কাছাৰখন অসমৰ বাবে বোজা --জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তী - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, July 9, 2018

কাছাৰখন অসমৰ বাবে বোজা --জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তী

বিতৰ্কিত মন্তব্যৰ বাবে জনাজাত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে শেহতীয়াকৈ আগবঢ়াইছে আন এক বিতৰ্কমূলক মন্তব্য । এইবাৰ আমাৰ অসমক কেইবাটাও খণ্ডত বিভক্ত কৰাৰ পৰামৰ্শ আগ বঢ়াইছে বিতৰ্কিত জ্যেষ্ঠ সাংবাদিকজনে। 

                                     

বড়োলেণ্ডক পৃথক ৰাজ্যৰ মৰ্যদা দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কৈ জ্যেষ্ঠ সাংবাদিকজনে কয় যে  “মই নিজে কাছাৰকে ধৰি বৰাক উপত্যকাৰ তিনিখন জিলা অসমৰ পৰা যাব লাগে বুলি ভাবো। কাছাৰখন অসমৰ বাবে এটা আহুকাল আৰু এটা বোজা। আৰু যি পাহাৰী জিলা, বিশেষকৈ উত্তৰ কাছাৰত অসমীয়া ভাষা নচলে, তাত আগৰ যিসকল কছাৰী মানুহ আছিল সেইসকলে এতিয়া হিন্দী কয়, অসমীয়া নকয়। সেই কাৰণে মই ভাবিছো উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙো অসমৰ পৰা গ’লে অসমৰ কোনো ক্ষতি নহয়। আমি একেলগে থাকি দন-হাই কৰি আমাৰ শত্ৰুতা বঢ়োৱাতকৈ নিলগে নিলগে থাকি বন্ধু হোৱা উচিত।” এইদৰে কয় চক্ৰবৰ্তীয়ে। 


ইয়াৰ উপৰিও  তেওঁ নামনি অসমৰ বংগমূলীয় মুছলমান মানুহখিনিৰ অসমপ্ৰেম সম্পৰ্কত কোনো সন্দেহ নাই বুলি কৈ আহোমসকলৰ দৰে তেওঁলোকো অসমীয়া হৈ পৰিব বুলি মন্তব্য কৰে 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close