বিৰাট কোহলিৰ চেলেঞ্জ গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ: ছচিয়েল মিডিয়াত কিছুদিন আগতে কঠোৰ শাৰীৰিক অনুশীলনৰ এটা ভিডিঅ’ টুইটাৰত আপলোড কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ।
ভিডিঅ আপলড কৰি কোহলিয়ে সেই শাৰীৰিক অনুশীলন কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু পত্নী অনুষ্কা শৰ্মাক।
ভিডিঅ আপলড কৰি কোহলিয়ে সেই শাৰীৰিক অনুশীলন কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু পত্নী অনুষ্কা শৰ্মাক।
উল্লেখযোগ্য এই যে,মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰে এই প্ৰত্যাহ্বান জনাইছিল বিৰাট কোহলিক। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কোহলিৰ এই ভিডিঅ’টো। কোহলিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মোদীয়ে শীঘ্ৰে এই শীৰিৰক অনুশীলনৰ ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব বুলি টুইটাৰযোগে প্ৰকাশ কৰিছে।এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ মাথো প্ৰধানন্ত্ৰীৰ সেই বিশেষ ভিডিঅটোৰ ওপৰত ।
No comments:
Post a Comment