলভৰ ওপৰত Application for Recorders’ Certificate Class Course Training বুলি লিখি দিব ।
কিদৰে নিৰ্বাচন কৰা হব-
আবেদনকাৰী প্ৰাৰ্থীসকলৰ মাজত এক পৰীক্ষা অনুষ্ঠিত হব । এই পৰীক্ষাসমূহ জিলা head quarters ত অনুষ্ঠিত হব । প্ৰশ্নকাকত (a) Arithmetic(b) General Knowledge &(c) Assamese & Bengali language বিষয়ৰ ওপৰত হব আৰু দশম মান Standardত প্ৰশ্নকাকত কটা হব ।
ধুনীয়া সুবিধা উপযুক্ত সকলে নিশ্চয় চেষ্টা কৰক।
ReplyDeleteএডমিট কার্ডবোৰ কত পীম
ReplyDeleteসুন্দৰ
ReplyDelete