পুন: বিতৰ্কিত মন্তব্য জুবিনৰ ! - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 29, 2018

পুন: বিতৰ্কিত মন্তব্য জুবিনৰ !

নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা কৰি বিতৰ্কিত মন্তব্য দিয়া জুবিন গাৰ্গৰ সেহতীয়া কেইটামান মন্তব্ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে | কামাখ্যাৰ বিহুমঞ্চত নিশা সংগীতানুষ্ঠানত অংশ লৈ জুবিনে পোনপটীয়াকৈ বিৰোধ কৰিলে বলি-বিধানৰ।


কামাখ্যাত মহ বলি বন্ধ কৰক : উল্লেখযোগ্য় এই যে কামাখ্যা দৰ্শন কৰি বলিউদ অভিনেতা গোবিন্দাই মহ বলি দিয়া কাৰ্যৰ বিৰোধীতা কৰি জুবিনে কয় যে বলি কিয় লাগে আচলতে আমি নিজকহে বলি  দিব লাগে । কামাখ্যা মাই কেতিয়াও বলি নিবিচাৰে । বলি বন্ধ হব লাগে ।

মই ব্ৰাহ্মণ হৈয়ো লগুন ছিঙি দিলো: কাঞ্চনজংঘা উলালে সকলো বামুনে মোক বেয়া পাব | মই বামুন কিন্তু মই লগুণ কেতিয়াবাই ছিঙি দিলো । কাঞ্চনজংঘাত দেখুৱাইছো কিয় লগুণ ছিঙে ! বামুন হবলৈ নটা গুণৰ অধিকাৰী হব লাগিব ।বংশানুক্ৰমে লগুণ নাপায় । লগুণ একো একোখন মানপত্ৰহে ।

কামাখ্যাত মই 'ইয়া আলী' গাও: মই কামাখা মন্দিৰত থাকিও ইয়া আলী গাইছো । গানৰ কোনো জাতি নাই, ধৰ্ম নাই ।

ইফলাে জুবিনে কৰা এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে একাংশ ৰাইজ । বিভিন্ন লোকে তেখেতক এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈও দাবী জনাইছে । ক্ষমা নুখুজিলে শক্তিপীঠত জুবিনৰ প্ৰৱেশ নিষিদ্ধ। কামাখ্যাত পুৰণি দিনৰ পৰা যি ধৰণে পূজা পাতল বা বলি বিধান চলি আহিছে সেয়া চলি থাকিব। ধৰ্মক লৈ বিহুৰ অনুষ্ঠানত মন্তব্য কৰা সমীচিন নহয় বুলি মন্তব্য ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close