মহিলাৰ সৈতে নৈশ যাপন কৰি গ্ৰেপ্তাৰ অসম সন্তান মেজৰ গগৈ। - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, May 23, 2018

মহিলাৰ সৈতে নৈশ যাপন কৰি গ্ৰেপ্তাৰ অসম সন্তান মেজৰ গগৈ।

মহিলাৰ সৈতে  নৈশ যাপন কৰি গ্ৰেপ্তাৰ অসম সন্তান মেজৰ গগৈ: কিছুদিন আগতে মানৱ ধাল হিচাপে কাশ্মীৰী যুৱকক ব্য়ৱহাৰ কৰি সমালোচনাৰ সন্মূখীন হোৱা মেজৰ লিটুল গগৈৰ এটা বিশষ কাণ্ডই সকলোৰে চকু কপালত উঠাইছে | উল্লেখযোগ্য় যে কাশ্মীৰৰ স্থানীয় এজন সাংবাদিকে টুইট কৰি মহিলাৰ সৈতে নৈশ যাপন কৰি অসম সন্তান মেজৰ গগৈ গ্ৰেপ্তাৰ হৈছে বুলি দাবী কৰিছে | 

কাশ্মীৰ বুডগাম অঞ্চলত সেনা হিচাপে কৰ্মৰত হৈ থকা গগৈ যোৱা নিশা দলগেটৰ মমতা হোটেলত এগৰাকী মহিলাৰ সৈতে নৈশ যাপন কৰাৰ অভিযোগ উঠিছে |ইতিমধ্য়ে সাংবাদিকজনে টুইটাৰত হোটেলখনৰ বিলৰ ফটো প্ৰমান হিচাপে দিয়াত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে |ইয়াৰ উপৰিও OUTLOOK নামৰ আলোচনী খনে দাবী কৰা অনুসৰি অাৰক্ষী মেজৰ লিটুল গগৈ আৰু মহিলাগৰাকীক সোধপোচ আৰম্ভ কৰিছে |


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close