হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ নাহিদ: অৱশেষত জল্পনা কল্পনাৰ পেলাই আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল | আজিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ | পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৩৭,৫৭০ পৰিক্ষাৰ্থী | এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ আছিল জনপ্ৰিয় কণ্ঠশিল্পী নাহিৰ আফ্ৰিনৰ ওপৰত | কাৰণ আন সকলোৰে দৰে নাহিদ আফ্ৰিনেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল |
সকলোকে আশাহত নকৰি নাহিদেও ভাল ফলাফল দেখুৱাব সক্ষম হ'ল | বিশ্বনাথৰ বাসিন্দা নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰি লিটল ষ্টাৰ হাইস্কুলৰ পৰা ৯১.৫% নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়। আমাৰ তৰফৰ পৰা নাহিদৰ উজ্জ্বল ভৱিষ্য়ত কামনা কৰিলো।
No comments:
Post a Comment